Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সংসদৰ দুয়ো সদনতে সংবিধানৰ ১২৭ তম সংশোধনী বিধেয়ক, ২০২১ গৃহীত হোৱাত প্ৰধানমন্ত্ৰীয়ে আদৰণি জনাইছ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনতে সংবিধানৰ ১২৭ তম সংশোধনী বিধেয়ক, ২০২১ গৃহীত হোৱাটো দেশৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰিছে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

 

‘সংসদৰ উভয় সদনতে সংবিধানৰ ১২৭ তম সংশোধনী বিধেয়ক, ২০২১ গৃহীত হোৱাটো আমাৰ দেশৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। এই বিধেয়কখনে সামাজিক সৱলীকৰণক বৃদ্ধি কৰিব। সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ মানুহৰ মৰ্যাদা, সুযোগ আৰু ন্যায় নিশ্চিত কৰাৰ বাবে আমাৰ চৰকাৰ কিমান দায়বদ্ধ সেয়া ইয়াৰ জৰিয়তে  প্ৰতিফলিত হল।

 

****

DS/KG