পি এম ইণ্ডিয়া
নমস্কাৰ!
চীফ জাষ্টিচ এন ভি ৰমন্না জী, জাষ্টিচ ইউ ইউ ললিত জী, আইন মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, জাষ্টিচ ডি ৱাই চন্দ্ৰচূড় জী, এটৰ্নী জেনেৰেল শ্ৰী কে কে বেণুগোপাল জী, ছুপ্ৰিম ক’ৰ্ট বাৰ এছোচিয়েচনৰ অধ্যক্ষ শ্ৰী বিকাশ সিংহ জী, আৰু দেশৰ ন্যায় ব্যৱস্থাৰে জড়িত দেৱী আৰু সুধীসমাজ!
আজি পুৱা মই বিধায়িকা আৰু কাৰ্যপালিকাৰ বন্ধুসকলৰ সৈতে আছিলো। আৰু এতিয়া ন্যায়পালিকাৰে জড়িত আপোনালোক সকলো বিদ্বানৰ মাজত আছো। আমি সকলোৰে বেলেগ বেলেগ ভূমিকা, বেলেগ বেলেগ দায়িত্ব, আৰু কাম কৰাৰ পদ্ধতিও বেলেগ বেলেগ হ’ব পাৰে, কিন্তু আমাৰ আস্থা, প্ৰেৰণা আৰু শক্তিৰ স্ৰোত একেই- আমাৰ সংবিধান! মই আনন্দিত যে আজি আমাৰ এই সামূহিক ভাবনা সংবিধান দিৱসত এই আয়োজনৰ ৰূপত ব্যক্ত হৈ আছে, আমাৰ সাংবিধানিক সংকল্পক শক্তিশালী কৰি আছে। এই কামৰ সৈতে জড়িত সকলো লোক, অভিনন্দনৰ অধিকাৰী।
মাননীয়,
স্বাধীনতাৰ বাবে জীৱন-মৰণ বৰণ কৰা লোকসকলে যি সপোন দেখিছিল, সেই সপোনৰ প্ৰকাশত, আৰু হাজাৰ হাজাৰ বছৰৰ ভাৰতৰ মহান পৰম্পৰাক সংযোগ কৰি আমাৰ সংবিধান নিৰ্মাতাসকলে আমাক সংবিধান দিলে। বহু বছৰৰ দাসত্বই ভাৰতক অনেক বিপদৰ মাজলৈ ঠেলি দিছিল। কোনোবা যুগত সোণৰ জখলা বুলি কোৱা ভাৰতে দৰিদ্ৰতা, অনাহাৰ আৰু ৰোগৰ সৈতে যুঁজি আছিল। এই পৃষ্ঠভূমিত, দেশক আগবঢ়াই নিয়াত সংবিধানে সদায় আমাক সহায় কৰি আছে। কিন্তু আজি পৃথিৱীৰ অন্য দেশসমূহৰ তুলনাত চালে, তেন্তে যি দেশ ভাৰতৰ প্ৰায় লগতে স্বাধীন হৈছিল, সেইবোৰ আজি আমাতকৈ যথেষ্ট আগত আছে। অৰ্থাৎ এতিয়াও বহুত কিবা কৰিবলৈ বাকী আছে, আমি একত্ৰিতভাৱে লক্ষ্যত উপনীত হ’ব লাগিব। আমি সকলোৱে জানো যে আমাৰ সংবিধানত Inclusionৰ ওপৰত কিমান জোৰ দিয়া হৈছে। কিন্তু এইটোও সঁচা যে স্বাধীনতাৰ ইমান দশকৰ পিছতো বৃহৎ সংখ্যাত দেশৰ মানুহে exclusionক ভূগিবলৈ নিৰুপায় হৈছে। সেই কোটি কোটি মানুহ, যাৰ ঘৰত শৌচালয় পৰ্যন্ত নাছিল, সেই কোটি কোটি মানুহ, যি বিজুলিৰ অভাৱত আন্ধাৰতে নিজৰ জীৱন অতিবাহিত কৰি আছিল, সেই কোটি কোটি মানুহ, যাৰ জীৱনৰ সবাতোকৈ ডাঙৰ সংঘৰ্ষ, ঘৰৰ বাবে অলপ পানী যোগাৰ কৰাটো আছিল, তেওঁলোকৰ কষ্ট, তেওঁলোকৰ দুখ উপলব্ধি কৰি, তেওঁলোকৰ জীৱন সহজ কৰি তুলিবলৈ নিজক সঁপি দিয়াটো, মই সংবিধানৰ আচল সন্মান বুলি ভাবো। আৰু সেয়ে, আজি মই সন্তোষ পাইছো যে দেশত সংবিধানৰ এই মূল ভাবনাৰ অনুৰূপ, exclusionক inclusionলৈ সলনি কৰাৰ ভাগীৰথ অভিযান দ্ৰুতগতিত চলি আছে। আৰু ইয়াৰ সবাতোকৈ ডাঙৰ লাভ কি হৈছে, এইটোও আমি বুজিব লাগিব। যি ২ কোটিৰো অধিক দুখীয়াই আজি নিজৰ পকা ঘৰ পাইছে, যি ৮ কোটিৰো অধিক দুখীয়া পৰিয়ালে উজ্জ্বলা যোজনাৰ জৰিয়তে বিনামূল্যে গেছ কানেকচন পাইছে, যি ৫০ কোটিৰো অধিক দুখীয়াৰ ডাঙৰতকৈও ডাঙৰ হাস্পতালত ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সুনিশ্চিত হৈছে, যি কোটি কোটি দুখীয়াই প্ৰথমবাৰ বীমা আৰু পেন্সনৰ দৰে বুনিয়াদী সুবিধাৱলী লাভ কৰিছে, সেই দুখীয়াসকলৰ জীৱনৰ বহুত ডাঙৰ চিন্তা কম হৈছে, এই যোজনাবিলাক তেওঁলোকৰ বাবে ডাঙৰ সম্বল হৈছে। এই কৰোণা কালতে যোৱা কেইবামাহৰ পৰা ৮০ কোটিৰো অধিক লোকক বিনামূলীয়া শস্য সুনিশ্চিত কৰা হৈছে। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ ওপৰত চৰকাৰে ২ লাখ ৬০ হাজাৰ কোটি টকাৰো অধিক খৰচ কৰি দুখীয়াসকলক বিনামূলীয়া শস্য দি আছে। এতিয়া কালিয়ে আমি এই যোজনাক অহা বছৰ মাৰ্চলৈকে বঢ়াই দিছো। আমাৰ যি Directive Principlesয়ে কয় – “Citizens, men and women equally, have the right to an adequate means of livelihood” সেয়া এই ভাবনাৰেই তো প্ৰতিবিম্ব। আপোনালোক সকলোৱে এই কথা মানিব যে যেতিয়া দেশৰ সাধাৰণ মানুহ, দেশৰ দুখীয়া, বিকাশৰ মুখ্য আধাৰৰ সৈতে সংযুক্ত হয়, যেতিয়া তেওঁলোকে equality আৰু equal opportunity লাভ কৰে, তেতিয়া তেওঁলোকৰ পৃথিৱী সম্পূৰ্ণৰূপে সলনি হৈ যায়। যেতিয়া পদপথৰ দোকানী, ঠেলাৱালাও বেংক ক্ৰেডিটৰ ব্যৱস্থাৰে সংযুক্ত হয়, তেতিয়া তেওঁলোকৰো ৰাষ্ট্ৰ নিৰ্মাণত অংশগ্ৰহণৰ অনুভৱ হয়। যেতিয়া দিব্যাংগসকলক মনত ৰাখি পাব্লিক প্লেচেছ, পাব্লিক ট্ৰেন্সপ’ৰ্ট আৰু অন্য সুবিধাৰ নিৰ্মাণ হয়, যেতিয়া তেওঁলোকে স্বাধীনতাৰ ৭০ বছৰৰ পিছত প্ৰথমবাৰ কমন ছাইন লেংগুৱেজ লাভ কৰে, তেতিয়া তেওঁলোকৰ আত্মবিশ্বাস জাগে। যেতিয়া ট্ৰেন্সজেণ্ডাৰে আইনী সংৰক্ষণ লাভ কৰে, ট্ৰেন্সজেণ্ডাৰে পদ্ম পুৰস্কাৰ লাভ কৰে, তেওঁলোকৰো সমাজৰ ওপৰত, সংবিধানৰ ওপৰত আস্থা আৰু শক্তিশালী হয়। যেতিয়া তিনি তালাকৰ দৰে কু ৰীতিৰ বিৰুদ্ধে কঠোৰ আইন প্ৰস্তুত হয়, তেতিয়া সেই ভগ্নী-কন্যাসকলৰ সংবিধানৰ ওপৰত ভৰসা আৰু শক্তিশালী হয়, যি সকলোপ্ৰকাৰে বিশ্বাসহীন হৈ পৰিছিল।
মহানুভৱ,
সবকা সাথ-সবকা বিকাশ, সবকা বিশ্বাস-সবকা প্ৰয়াস, এয়া সংবিধানৰ ভাবনাৰ সবাতোকৈ শক্তিশালী প্ৰকটীকৰণ। সংবিধানৰ বাবে সমৰ্পিত চৰকাৰে বিকাশত ভেদ নকৰে আৰু এয়া আমি কৰি দেখুৱাইছো। আজি দুখীয়াতকৈ দুখীয়ায়ো কোৱালিটী ইনফ্ৰাষ্ট্ৰাকচাৰলৈকে সেই এক্সেছেই পাই আছে, যি আগতে সম্পদশালী লোকৰ মাজতে সীমাবদ্ধ আছিল। আজি লাডাখ, আণ্ডামান আৰু নিকোবাৰ, নৰ্থ ইষ্টৰ বিকাশৰ ওপৰতো দেশৰ সিমানেই ফোকাচ আছে, যিমান দিল্লী আৰু মুম্বাইৰ দৰে মেট্ৰো চহৰৰ ওপৰত আছে। কিন্তু এই সকলোৰে মাজত মই আৰু এটা কথাৰ প্ৰতি আপোনালোকৰ মনোযোগ আকৰ্ষণ কৰিম। আপোনালোকেও নিশ্চয় অনুভৱ কৰিছে যে যেতিয়া চৰকাৰে কোনো এটা বৰ্গৰ বাবে, যেতিয়া কোনো এটা সৰু অংশৰ বাবে কিবা কৰে, তেতিয়া বহুত উদাৰবাদী বুলি কোৱা হয়, তাৰ বহুত প্ৰশংসা হয়। যে চোৱা তেওঁলোকৰ বাবে কিবা কৰিছে, কিন্তু মই হাইৰান হওঁ কেতিয়াবা কেতিয়াবা আমি দেখোঁ যে কোনো চৰকাৰে এখন ৰাজ্যৰ বাবে কিবা কৰিলে, ৰাজ্যখনৰ ভাল হওক, তেতিয়া বহুত বাঃ বাঃ কৰে। কিন্তু যেতিয়া চৰকাৰে সকলোৰে বাবে কৰে, প্ৰত্যেক নাগৰিকৰ বাবে কৰে, প্ৰত্যেক ৰাজ্যৰ বাবে কৰে, তেতিয়া তাক সিমান মহত্ব দিয়া নহয়। যোৱা সাত বছৰত আমি ভেদ ভাব নৰখাকৈ, পক্ষপাত নকৰাকৈ, বিকাশক প্ৰতিজন ব্যক্তি, প্ৰত্যেক বৰ্গ আৰু দেশৰ প্ৰতিটো কোণলৈকে পোৱাৰ প্ৰয়াস কৰিছো। এই বছৰ ১৫ আগষ্টত মই গৰীব কল্যাণৰ সৈতে জড়িত যোজনাৰ ছেচুৰেচনৰ কথা কওঁ আৰু ইয়াৰ বাবে আমি মিছন মোডত একত্ৰিতও হৈছো। সৰ্বজন হিতায়, সৰ্বজন সুখায়, এই মন্ত্ৰ লৈ কাম কৰাৰ আমাৰ প্ৰয়াস। আজি ইয়াৰ জৰিয়তে দেশৰ ছবি কেনেকৈ সলনি হৈছে, আমি শেহতীয়া National Family Health Survey reportতো দেখিবলৈ পোৱা গৈছে। এই ৰিপ’ৰ্টৰ বহুত তথ্যই এই কথা প্ৰতিপন্ন কৰে যে যেতিয়া সততাৰে প্ৰয়াস কৰা হয় তেতিয়া, সুখকৰ পৰিণাম অৱশ্যেই আহে। Gender Equalityৰ কথা যদি কোৱা হয় তেন্তে এতিয়া পুৰুষৰ তুলনাত কন্যাৰ সংখ্যা বাঢ়ি আছে। গৰ্ভৱতী মহিলাই হাস্পতালত ডেলিভাৰীৰ অধিক সুযোগ পাই আছে। এই কাৰণেই মাতৃৰ মৃত্যুৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰ, কম হৈ আছে। আৰু বহুতো ইণ্ডিকেটৰ এনেকুৱা আছে যাৰ ওপৰত আমি এখন দেশ হিচাপে বহুত ভাল কৰি আছো। এই সকলো ইণ্ডিকেটৰছত প্ৰতিটো পাৰচেণ্টেজ পইণ্টৰ বৃদ্ধি কেৱল এটা পৰিসংখ্যা নহয়। এয়া কোটি কোটি ভাৰতীয়ই পাই থকা তেওঁলোকৰ অধিকাৰৰ প্ৰমাণ। এয়া বহুত আৱশ্যকীয় যে জন কল্যাণৰ সৈতে জড়িত যোজনাৰ সম্পূৰ্ণ লাভ জনসাধাৰণে পাওক, ইনফ্ৰাষ্ট্ৰাকচাৰেৰে জড়িত পৰিকল্পনাসমূহ সময়মতে সম্পূৰ্ণ হওক। কোনো কাৰণতে হোৱা অনাৱশ্যকীয় পলমে নাগৰিকক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখে। মই গুজৰাটৰ বাসিন্দা, সেয়ে মই চৰদাৰ সৰোবৰ ডেমৰ উদাহৰণ দিব বিচাৰো। চৰদাৰ পেটেলে মা নৰ্মদাৰ ওপৰত এনেকুৱা ডেমৰ সপোন দেখিছিল। পণ্ডিত নেহৰুৱে ইয়াৰ শিলান্যাস কৰিছিল। কিন্তু এই পৰিকল্পনা কেইবাদশক ধৰি অপপ্ৰচাৰত ওলমি থাকিল। ন্যায়ালয়লৈকে এই সন্দৰ্ভত নিৰ্ণয় লোৱাত ইতঃস্তত কৰি থাকিল। ৱৰ্ল্ড বেংকেও ইয়াৰ বাবে পইচা দিবলৈ মানা কৰি দিছিল। কিন্তু সেই নৰ্মদাৰ পানীৰেই কচ্ছত যি বিকাশ হ’ল, বিকাশৰ কাম হ’ল, আজি হিন্দুস্তানৰ দ্ৰুতগতিত আগবাঢ়ি থকা districtৰ ভিতৰত কচ্ছ জিলা আছে। কচ্ছ তো এক প্ৰকাৰৰ ৰেগিস্তানৰ নিচিনা এলেকা, দ্ৰুতগতিত বিকশিত হোৱা ক্ষেত্ৰত ইয়াৰ স্থান হৈ গ’ল। এসময়ত ৰেগিস্তান হিচাপে জনাজাত কচ্ছ, পলায়নৰ বাবে পৰিচিত হোৱা কচ্ছ, আজি এগ্ৰো-এক্সপ’ৰ্টৰ বাবে নিজৰ পৰিচয় গঢ়ি তুলিছে। ইয়াতকৈ ডাঙৰ গ্ৰীণ এৱাৰ্ড কি হ’ব পাৰে?
মাননীয়,
ভাৰতৰ বাবে, আৰু বিশ্বৰ অনেক দেশৰ বাবে, আমাৰ অনেক প্ৰজন্মৰ বাবে, উপনিবেশবাদৰ হাতোৰাত বন্দী হৈ জীয়াই থকাটো এক মজবুৰী আছিল। ভাৰতৰ স্বাধীনতাৰ সময়ৰ পৰা, সমগ্ৰ বিশ্বত এক post-Colonial কালখণ্ড আৰম্ভ হয়, অনেক দেশ স্বাধীন হয়। আজি সমগ্ৰ বিশ্বতে কোনো দেশ এনেকুৱা নাই যি প্ৰকট ৰূপত কোনো অন্য দেশৰ উপনিবেশৰ ৰূপত exist কৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে উপনিবেশবাদী মানসিকতা, Colonial Mindset সমাপ্ত হৈ গ’ল। আমি দেখি আছো যে এই মানসিকতাই অনেক বিকৃতিৰ জন্ম দি আছে। ইয়াৰ সবাতোকৈ স্পষ্ট উদাহৰণ আমি বিকাশশীল দেশৰ বিকাশ যাত্ৰাত আহি থকা বাধাত দেখা পাইছো। যিবোৰ সম্পদৰ জৰিয়তে, যি পথেৰে খোজ দি, বিকশিত বিশ্ব আজিৰ লক্ষ্যত উপনীত হৈছে, আজি সেই সম্পদ, সেই পথ, বিকাশশীল দেশৰ বাবে বন্ধ কৰি দিয়াৰ প্ৰয়াস কৰি থকা হৈছে। যোৱা দশকবিলাকত ইয়াৰ বাবে বেলেগ বেলেগ প্ৰকাৰৰ শব্দাৱলীৰ জাল ৰচা হৈছে। কিন্তু উদ্দেশ্য এটাই- বিকাশশীল দেশৰ প্ৰগতি স্তব্ধ কৰা। আজিকালি আমি দেখা পাওঁ, যে পৰিবেশৰ বিষয়কো এই কামৰ বাবে হাইজেক কৰাৰ প্ৰয়াস হৈ আছে। কেইসপ্তাহ মানৰ আগতে আমি COP-26 ছামিটত ইয়াৰ জীৱন্ত উদাহৰণ দেখিলো। যদি absolute cumulative emissionsৰ কথা কওঁ, তেন্তে, বিকশিত দেশসমূহে মিলি ১৮৫০ৰ পৰা এতিয়ালৈকে, ভাৰততকৈ ১৫গুণ বেছি উৎসৰ্জন কৰিছে। যদি আমি per capita basisৰ কথা কওঁ তেতিয়াও বিকশিত দেশসমূহে ভাৰতৰ তুলনাত ১৫গুণ বেছি উৎসৰ্জন কৰিছে। আমেৰিকা আৰু ইউৰোপীয় সংঘই মিলি ভাৰতৰ তুলনাত ১১গুণ অধিক absolute cumulative emission কৰিছে। ইয়াতো per capita basisক আধাৰ হিচাপে যদি লোৱা হয় তেতিয়াও আমেৰিকা আৰু ইউৰোপীয় সংঘই ভাৰতৰ তুলনাত ২০গুণ অধিক উৎসৰ্জন কৰিছে। তথাপি আজি, আজি আমি গৰ্বিত যে ভাৰত যাৰ সভ্যতা আৰু সংস্কৃতিতেই প্ৰকৃতিৰ সৈতে জীয়াই থকাৰ প্ৰবৃত্তি আছে, য’ত শিলত, বৃক্ষত, আৰু প্ৰকৃতিৰ কণে কণে, য’ত শিলত ভগৱান দেখা যায়, তাৰ স্বৰূপ দেখা যায়, য’ত পৃথিৱীক মাতৃৰ ৰূপত পূজা কৰা হয়, সেই ভাৰতক পৰিবেশ সংৰক্ষণৰ উপদেশ শুনোৱা হয়। আৰু আমাৰ বাবে এই মূল্য কেৱল কিতাপৰ নহয়, কিতাপৰ কথা নহয়। আজি ভাৰতত Lion, Tiger, Dolphin আদিৰ সংখ্যা, আৰু অনেক প্ৰকাৰৰ biodiversityৰ মানকত একেৰাহে সংশোধন হৈ আছে। ভাৰতত বন ক্ষেত্ৰ বাঢ়ি আছে। ভাৰতত Degraded Landৰ সংশোধন হৈ আছে। গাড়ীৰ ইন্ধনৰ মানকক আমি স্বেচ্ছাই বঢ়াইছো। সকলো ধৰণৰ renewable শক্তিৰ ক্ষেত্ৰত আমি বিশ্বৰ অগ্ৰণী দেশৰ ভিতৰত আছো। আৰু পেৰিছ চুক্তিৰ লক্ষ্যৰাজি সময়তকৈ আগতে প্ৰাপ্ত কৰাৰ দিশত অগ্ৰসৰ যদি কোনোবা হৈছে তেন্তে সেয়া একমাত্ৰ হিন্দুস্তান। G20 দেশৰ সমুদায়ত ভালৰো ভাল কাম কৰা কোনোবা দেশ যদি আছে, পৃথিৱীয়ে মানি লৈছে যে সেয়া হিন্দুস্তান আৰু তথাপিও, এইখন ভাৰতৰ ওপৰত পৰিবেশৰ নামত তৰপে তৰপে হেঁচা দি গৈছে। এই সকলো উপনিবেশবাদী মানসিকতাৰে পৰিণাম। কিন্তু দুৰ্ভাগ্য এইটো যে আমাৰ দেশতো এনেকুৱাই মানসিকতা চলি থকাত নিজৰ দেশৰে বিকাশত বাধা আৰোপ কৰা হৈছে। কেতিয়াবা যদি freedom of expressionৰ নামত আন কেতিয়াবা অন্য বস্তুৰ সহায় লৈ। আমাৰ দেশৰ পৰিস্থিতি, আমাৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা, সপোনৰ বিষয়ে নজনা নুবুজাকৈ, বহুবাৰ অন্য দেশৰ benchmarkৰ ওপৰত ভাৰতক জোখাৰ প্ৰয়াস হয় আৰু ইয়াৰ অন্তৰালত বিকাশৰ পথ বন্ধ কৰাৰ চেষ্টা চলায়। ইয়াৰ লোকচান, এইবিলাক যি কৰে তেনে লোকে ভৰিবলগীয়া নহয়। ইয়াৰ লোকচান ভৰিবলগীয়া হয় সেই মাতৃয়ে, যাৰ সন্তানে বিজুলি প্লাণ্ট স্থাপন নোহোৱা কাৰণে পঢ়িব নোৱাৰে। ইয়াৰ লোকচান ভৰিবলগীয়া হয় সেই পিতৃয়ে, যি বন্ধ হোৱা পথ প্ৰজেক্টৰ কাৰণে নিজৰ সন্তানক সময়মতে হাস্পতাল পোৱাবগৈ নোৱাৰে। ইয়াৰ লোকচান ভৰিবলগীয়া হয় সেই মধ্যম বৰ্গীয় পৰিয়ালে যাৰ বাবে আধুনিক জীৱনৰ সুবিধা পৰিবেশৰ নামত তেওঁলোকৰ আমদানিৰ পৰা বাহিৰ কৰি দিয়া হৈছে। এই কলনিয়েল মাইণ্ডছেটৰ বাবে, ভাৰতৰ দৰে দেশত বিকাশৰ বাবে প্ৰয়াস কৰি থকা দেশত, কোটি কোটি আশা ভংগ হয়, আকাংক্ষা নোহোৱা হৈ যায়। স্বাধীনতাৰ আন্দোলনত যি সংকল্পশক্তিৰ সৃষ্টি হ’ল, তাক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ এই কলনিয়েল মাইণ্ডছেট বহুত ডাঙৰ বাধা। আমি ইয়াক দূৰ কৰিবই লাগিব। আৰু ইয়াৰ বাবে আমাৰ সবাতোকৈ ডাঙৰ শক্তি আমাৰ সবাতোকৈ ডাঙৰ প্ৰেৰণা স্ৰোত, আমাৰ সংবিধান।
মাননীয়,
চৰকাৰ আৰু ন্যায়পালিকা, উভয়ৰে জন্ম সংবিধানৰ গৰ্ভৰ পৰা হৈছে। সেয়ে, উভয়েই যঁজা সন্তান। সংবিধানৰ ফলতে এই দূয়ো অস্তিত্বলৈ আহিছে। সেয়ে ব্যাপক দৃষ্টিভংগীৰে চালে বেলেগ বেলেগ হোৱাৰ পিছতো দূয়ো পৰস্পৰৰ পৰিপূৰক।
আমাৰ ইয়াত শাস্ত্ৰতো কোৱা হৈছে-
ঐক্যম্ বলম্ সমাজস্য, তত্ অভাৱে স দুৰ্বলঃ।
তস্মাত্ ঐক্যম্ প্ৰশংসন্তি, দৃঢ়ম্ ৰাষ্ট্ৰ হিতৈষিণঃ।।
অৰ্থাৎ, কোনো সমাজৰ, দেশৰ শক্তি তাৰ একতা আৰু একত্ৰিত প্ৰয়াসত থাকে। সেয়ে, যি শক্তিশালী ৰাষ্ট্ৰৰ হিতৈষী, তেওঁ একতাৰ প্ৰশংসা কৰে, তাৰ ওপৰত জোৰ দিয়ে। ৰাষ্ট্ৰৰ হিতক সৰ্বোপৰি ৰাখি এই একতাই দেশৰ প্ৰতিটো সংস্থাৰ প্ৰয়াসত হোৱা উচিত। আজি যেতিয়া দেশে অমৃতকালত নিজৰ বাবে অসাধাৰণ লক্ষ্য নিৰ্ধাৰণ কৰি আছে, দশক পুৰণি সমস্যাৰ সমাধান বিচাৰি নতুন ভৱিষ্যতৰ বাবে সংকল্প লৈ আছে, তেন্তে এই সিদ্ধি সকলোৰে লগত হে সম্পূৰ্ণ হ’ব। সেয়ে, দেশে অনাগত ২৫ বছৰৰ বাবে যেতিয়া দেশে স্বাধীনতাৰ ২৫তম শতাব্দী মানিব আৰু সেয়ে ‘সবকা প্ৰয়াস’ ইয়াক দেশে আহ্বান কৰিছে। নিশ্চিতভাৱে এই আহ্বানত এক ডাঙৰ ভূমিকা judiciaryৰো আছে।
মহোদয়,
আমাৰ চৰ্চাত নাপাহৰাকৈ এটা কথা একেৰাহে শুনিবলৈ পোৱা যায়, বাৰে বাৰে তাক দোহৰা হয়- Separation of power । Separation of powerৰ কথা, ন্যায়পালিকা হওক, কাৰ্যপালিকা হওক বা বিধায়িকা, নিজেই বহুত মহত্বপূৰ্ণ। ইয়াৰ লগতে, স্বাধীনতাৰ এই অমৃতকালত, ভাৰতৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱালৈকে, এই যি অমৃতকাল, এই অমৃত কালখণ্ডত, সংবিধানৰ ভাবনাৰ অনুৰূপ, Collective Resolve দেখুউৱাৰ আৱশ্যকতা আছে। আজি দেশৰ সাধাৰণ লোকৰ ওচৰত যি আছে, সেয়া তাতকৈ অধিকৰ বাবে আমি আজিয়েই কাম কৰিব লাগিব। যেতিয়া আমি দেশৰ স্বাধীনতাৰ শতাব্দী পালন কৰিম, সেই সময়ৰ ভাৰত কেনেকুৱা হ’ব, তাৰ বাবে আমি আজিয়েই কাম কৰিব লাগিব। সেয়ে, দেশৰ আকাংক্ষা পূৰণ কৰাৰ collective responsibilityৰ সৈতে আগবঢ়া বহুত দৰকাৰ। Separation of Powerৰ শক্তিশালী অধিষ্ঠানৰ ওপৰত আমি collective responsibilityৰ পথ নিৰ্ধাৰণ কৰিব লাগিব, Roadmap বনাব লাগিব, লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব আৰু লক্ষ্যত দেশক উপনীত কৰাব লাগিব।
মাননীয়,
কৰোণা কালে justice deliveryত technologyক লৈ নতুন ভৰসা সৃষ্টি কৰিলে। ডিজিটেল ইণ্ডিয়াৰ মেগা মিছনত ন্যায়পালিকাৰ সহভাগিতা আছে। ১৮ হাজাৰতকৈ অধিক কোৰ্টৰ computerize হোৱা, ৯৮ শতাংশ কোৰ্ট কমপ্লেক্সৰ ৱাইড এৰিয়া নেটৱৰ্কেৰে সংযুক্ত হোৱা, ৰিয়েল টাইমত judicial dataৰ transmissionৰ বাবে national judicial data gridৰ functional হোৱা, e-court platformৰ লাখ লাখ লোকৰ ওচৰলৈ গৈ পোৱাই, এই কথা কয় যে আজি technology আমাৰ জাষ্টিচ ছিষ্টেমৰ কিমান ডাঙৰ শক্তি হৈ পৰিছে, আৰু অনাগত সময়ত আমি এক advanced judiciaryক কাম কৰা দেখা পাম। সময় পৰিৱৰ্তনশীল, পৃথিৱী পৰিৱৰ্তন হৈ থাকে, কিন্তু এই পৰিৱৰ্তন মানৱতাৰ বাবে evolutionৰ মাধ্যম হয়। এনেকুৱা এইবাবেই হয়, কিয়নো মানৱতাই এই পৰিৱৰ্তনক স্বীকাৰ কৰে, আৰু লগতে মানৱীয় মূল্যবোধক শাশ্বত কৰি ৰাখে। ন্যায়ৰ অৱধাৰণা এই মানৱীয় মূল্যবোধৰ সবাতোকৈ পৰিষ্কৃত বিচাৰ। আৰু, সংবিধান ন্যায়ৰ এই অৱধাৰণাৰ সবাতোকৈ পৰিষ্কৃত ব্যৱস্থা। এই ব্যৱস্থাক গতিশীল আৰু প্ৰগতিশীল কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে ওপৰত। নিজৰ এই ভূমিকাৰ নিৰ্বহন আমি সকলোৱে সম্পূৰ্ণ নিষ্ঠাৰে কৰিম, আৰু স্বাধীনতাৰ এশ বছৰৰ আগতে এখন নতুন ভাৰতৰ সপোন পূৰণ হ’ব। আমি অনবৰতে এই কথাবোৰৰ দ্বাৰা অনুপ্ৰাণিত, যিবোৰ কথাৰ বাবে আমি গৌৰৱ কৰো আৰু সেই মন্ত্ৰ আমাৰ বাবে হৈছে- সংগচ্ছধ্বং, সংবদধ্বং, সং ৱো মনাংসি জানতাম্। আমাৰ লক্ষ্য সমান হওক, আমাৰ মন সমান হওক আৰু একত্ৰিত হৈ সেই লক্ষ্য পূৰণ কৰিম। এই ভাবনাৰেই মই আজি সংবিধান দিৱসৰ এই পৱিত্ৰ পৰিবেশত আপোনালোক সকলোকে, দেশবাসীকো অনেক অনেক শুভকামনা জনাই মোৰ কথা সমাপ্ত কৰিছো। পুনৰ এবাৰ আপোনালোক সকলোকে বহুত বহুত অভিনন্দন।
বহুত বহুত ধন্যবাদ!
*****
DS/VJ/AV
Addressing the Constitution Day programme at Vigyan Bhawan. https://t.co/xzmEhl5wzi
— Narendra Modi (@narendramodi) November 26, 2021
सुबह मैं विधायिका और कार्यपालिका के साथियों के साथ था।
— PMO India (@PMOIndia) November 26, 2021
और अब न्यायपालिका से जुड़े आप सभी विद्वानों के बीच हूं।
हम सभी की अलग-अलग भूमिकाएं, अलग-अलग जिम्मेदारियां, काम करने के तरीके भी अलग-अलग हो सकते हैं, लेकिन हमारी आस्था, प्रेरणा और ऊर्जा का स्रोत एक ही है - हमारा संविधान: PM
आजादी के लिए जीने-मरने वाले लोगों ने जो सपने देखे थे, उन सपनों के प्रकाश में, और हजारों साल की भारत की महान परंपरा को संजोए हुए, हमारे संविधान निर्माताओं ने हमें संविधान दिया: PM @narendramodi
— PMO India (@PMOIndia) November 26, 2021
कोरोना काल में पिछले कई महीनों से 80 करोड़ से अधिक लोगों को मुफ्त अनाज सुनिश्चचित किया जा रहा है।
— PMO India (@PMOIndia) November 26, 2021
PM गरीब कल्याण अन्न योजना पर सरकार 2 लाख 60 हजार करोड़ रुपए से अधिक खर्च करके गरीबों को मुफ्त अनाज दे रही है।
अभी कल ही हमने इस योजना को अगले वर्ष मार्च तक के लिए बढ़ा दिया है: PM
सबका साथ-सबका विकास, सबका विश्वास-सबका प्रयास, ये संविधान की भावना का सबसे सशक्त प्रकटीकरण है।
— PMO India (@PMOIndia) November 26, 2021
संविधान के लिए समर्पित सरकार, विकास में भेद नहीं करती और ये हमने करके दिखाया है: PM @narendramodi
आज गरीब से गरीब को भी क्वालिटी इंफ्रास्ट्रक्चर तक वही एक्सेस मिल रहा है, जो कभी साधन संपन्न लोगों तक सीमित था।
— PMO India (@PMOIndia) November 26, 2021
आज लद्दाख, अंडमान और नॉर्थ ईस्ट के विकास पर देश का उतना ही फोकस है, जितना दिल्ली और मुंबई जैसे मेट्रो शहरों पर है: PM @narendramodi
Gender Equality की बात करें तो अब पुरुषों की तुलना में बेटियों की संख्या बढ़ रही है।
— PMO India (@PMOIndia) November 26, 2021
गर्भवती महिलाओं को अस्पताल में डिलिवरी के ज्यादा अवसर उपलब्ध हो रहे हैं।
इस वजह से माता मृत्यु दर, शिशु मृत्यु दर कम हो रही है: PM @narendramodi
आज पूरे विश्व में कोई भी देश ऐसा नहीं है जो प्रकट रूप से किसी अन्य देश के उपनिवेश के रूप में exist करता है।
— PMO India (@PMOIndia) November 26, 2021
लेकिन इसका मतलब यह नहीं है कि उपनिवेशवादी मानसिकता, Colonial Mindset समाप्त हो गया है।
हम देख रहे हैं कि यह मानसिकता अनेक विकृतियों को जन्म दे रही है: PM @narendramodi
इसका सबसे स्पष्ट उदाहरण हमें विकासशील देशों की विकास यात्राओं में आ रही बाधाओं में दिखाई देता है।
— PMO India (@PMOIndia) November 26, 2021
जिन साधनों से, जिन मार्गों पर चलते हुए, विकसित विश्व आज के मुकाम पर पहुंचा है, आज वही साधन, वही मार्ग, विकासशील देशों के लिए बंद करने के प्रयास किए जाते हैं: PM @narendramodi
पेरिस समझौते के लक्ष्यों को समय से पहले प्राप्त करने की ओर अग्रसर हम एकमात्र देश हैं।
— PMO India (@PMOIndia) November 26, 2021
और फ़िर भी, ऐसे भारत पर पर्यावरण के नाम पर भाँति-भाँति के दबाव बनाए जाते हैं।
यह सब, उपनिवेशवादी मानसिकता का ही परिणाम है: PM @narendramodi
लेकिन दुर्भाग्य यह है कि हमारे देश में भी ऐसी ही मानसिकता के चलते अपने ही देश के विकास में रोड़े अटकाए जाते है।
— PMO India (@PMOIndia) November 26, 2021
कभी freedom of expression के नाम पर तो कभी किसी और चीज़ का सहारा लेकर: PM @narendramodi
आजादी के आंदोलन में जो संकल्पशक्ति पैदा हुई, उसे और अधिक मजबूत करने में ये कोलोनियल माइंडसेट बहुत बड़ी बाधा है।
— PMO India (@PMOIndia) November 26, 2021
हमें इसे दूर करना ही होगा।
और इसके लिए, हमारी सबसे बड़ी शक्ति, हमारा सबसे बड़ा प्रेरणा स्रोत, हमारा संविधान ही है: PM @narendramodi
सरकार और न्यायपालिका, दोनों का ही जन्म संविधान की कोख से हुआ है।
— PMO India (@PMOIndia) November 26, 2021
इसलिए, दोनों ही जुड़वां संतानें हैं।
संविधान की वजह से ही ये दोनों अस्तित्व में आए हैं।
इसलिए, व्यापक दृष्टिकोण से देखें तो अलग-अलग होने के बाद भी दोनों एक दूसरे के पूरक हैं: PM @narendramodi
In line with the spirit of our Constitution, we are undertaking a development journey at the core of which is inclusion. pic.twitter.com/dy9WVoSfEP
— Narendra Modi (@narendramodi) November 26, 2021
सबका साथ-सबका विकास, सबका विश्वास-सबका प्रयास, ये संविधान की भावना का सबसे सशक्त प्रकटीकरण है।
— Narendra Modi (@narendramodi) November 26, 2021
आज गरीब से गरीब को भी क्वालिटी इंफ्रास्ट्रक्चर तक वही एक्सेस मिल रहा है, जो कभी साधन-संपन्न लोगों तक सीमित था। pic.twitter.com/g1QBuveBlr
Something to think about... pic.twitter.com/rnZldhSnOs
— Narendra Modi (@narendramodi) November 26, 2021
अमृतकाल में भारत अपनी दशकों पुरानी समस्याओं के समाधान तलाशकर नए भविष्य के लिए संकल्प ले रहा है। इसीलिए, देश ने आने वाले 25 सालों के लिए ‘सबका प्रयास’ का आह्वान किया है, जिसमें एक बड़ी भूमिका Judiciary की भी है। pic.twitter.com/pexWjtxC7X
— Narendra Modi (@narendramodi) November 26, 2021
अमृतकाल में भारत अपनी दशकों पुरानी समस्याओं के समाधान तलाशकर नए भविष्य के लिए संकल्प ले रहा है। इसीलिए, देश ने आने वाले 25 सालों के लिए ‘सबका प्रयास’ का आह्वान किया है, जिसमें एक बड़ी भूमिका Judiciary की भी है। pic.twitter.com/pexWjtxC7X
— Narendra Modi (@narendramodi) November 26, 2021