Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় এইচপিভি টিকাকৰণ অভিযানক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ


৯ মাহৰো কম সময়ৰ ভিতৰত ১ কোটি পালি এইচপিভি ভেকচিন প্ৰদানৰ জৰিয়তে ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰা বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় এইচপিভি টিকাকৰণ অভিযানক প্ৰশংসা কৰিছে। ইয়াৰ জৰিয়তে বছৰি প্ৰায় ৮৭ শতাংশ যোগ্য কন্যাক সামৰি লোৱা হৈছে।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই সাফল্যই প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ জৰিয়তে ভাৰতৰ কন্যা সন্তানসকলৰ বাবে এক সুস্বাস্থ্যসম্পন্ন ভৱিষ্যত গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰিছে তথা এই মাইলৰ খুঁটিয়ে অভিযানটোৰ সফল ৰূপায়ণ নিশ্চিত কৰা সকলো অংশীদাৰৰ সামূহিক প্ৰতিশ্ৰুতি আৰু সমন্বিত প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।

শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছে;

প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ দিশত আমাৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।

ভেকচিনৰ প্ৰতিটো পালি কন্যা সন্তানক গৰ্ভাশয়ৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষিত কৰা আৰু তেওঁলোকৰ বাবে এক স্বাস্থ্যসম্পন্ন ভৱিষ্যত নিশ্চিত কৰাৰ দিশত এক পদক্ষেপ।

মই এই সম্পৰ্কীয় সকলো অংশীদাৰক প্ৰশংসা কৰিছো, যিসকলৰ প্ৰচেষ্টাই এই উল্লেখযোগ্য সাফল্য নিশ্চিত কৰিছে।

 

 

****

MJPS/SS/VJ/HS

Prime Minister shares Sanskrit Subhashitam highlighting essential qualities that sustain prosperity