প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কালি বাৰাণসীত বাবা বিশ্বনাথ ধামৰ উদ্বোধনৰ পিছত তেওঁৰ ব্যস্ততা অব্যাহত আছে। তাত তেওঁ পূজা দিয়ে আৰু গঙ্গাত পূণ্যস্নান কৰে। পিছত, সন্ধিয়া প্রধানমন্ত্রীয়ে গঙ্গা আৰতিতো অংশগ্ৰহণ কৰে।
গঙ্গা আৰতি সম্পর্কে প্রধানমন্ত্রীয়ে ট্যুইট কৰি কৈছে, কাশীৰ আৰতিয়ে সর্বদা নতুন শক্তিৰে হৃদয়ক পূর্ণ কৰি তোলে। তেওঁ কয়, “গঙ্গা আৰতিয়ে সর্বদা অভ্যন্তৰীণ আত্মাক নতুন শক্তিৰে পূর্ণ কৰে। আজি কাশীৰ বৃহৎ স্বপ্ন পূৰণ কৰাৰ পিছত দশাশ্মমেধ ঘাটত গঙ্গা আৰতিত অংশগ্ৰহণ কৰি মা গঙ্গাক প্রণাম কৰিছো। নমামী গঙ্গে তব পদ পঙ্কজম।”
পিছত, প্রধানমন্ত্রীয়ে মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রীৰ সৈতে দীর্ঘ সময় বৈঠক কৰে।
প্রধানমন্ত্রীয়ে এটা ট্যুইটত কৈছে, “এইমাত্র @বিজেপি৪ইন্ডিয়া মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রীৰ সৈতে কাশীত দীর্ঘ সময়ৰ বৈঠক শেষ কৰিছো।”
প্রধানমন্ত্রীয়ে কাশীত গুৰুত্বপূর্ণ উন্নয়নমূলক কামকাজ পৰিদর্শন কৰিছে। এটা ট্যুইটত তেওঁ জনাইছে, “কাশীত গুৰুত্বপূর্ণ উন্নয়নমূলক কামকাজ পৰিদর্শন কৰিছো। এই পবিত্র চহৰৰ বাবে সম্ভাব্য সর্বোত্তম পৰিকাঠামো তৈয়াৰত মই সকলোধৰণৰ প্রয়াস চলাম।”
প্রধানমন্ত্রীয়ে ৰে’ল ষ্টেচন পৰিদর্শন কৰে। তেওঁ কয়, “পিছৰ ষ্টপেজ …. বেনাৰস ষ্টেচন। আমি ৰে’ল সংযোগ বঢ়োৱাৰ সমান্তৰালকৈ, পৰিচ্ছন্ন, আধুনিক আৰু যাত্রী-বান্ধব ৰে’ল ষ্টেচন নিশ্চিত কৰিবলৈ কাম কৰিছো।”
গভীৰ নিশা উন্নয়নমূলক প্রকল্প পৰিদর্শন কৰা প্রধানমন্ত্রীৰ কামৰ ধৰণ। সাধাৰণ মানুহৰ যাতে ন্যূনতম অসুবিধা নহয়, সেই দিশতো ধ্যান দিয়া হয়। তেওঁ উৎসাহী মানুহৰ সৈতে সাক্ষাৎ কৰে। ইয়াৰ পৰাই বুজা যায় যে, প্রধানমন্ত্রীৰ প্রতি সাধাৰণ মানুহৰ কিমান উৎসাহ আৰু ভালপোৱা আছে। এই পৰিদর্শনৰ সময়ত স্থানীয় সাংসদ সদস্যও উপস্থিত আছিল।
***
DS
काशी की गंगा आरती हमेशा अंतर्मन को नई ऊर्जा से भर देती है।
— Narendra Modi (@narendramodi) December 13, 2021
आज काशी का बड़ा सपना पूरा होने के बाद दशाश्वमेध घाट पर गंगा आरती में शामिल हुआ और मां गंगा को उनकी कृपा के लिए नमन किया।
नमामि गंगे तव पाद पंकजम्। pic.twitter.com/pPnkjmgzxa
Just concluded an extensive meeting in Kashi with @BJP4India Chief Ministers and Deputy Chief Ministers. pic.twitter.com/UCUsMndhwW
— Narendra Modi (@narendramodi) December 13, 2021
Inspecting key development works in Kashi. It is our endeavour to create best possible infrastructure for this sacred city. pic.twitter.com/Nw3JLnum3m
— Narendra Modi (@narendramodi) December 13, 2021
Next stop…Banaras station. We are working to enhance rail connectivity as well as ensure clean, modern and passenger friendly railway stations. pic.twitter.com/tE5I6UPdhQ
— Narendra Modi (@narendramodi) December 13, 2021