পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ মহামহিম প্ৰধানমন্ত্ৰী শ্ৰীমতী জৰ্জিয়া মেলোনিৰ সৈতে এক টেলিফোনিক বাৰ্তালাপ কৰে।
নেতাদ্বয়ে বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, মহাকাশ, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা, জনসাধাৰণৰ মাজত সম্পৰ্ক তথা সন্ত্ৰাসবাদ প্ৰতিৰোধ আদিৰ দৰে খণ্ডসমূহত দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ উন্নয়নৰ বিষয়ে পৰ্যালোচনা কৰে আৰু এইবোৰৰ ইতিবাচকভাৱে মূল্যায়ন কৰে। দুয়োগৰাকী নেতাই যুটীয়া কৌশলগত কাৰ্য্য পৰিকল্পনা ২০২৫-২৯ৰ সৈতে সংগতি ৰাখি অংশীদাৰিত্বক অধিক গভীৰ কৰাৰ দিশত নিজৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।
তেওঁলোকে লগতে পাৰস্পৰিক স্বাৰ্থ নিহিত আঞ্চলিক তথা বিশ্বব্যাপী বিষয় সন্দৰ্ভতো মত বিনিময় কৰে। ইউক্ৰেইনৰ সংঘাতৰ শীঘ্ৰে শান্তিপূৰ্ণ সমাধানৰ প্ৰয়োজনীয়তাৰ বিষয়তো তেওঁলোকে একমত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই দিশত গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ সম্পূৰ্ণ সমৰ্থন থকাৰ কথা পুনৰবাৰ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী মেল’নীয়ে অতি সোনকালে পাৰস্পৰিকভাৱে লাভজনক ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি সম্পাদন কৰাৰ বাবে আৰু ২০২৬ চনত ভাৰতে আয়োজন কৰিবলগীয়া এআই ইমপেক্ট সন্মিলনৰ সফলতাৰ ক্ষেত্ৰত ইটালীৰ পূৰ্ণ সমৰ্থনৰ কথা পুনৰবাৰ উল্লেখ কৰে।ইণ্ডিয়া মিডল ইষ্ট ইউৰোপ ইক’ন’মিক কৰিডৰ (IMEEEC)ৰ পদক্ষেপৰ অধীনত সংযোগ বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰতো নেতাদ্বয়ে সহমত প্ৰকাশ কৰে।
নেতাদ্বয়ে পৰৱৰ্তী সময়তো যোগাযোগত থাকিবলৈ সন্মতি প্ৰকাশ কৰে।
***
MJPS/SR/DM
Had an excellent conversation with Prime Minister Giorgia Meloni. We reaffirmed our joint commitment to deepen India-Italy Strategic Partnership, and shared interest in bringing an early end to the conflict in Ukraine. Thanked PM Meloni for Italy’s proactive support for…
— Narendra Modi (@narendramodi) September 10, 2025