পি এম ইণ্ডিয়া
ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৫ বজাত উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনিক ভৱন চৌহদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া সংবিধান দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ ভাৰতীয় ন্যায়পালিকাৰ বাৰ্ষিক প্ৰতিবেদন (২০২৩-২৪) মুকলি কৰিব। এই উপলক্ষে তেওঁ উপস্থিত জনতাক সম্বোধন কৰিব।
এই কাৰ্যসূচীৰ আয়োজন কৰিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশসকলো উপস্থিত থাকিব।
MJPS/SR