মোৰ প্ৰিয় দেশবাসী,
‘মন কী বাত’লৈ পুনৰ স্বাগতম।বাৰ বছৰ পূৰ্বে বিজয়া দশমীৰ পবিত্ৰ উপলক্ষত আমি ‘মন কী বাত’ আৰম্ভ কৰিছিলোঁ। তেতিয়াৰে পৰা, আমাৰ এই যাত্ৰা অবিৰতভাবে অব্যাহত আছে। আপোনালোক মোৰ সহযাত্রী আৰু এই পথত মোৰ পথ প্ৰদৰ্শকো। বন্ধুসকল, মোৰ বাবে ‘মন কী বাত’ হৈছে আমাৰ দেশৰ সাধাৰণ মানুহৰ কঠোৰ পৰিশ্ৰম, বীৰত্ব, প্ৰতিশ্ৰুতি, সমৰ্পণ আৰু সেৱাৰ মনোভাৱক গৌৰৱেৰে উদযাপন কৰাৰ এটা শুভ সুযোগ। আমাৰ দেশত তীৰ্থ যাত্ৰাৰ দীৰ্ঘদিনীয়া পৰম্পৰা আছে। ‘মন কী বাত’ মোৰ বাবে তীৰ্থযাত্ৰাতকৈ কোনো গুণে কম নহয়-আমাৰ জনসাধাৰণৰ প্ৰচেষ্টাক ভালদৰে বুজা আৰু তেওঁলোকৰ অৱদানক অভিবাদন জনোৱাৰ এটা যাত্ৰা। বন্ধুসকল, যিসকলে সমাজ আৰু ৰাষ্ট্ৰৰ বাবে জীয়াই থাকে, তেওঁলোক নিজৰ ভিতৰত এখন ‘তীৰ্থ’ৰ দৰে। এই ১২ বছৰত, দেশৰ প্ৰতিটো কোণৰ পৰা বহুতো ব্যক্তি সন্মুখলৈ আহিছে-যিসকল লোকৰ অসাধাৰণ কাম প্ৰায়েই সমাজৰ দৃষ্টিগোচৰ নহয়। ‘মন কী বাত’-এ আপোনালোক সকলোৰে বাবে এনে অগণিত, অনুপ্ৰেৰণাদায়ক কাহিনী কঢ়িয়াই অনাৰ কাম কৰিছে।
বন্ধুসকল,
এই কাৰ্যসূচীৰ জৰিয়তে মই এটা অৰ্থত ‘জনসাধাৰণৰ সামূহিক শক্তি’ , আমাৰ ৰাষ্ট্ৰৰ লোক-শক্তিক শ্ৰদ্ধা জনাইছো। ই মোক সমগ্ৰ দেশৰ প্ৰতিটো পৰিয়ালৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰে। মই শ শ বাৰ্তা লাভ কৰোঁ য’ত জনসাধাৰণে ‘মন কী বাত’ শুনি তেওঁলোকোৰ অনুভৱ শ্বেয়াৰ কৰে, -তেওঁলোকৰ নিজৰ পৰিয়ালৰ এজন সদস্যৰ দৰে-কথোপকথনত লিপ্ত হৈ মই যেন তেওঁলোকৰ মাজত । মোৰ বাবে, আপোনালোক সকলোৱে-মোৰ শ্ৰোতাসকলে দেখুওৱা এই গভীৰ সম্পৰ্ক আৰু মৰম – এটা অমূল্য সম্পদ।
মোৰ প্ৰিয় দেশবাসী,
আমাৰ ৰাষ্ট্ৰত বহুতো পৰম্পৰাগত দক্ষতা আছে যিবোৰ প্ৰজন্মৰ পৰা আমাৰ পৰিচয়ৰ অংশ হৈ আহিছে। এইটো দেখি আনন্দ হয় যে এই পৰম্পৰাবোৰ এতিয়া বিভিন্ন, উদ্ভাৱনীমূলক পদ্ধতিৰ সৈতে একত্ৰিত কৰা হৈছে, যাৰ ফলত সেইবোৰ বিকশিত হ’ব পাৰে আৰু প্ৰাসংগিক হৈ থাকিব পাৰে। পঞ্জাবত কিছু সময়ৰ পৰা এনে এটা পদক্ষেপ চলি আছে; ‘খেতি বিৰাসত মিছন’ নামৰ এটা সংগঠনে জৈৱিক কৃষি আৰু পৰম্পৰাগত কৃষি পদ্ধতিত নতুন জীৱন প্ৰৱাহিত কৰিবলৈ আৰম্ভ কৰিছে। দলটোৱে পঞ্জাৱৰ মালৱা অঞ্চলত প্ৰাকৃতিক কপাহ খেতিৰ প্ৰচাৰ কৰাৰ লক্ষ্য লৈছে। এই পদক্ষেপৰ নাম দিয়া হৈছিল ‘নৱ-ত্ৰিঞ্জন’ ।
এই প্ৰকল্পৰ অধীনত কোনো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰাকৈ জৈৱিক কপাহ খেতি কৰা হয়। তেওঁলোকে প্ৰাকৃতিক ৰং থকা কপাহৰ খেতিও কৰে, যাৰ ফলত সূতা বা কাপোৰ ৰং কৰিবলৈ অতিৰিক্ত ৰাসায়নিক পদাৰ্থৰ প্ৰয়োজনীয়তা নোহোৱা হয়। আপুনি কল্পনা কৰিব পাৰে যে পৰিৱেশ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ই কিমান গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।
বন্ধুসকল,
কেইবছৰমান পূৰ্বে ‘নৱ-ত্ৰিঞ্জনে’ বয়ন শিল্পক পৰৱৰ্তী প্ৰজন্মলৈ প্ৰেৰণ কৰাৰ লক্ষ্যৰে এখন বয়ন বিদ্যালয় স্থাপন কৰিছে। এই বিদ্যালয়খনে বহু মহিলাৰ জীৱন সলনি কৰিছে। ৰমনদীপ কৌৰজী এনেকুৱা এটা উদাহৰণ; তেওঁ আগতে শ্ৰমিক হিচাপে কাম কৰিছিল, কিন্তু বিদ্যালয়ত প্ৰশিক্ষণ লোৱাৰ পাছত, তেওঁ এতিয়া এগৰাকী দক্ষ তাঁতী হিচাপে স্বীকৃতি লাভ কৰিছে। ৰেখা ৰাণীজীয়ে প্ৰশিক্ষণ লোৱাৰ আগতে কেতিয়াও আনকি হস্ততাঁত দেখাও নাছিল; তেওঁৰ দ্বাৰা বোৱা এখন আলোৱান ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতিক উপহাৰ দিয়া হৈছে। একেদৰে, এসময়ত ঘৰুৱা সহায়িকা হিচাপে কাম কৰা সুনেহা দেৱীয়ে এতিয়া এখন হস্ততাঁতৰ সহায়ত উৎকৃষ্ট কাপোৰ তৈয়াৰ কৰি আছে। এসময়ত পথাৰত শাৰীৰিক শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰা ৰজনী কৌৰজীয়ে তেওঁৰ নতুন দক্ষতাৰ দ্বাৰা তেওঁৰ পৰিয়ালক বহুত সহায় কৰি আছে।
বিদ্যালয়ৰ পৰা প্ৰশিক্ষণ লোৱাৰ পাছত এনে বহু মহিলাই এতিয়া থলুৱা জৈৱিক কপাহৰ পৰা তৈয়াৰ কৰা সূতা ব্যৱহাৰ কৰি আলোৱান, টাৱেল আৰু অন্যান্য বস্ত্ৰ তৈয়াৰ কৰি আছে। এই প্ৰচেষ্টাসমূহে তেওঁলোকৰ জীৱনত সমৃদ্ধি কঢ়িয়াই আনিছে। কেইমাহমান আগতে, ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত, ময়ো এই দলটোক লগ পোৱাৰ সুযোগ পাইছিলোঁ। সেই সময়ছোৱাত মই তেওঁলোকৰ কামৰ প্ৰতি থকা আগ্ৰহ আৰু সমৰ্পণৰ অভিজ্ঞতা লাভ কৰিছোঁ। মই সমগ্ৰ দলটোক উজ্জ্বল ভৱিষ্যতৰ বাবে আন্তৰিক শুভেচ্ছা জনাইছোঁ।
মোৰ প্ৰিয় দেশবাসী,
প্ৰকৃতিক সন্মান জনোৱাৰ আমাৰ দীৰ্ঘদিনীয়া পৰম্পৰা আছে। আমাৰ পূৰ্বপুৰুষসকলে আমাক শিকাই গৈছে যে আমাৰ চাৰিওফালে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু পানীৰ উৎসৰ যত্ন লোৱাটো আমাৰ নিজৰ দায়িত্ব। সমগ্ৰ দেশতে ইমান সংখ্যক লোকে এই মনোভাৱ প্ৰকাশ কৰা দেখি মই অতি আনন্দিত হৈছোঁ। উত্তৰাখণ্ডৰ তেহৰী গড়ৱাল অঞ্চলতো একেই ভাবনা দেখা পোৱা যায়। তাত মানুহে এখন নদী-‘হেভাল’ নদীত নতুন জীৱন প্ৰৱাহিত কৰাৰ প্ৰচেষ্টাত একত্ৰিত হৈছে। কিছু সময়ৰ পূৰ্বে, হেভাল নদীৰ পানীৰ স্তৰ হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। চাৰিওফালৰ অঞ্চলৰ প্ৰাকৃতিক পানীৰ উৎসবোৰো শুকাই গৈছিল। এই পৰিস্থিতিত, স্থানীয় প্ৰশাসন আৰু গাওঁবাসীয়ে হেভাল নদীক ৰক্ষা কৰাৰ বাবে এটা অভিযান আৰম্ভ কৰিবলৈ একত্ৰিত হৈছিল।
বৰষুণৰ পানী সংগ্ৰহ কৰা, ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তি কৰা আৰু বৃহৎ সংখ্যক গছপুলি ৰোপণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। আজি, এই প্ৰচেষ্টাৰ বাবে হেভাল নদীক পুনৰুজ্জীৱিত কৰা হৈছে আৰু একে সময়তে কেইবাডজনো প্ৰাকৃতিক পানীৰ উৎসই ইয়াৰ পুনৰুদ্ধাৰত সহায় লাভ কৰিছে।
বন্ধুসকল,
যেতিয়া এখন সমাজে এনে মনোভাৱেৰে একত্ৰিত হয়, পৰিৱৰ্তন নিশ্চিতভাৱে নিশ্চিত হয়। আমি আমাৰ উৎসৱবোৰতো ইয়াৰ এটা আভাস দেখিবলৈ পাওঁ। মাত্ৰ কেইদিনমানৰ ভিতৰতে দীপাৱলী আৰু ছঠৰ শুভ উৎসৱ ওচৰ চাপি আহিছে; তাৰ বাবে বহু ঠাইত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান চলাই থকা হৈছে। আমি বাস কৰা ঠাইবোৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো অপৰিহাৰ্য। কেৱল আমাৰ একোটা সৰু, ব্যক্তিগত প্ৰচেষ্টাই আমাৰ পৰিৱেশত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে।
মোৰ প্ৰিয় দেশবাসী,
এই উৎসৱৰ বতৰত আপোনালোকে নিশ্চয় আপোনাৰ পৰিৱেশৰ পৰিৱৰ্তন লক্ষ্য কৰিছে। মানুহে এতিয়া বজাৰ কৰাৰ সময়ত স্বদেশী সামগ্ৰীবোৰক যথেষ্ট গুৰুত্ব দি আছে। ‘ভোকেল ফৰ লোকেল’ৰ এই মনোভাবে এতিয়া আমাৰ সামগ্ৰীসমূহক বিশ্বৰ বজাৰলৈ লৈ গৈছে।
উদাহৰণস্বৰূপে, বিহাৰৰ পূৰ্ণিয়াৰ ‘মাখন’ এতিয়া গ্ৰীচলৈ গৈছে, আৰু কৰ্ণাটকৰ কালাবুৰাগীৰ ‘অৰহৰ ডাল’ মালদ্বীপলৈ ৰপ্তানি কৰা হৈছে-অৰ্থাৎ, ভাৰতৰ কৃষকসকলৰ বাবে নতুন বিশ্ব বজাৰ মুকলি হৈছে। বন্ধুসকল, স্থানীয় সামগ্ৰীৰ বিষয়ে আলোচনা কৰাৰ সময়ত মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰোঁ আন এটা গুৰুত্বপূৰ্ণ দিশৰ প্ৰতিঃ সামগ্ৰী এটাৰ পেকেজিং গুণগত মানৰ দৰেই গুৰুত্বপূৰ্ণ। প্ৰায়েই, যেতিয়া আমি বজাৰত কোনো সামগ্ৰী দেখিছোঁ, তেতিয়া ইয়াৰ আকৰ্ষণীয় পেকেজিঙে আমাক ইয়াক ক্ৰয় কৰিবলৈ আকৰ্ষিত কৰে। আমি এটা সামগ্ৰীৰ বিষয়ে কেৱল ইয়াৰ পেকেজিং চাই জানিবলৈ বিচাৰোঁ। এইটো উপলব্ধি কৰি এতিয়া পেকেজিঙৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে।
বন্ধুসকল,
মহাৰাষ্ট্ৰত জনজাতীয় সম্প্ৰদায়ে তেওঁলোকে তৈয়াৰ কৰা সামগ্ৰীসমূহৰ পেকিঙৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। তাত ‘শ্বাবাৰী নেচাৰেলছ’ নামৰ এটা পদক্ষেপৰ জৰিয়তে মৌ, মহুৱা, চিৰঞ্জী আৰু বাঁহ ভিত্তিক সামগ্ৰীৰ দৰে সামগ্ৰী বজাৰলৈ অনা হৈছে-সেইবোৰৰ পেকেজিঙে জনজাতীয় কলাক প্ৰতিফলিত কৰে। আপোনালোকে জানি আনন্দিত হ’ব যে এই পেকেজিঙে জাপানৰ সন্মানীয় ‘গুড ডিজাইন বঁটা’ লাভ কৰিছে। আমাৰ যুৱক-যুৱতীসকলেও এই ক্ষেত্ৰত নতুনকৈ পৰীক্ষা-নিৰীক্ষা কৰি আছে; কৰ্ণাটকৰ এটা ‘বাঁহ’ ষ্টাৰ্ট-আপে বাঁহ আৰু কৃষিৰ অৱশিষ্টৰ পৰা পেকেজিং সামগ্ৰী সৃষ্টি কৰি আছে।
বন্ধুসকল,
যেতিয়া আমি স্থানীয় সামগ্ৰীৰ কথা কওঁ, খাদীৰ কথা উল্লেখ কৰাটো স্বাভাৱিক। এইবাৰ গান্ধী জয়ন্তীত খাদী গ্ৰাম উদ্যোগৰ সামগ্ৰীৰ বিক্ৰী এদিনতে ২৮ কোটি অতিক্ৰম কৰিছে। পূৰ্বৰ বছৰৰ তুলনাত ই ১.৫ কোটি টকা বৃদ্ধি পাইছে। ইয়াৰ অৰ্থ হৈছে যে খাদীৰ জনপ্ৰিয়তা বাঢ়ি গৈ আছে আৰু যিসকলৰ দক্ষতা আৰু কঠোৰ পৰিশ্ৰমে খাদী তথা বিভিন্ন হস্তশিল্পৰ দৰে সামগ্ৰী জীৱন্ত কৰি তুলিছে তেওঁলোকৰ ওচৰলৈ লাভালাভ গৈ আছে।
বন্ধুসকল,
উৎসৱৰ বতৰত আমি প্ৰায়ে আমাৰ পৰিয়াল আৰু প্ৰিয়জনৰ বাবে বহুতো বস্তু ক্ৰয় কৰোঁ। এইবাৰো আপুনি বজাৰ কৰাৰ সময়ত স্থানীয় শিল্পীসকলে তৈয়াৰ কৰা সামগ্ৰীসমূহক অগ্ৰাধিকাৰ দিয়ক; আপোনাৰ ক্ৰয়সমূহে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব। এই মৰমৰ ভাবনাই ‘ভোকেল ফৰ লোকেল’ আন্দোলনক অধিক শক্তিশালী কৰিব। এই আন্দোলনে গতি লাভ কৰাৰ লগে লগে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোন দ্ৰুতগতিত বাস্তৱায়িত হ’ব। তাৰ বাবে, মই ব্যক্তিগতভাৱে আপোনালোকক স্থানীয় শিল্পীসকলে তৈয়াৰ কৰা সামগ্ৰীসমূহক অগ্ৰাধিকাৰ দিবলৈ আৰু গুৰুত্ব দিবলৈ অনুৰোধ জনাইছোঁ।
মোৰ প্ৰিয় দেশবাসী,
আমাৰ জনসাধাৰণৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য আছে। আমি দ্ৰুতগতিত নতুন প্ৰযুক্তি গ্ৰহণ কৰোঁ। আমি স্বাভাৱিকভাৱেই প্ৰযুক্তিক আমাৰ দৈনন্দিন জীৱনত একত্ৰিত কৰো-‘ই-সঞ্জীৱনী’ যোজনা ইয়াৰ এটা উৎকৃষ্ট উদাহৰণ। ই প্ৰদৰ্শন কৰে যে মানুহৰ জীৱন সহজ কৰি তুলিবলৈ প্ৰযুক্তিক কেনেদৰে ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰি। এইটোৱে মোক যথেষ্ট সন্তুষ্টি প্ৰদান কৰে যে এই মঞ্চৰ জৰিয়তে এতিয়ালৈকে প্ৰায় ৫০ কোটি টেলি-পৰামৰ্শ অনুষ্ঠিত কৰা হৈছে-ই এটা বৃহৎ সংখ্যা। ই প্ৰযুক্তিৰ শক্তি, আমাৰ চিকিৎসকসকলৰ সমৰ্পিত মনোভাব আৰু আমাৰ দেশবাসীয়ে এই ব্যৱস্থাৰ ওপৰত ৰখা বিশ্বাসৰ এটা উৎকৃষ্ট সাক্ষ্য হিচাপে কাম কৰে।
বন্ধুসকল,
আজি ইয়াৰ বিস্তৃত নেটৱৰ্কৰ জৰিয়তে ‘ই-সঞ্জীৱনী’ সেৱা দেশৰ দূৰৱৰ্তী কোণলৈও উপনীত হৈছে। ইয়াৰ পৰা উপকৃত হোৱা লোকসকলৰ কাহিনীবোৰে আপোনাক আৱেগিক কৰি তুলিব। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত, বাৰাটাং দ্বীপৰ জাৰাৱা জনজাতিৰ ওহো-তাহানে তীব্ৰ জ্বৰত আক্ৰান্ত হৈছিল। উশাহ লোৱাতো কষ্ট হৈছিল। ইয়াৰ মাজতে স্থানীয় স্বাস্থ্য কৰ্মীসকলে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’বলৈ ‘ই-সঞ্জীৱনী’ ব্যৱহাৰ কৰে। শিশুটিৰ নিউমোনিয়া হৈছিল; এবাৰ তেওঁ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত অহাৰ পাছত, তেওঁৰ অৱস্থা দ্ৰুতগতিত উন্নত হ’বলৈ আৰম্ভ কৰিছিল।
বন্ধুসকল,
লাক্ষাদ্বীপৰ কালপেনীত প্ৰায় ৬০ বছৰ বয়সৰ কুনহী কোয়া নামৰ এজন লোক হঠাতে অসুস্থ হৈ পৰিছিল। ই-সঞ্জীৱনীৰ জৰিয়তে কাভাৰট্টীত সাগৰৰ সিপাৰে অৱস্থিত এগৰাকী অভিজ্ঞ চিকিৎসকৰ সৈতে যোগাযোগ স্থাপন কৰা হৈছিল। সেই অভিজ্ঞ চিকিৎসগৰাকীয়ে স্থানীয় চিকিৎসা দলটোক নিৰ্দেশনা প্ৰদান কৰিছিল, যিয়ে কুনহী কোয়াক সুস্থ হৈ উঠাত সহায় কৰিছিল। লাডাখৰ জানসকাৰত কুঞ্জাং ডলমাই গৰ্ভাৱস্থাৰ সময়ত কিছু জটিলতাৰ সন্মুখীন হৈছিল; সেই পৰিস্থিতিত ই-সঞ্জীৱনীয়ে তেওঁৰ বাবে কাম কৰিছিল, যাৰ ফলত এগৰাকী বিশেষজ্ঞ চিকিৎসকে তৎক্ষণাত সহায় আগবঢ়াইছিল। নাগালেণ্ডৰ পেৰেনত মুছহেম নামৰ এজন ১২ বছৰীয়া ল’ৰা কাণৰ সংক্ৰমণ আৰু জ্বৰত আক্ৰান্ত হৈছিল; তেৱোঁ ই-সঞ্জীৱনীৰ দ্বাৰা উপকৃত হৈছিল। বিশেষজ্ঞ চিকিৎসকে লগে লগে তেওঁৰ অৱস্থা চিনাক্ত কৰিবলৈ সক্ষম হৈছিল আৰু উপযুক্ত ঔষধৰ পৰামৰ্শ দিছিল।
বন্ধুসকল,
এটা সময় আছিল যেতিয়া সাধাৰণ স্বাস্থ্য পৰীক্ষা বা চিকিৎসকৰ ওচৰলৈ যোৱাটোৱে দীঘলীয়া সময় লৈছিল আৰু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। আজি সমগ্ৰ দেশতে প্ৰায় ১৯০,০০০ ‘আয়ুষ্মান আৰোগ্য মন্দিৰে’ মানুহৰ জীৱনলৈ নতুন সুবিধা কঢ়িয়াই আনিছে। এই আৰোগ্য মন্দিৰবোৰ গাঁও পঞ্চায়তৰ বাবে একপ্ৰকাৰ সুস্থতা কেন্দ্ৰলৈ বিকশিত হৈছে।
এইটো জানি আটাইতকৈ আনন্দিত হৈছোঁ যে, গ্ৰাম্য অঞ্চলৰ লোকসকলে এতিয়া সুস্থ হৈ থাকিবলৈ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰি আছে, য’ত ‘ ই-সঞ্জীৱনী’য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।
মোৰ প্ৰিয় দেশবাসী,
এই মাহৰ আৰম্ভণিতে মই চেন্নাই ভ্ৰমণ কৰিছিলোঁ। তাত মই দেশৰ বহু বিজ্ঞানী, গৱেষক আৰু যুৱ প্ৰতিভাধৰক লগ পাইছিলোঁ। আমাৰ যুৱক-যুৱতীসকলে বৰ্তমান সমগ্ৰ মানৱতাৰ ভৱিষ্যতক পৰিৱৰ্তন কৰাৰ সম্ভাৱনা থকা বিষয়সমূহৰ ওপৰত কাম কৰি আছে; এনে এটা ক্ষেত্ৰ হৈছে ‘ব্ৰেইন ৰিছাৰ্চ’। সেই সন্দৰ্ভত, মই আইআইটি মাদ্ৰাজত ‘সুধা গোপালকৃষ্ণন ব্ৰেইন চেণ্টাৰ’ উদ্বোধন কৰোঁ। এই কেন্দ্ৰটোৱে এখন ব্ৰেইন-ইমেজিং প্ৰযুক্তি মঞ্চ বিকশিত কৰিছে যি বিশ্বব্যাপী মান হিচাপে কাম কৰে। ইয়াৰ জৰিয়তে মানুহৰ মগজুৰ উচ্চ-ৰিজলিউশ্যন, ডিজিটেল থ্ৰীডি ছবি সৃষ্টি কৰা হৈছে, যাৰ লক্ষ্য হৈছে ১০০ জন মানুহৰ মগজুৰ মেপিং আৰু অধ্যয়ন কৰা। এইটো বিশ্বৰ এই ধৰণৰ প্ৰথমটো অভিযান, আৰু ই ‘পৰম শক্তি’ ছুপাৰ কম্পিউটাৰ ব্যৱহাৰ কৰে।
বন্ধুসকল,
এই মস্তিষ্ক কেন্দ্ৰ স্থাপনত দেশৰ পদক্ষেপে চৰকাৰৰ সহযোগিতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই গৱেষণা কেন্দ্ৰক সমৰ্থন কৰিবলৈ বহু আই আই টিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাৰ্থীসকলো একত্ৰিত হৈছে। এই প্ৰকল্পটো অপৰিসীম গুৰুত্বপূৰ্ণ কাৰণ, গুৰুত্বপূৰ্ণ বৈজ্ঞানিক অগ্ৰগতিৰ সত্ত্বেও, মানুহৰ মগজু এটা প্ৰধান বৈজ্ঞানিক ৰহস্য হৈয়েই আছে। আনকি বৰ্তমান সময়তো আলজাইমাৰছ আৰু ডিমেনচিয়াৰ দৰে অৱস্থাৰ এতিয়াও নিৰ্দিষ্ট চিকিৎসাৰ অভাৱ হৈ আছে। সেয়েহে, মানুহৰ মগজুৱে কেনেদৰে কাম কৰে সেই সম্পৰ্কে আমাৰ বৈজ্ঞানিক বোধগম্যতা যিমানেই গভীৰ হ’ব, ভৱিষ্যতে সিমানেই অধিক নতুন পৰিসৰ সৃষ্টি হ’ব। এইটোও সিদ্ধান্ত লোৱা হৈছে যে ১০০ জন মানুহৰ মগজুৰ এই তথ্য বিভিন্ন ক্ষেত্ৰত গৱেষণাৰ বাবে এটা মুক্ত-উৎস সম্পদ হিচাপে পোৱা যাব।
বন্ধুসকল,
এনে উন্নত গৱেষণাত অংগদানে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিসকলে জীৱনকালৰ পাছত নিজৰ অংগ দান কৰিবলৈ বাছি লয় তেওঁলোকে কেৱল আন বহুতোৰ জীৱনেই ৰক্ষা নকৰে, বৰঞ্চ গৱেষণাও সম্ভৱ কৰি তোলে। এনেকুৱা এটা উদাহৰণ হৈছে মধ্যপ্ৰদেশৰ নৰ্মদাপুৰমৰ শিৱানীজী।
শিৱানীজী এটা পথ দুৰ্ঘটনাৰ সন্মুখীন হৈছিল; যদিও এইটোৱে তেওঁৰ পৰিয়ালৰ ওপৰত এটা ডাঙৰ অঘটন কঢ়িয়াই আনিছে, আনকি ইমান কঠিন সময়তো, তেওঁলোকে এটা সিদ্ধান্ত লয় যি আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণা হিচাপে কাম কৰে-সিদ্ধান্তটো আছিল শিৱানীজীৰ অংগ দান কৰা। শিৱানীজীৰ পৰিয়ালৰ এই সিন্ধান্তই সমাজ আৰু ৰাষ্ট্ৰলৈ এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। মানৱতাৰ এনে এটা পদক্ষেপে এটা পৰিয়ালৰ জীৱনলৈ সুখ ঘূৰাই আনিব পাৰে, লগতে গৱেষণা প্ৰচেষ্টাক গুৰুত্বপূৰ্ণ সমৰ্থন প্ৰদান কৰিব পাৰে।
মোৰ প্ৰিয় দেশবাসী,
মই মোৰ চেন্নাই ভ্ৰমণৰ আন কিছুমান অভিজ্ঞতাও শ্বেয়াৰ কৰিব বিচাৰোঁ। প্ৰথমটো আছিল মেট্ৰ’ত যুৱক-যুৱতীসকলৰ সৈতে মোৰ মত বিনিময়, আনহাতে আন এটা হ’ল মোৰ আই আই টি মাদ্ৰাজ ভ্ৰমণ। আমাৰ যুৱপ্ৰজন্মই কেনেদৰে সমস্যাৰ উদ্ভাৱনীমূলক সমাধানৰ বাবে কাম কৰি আছে সেয়া দেখি সঁচাকৈয়ে আনন্দিত হৈছোঁ। মই সাক্ষাৎ কৰা এটা ষ্টাৰ্টআপে সোণৰ গুণগত মান পৰীক্ষা কৰাত গুৰুত্ব আৰোপ কৰে, যি সোণ ক্ৰয়ৰ জালিয়াতি প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। যুৱক-যুৱতীসকলৰ আন এটা দলে এখন মঞ্চৰ বিকাশ কৰি আছে যিয়ে বেংকৰ জালিয়াতিৰ ফলত হেৰুওৱা পুঁজি দ্ৰুতভাৱে উদ্ধাৰ কৰিব পাৰে। ইফালে, আন এটা দলে গৰ্ভাশয়ৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰাত এআয়ে কেনেদৰে সহায় কৰিব পাৰে সেয়া অন্বেষণ কৰি আছে।
বন্ধুসকল,
আই আই টিত হোৱা মত বিনিময় সম্পূৰ্ণৰূপে ‘গভীৰ-প্ৰযুক্তি’ৰ ওপৰত কেন্দ্ৰীভূত আছিল। এই ষ্টাৰ্ট-আপসমূহক আইআইটি মাদ্ৰাজৰ ইনকিউবেচন পৰিৱেশতন্ত্ৰৰ দ্বাৰা সমৰ্থন কৰা হৈছে। ইয়াৰ ভিতৰত এটা ষ্টাৰ্ট-আপ আছে যিয়ে সাগৰৰ ওপৰেৰে উৰিব পৰা বৈদ্যুতিক বাহন এখন বিকশিত কৰি আছে। আন এটা ষ্টাৰ্ট-আপে ড্ৰোন আৰু বৈদ্যুতিক বাহনৰ বাবে দ্ৰুত চাৰ্জিং বেটাৰী বিকাশ কৰি আছে। এটা দলে প্ৰতিৰক্ষা প্ৰযুক্তিত এআইৰ প্ৰয়োগৰ ওপৰত কাম কৰি আছে।
বন্ধুসকল,
আমাৰ যুৱক-যুৱতীসকলে আজি এনে অসাধাৰণ লক্ষ্যত উপনীত হৈছে কাৰণ তেওঁলোকে সঠিক পৰিৱেশ আৰু সমৰ্থন লাভ কৰিছে। এনে নহয় যে আমাৰ দেশত কেতিয়াও প্ৰতিভাৰ অভাৱ হোৱা নাই। মাত্ৰ কেইদিনমানৰ ভিতৰতে ৩১ অক্টোবৰত আমি এনে এজন মহান ভাৰতীয় বিজ্ঞানী নৰিন্দৰ সিং কাপানীৰ ১০০সংখ্যক জয়ন্তী উদযাপন কৰিম। বিশ্বই তেওঁক ‘ফাইবাৰ অপটিক্সৰ পিতৃ’ বুলি জানে। তেওঁৰ জন্ম পঞ্জাবৰ মোগা জিলাত হৈছিল। পাতল আঁহৰ জৰিয়তে পোহৰ প্ৰেৰণ কৰা প্ৰযুক্তিৰ বিষয়ে তেওঁৰ উন্নত গৱেষণাই যোগাযোগ জগতলৈ এটা নতুন দিশ আগবঢ়াইছিল। আমি আজি ফাইবাৰ অপটিক্স অবিহনে ইণ্টাৰনেট আৰু ডিজিটেল যোগাযোগৰ যুগৰ কথা কল্পনা কৰাটোও কঠিন।
এই উপলক্ষে আমি নৰিন্দৰ সিং কাপানীক শ্ৰদ্ধা জনাইছোঁ। মই বিচাৰোঁ যে আমাৰ যুৱপ্ৰজন্মই তেওঁৰ দৰে বিজ্ঞানীসকলৰ বিষয়ে পঢ়ক আৰু শিকক, আৰু তেওঁলোকৰ পৰা অনুপ্ৰেৰণা লওক।
বন্ধুসকল,
মাত্ৰ কেইদিনমানৰ ভিতৰতে ৩১ অক্টোবৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী পালন কৰা হ’ব-যিটো দিন ৰাষ্ট্ৰই ‘একতা দিৱস’ হিচাপে পালন কৰে। এই উপলক্ষে সমগ্ৰ দেশতে ‘একতাৰ দৌৰ’ৰ আয়োজন কৰা হয়। ‘ৰান ফৰ ইউনিটি’য়ে আমাৰ ঐক্য শক্তিশালী কৰাৰ গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰে আৰু ৰাষ্ট্ৰৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে। মই আপোনালোক সকলোকে এই বছৰৰ ‘একতাৰ বাবে দৌৰ’ ত উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আৰু আপোনাৰ পৰিয়াল, বন্ধুবৰ্গ তথা আপোনাৰ চাৰিওফালে থকা লোকসকলক লগত আনিবলৈ অনুৰোধ জনাইছোঁ।
বন্ধুসকল,
আপোনালোকৰ মনত থাকিব যে ভাৰতৰ আহ্বানত ২০২৩ চন ‘আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ’ হিচাপে পালন কৰা হয়। ই বিশ্বজুৰি অতি ইতিবাচক সঁহাৰি লাভ কৰিছিল। এই পদক্ষেপৰ জৰিয়তে, মানুহে আৱিষ্কাৰ কৰিছিল যে ছুপাৰফুড ‘শ্ৰীঅন্ন’ অৰ্থাৎ বাজৰা-আমাৰ নিজৰ সংস্কৃতিত কিমান গভীৰভাৱে নিহিত হৈ আছে। উত্তৰ-পূৰ্বাঞ্চলতো বাজৰা খেতিৰ এটা সমৃদ্ধ পৰম্পৰা দীৰ্ঘদিন ধৰি চলি আহিছে। অৱশ্যে, সময়ৰ লগে লগে মানুহে ইয়াৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছিল। এতিয়া সেই পৰিস্থিতি সলনি হৈছে।
বন্ধুসকল,
মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাত খাণ্ডুলি নামৰ এখন গাঁও আছে। বহু প্ৰজন্ম ধৰি বাজৰা তাৰ স্থানীয় খাদ্য সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হৈ আহিছে। তথাপি কিছু সময়ৰ বাবে ইয়াৰ খেতি কৰা কৃষকসকলৰ সংখ্যা হ্ৰাস পাই আহিছিল। ইয়াৰ মাজতে গাঁৱৰ দুগৰাকী মহিলা বন্ধুৱে এটা নতুন পদক্ষেপ গ্ৰহণ কৰেঃ তেওঁলোকে বাজৰাৰ পৰা নতুন সামগ্ৰী সৃষ্টি কৰাত গুৰুত্ব দিয়ে। এই শস্যবোৰত ঋণ মূল্য সংযোজন কৰি, তেওঁলোকে কুকিজ, কেক আৰু মাফিনৰ দৰে সামগ্ৰীৰ লগতে শিশুৰ খাদ্যও উৎপাদন কৰে। ইয়াৰ ফলত বাজৰাভিত্তিক সামগ্ৰীৰ বিক্ৰী বৃদ্ধি পায় আৰু পৰৱৰ্তী সময়ত নিজেই বাজৰাৰ চাহিদা বৃদ্ধি পায়। ইয়াৰ মাজতে, তাৰ কৃষকসকলেও আকৌ এবাৰ বাজৰা খেতি আৰম্ভ কৰিছে। বন্ধুসকল, মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত অৱস্থিত সাদোলপাৰা গাঁৱত কিছুমান নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। তাৰ স্থানীয় কৃষক চেকজিং চাংমাই বাজৰাৰ গুৰুত্ব স্বীকাৰ কৰি আধুনিক পদ্ধতি ব্যৱহাৰ কৰি সেইবোৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত কেৱল তেওঁৰ উপাৰ্জন বৃদ্ধি হোৱাই নহয়, গাওঁখনৰ ভিতৰত অধিক সজাগতাও বৃদ্ধি পাইছে। একেদৰে, নাগালেণ্ডৰ কোহিমাত কেজোমা নামৰ এখন গাঁও আছে, য’ত এটা দশকৰো অধিক সময় ধৰি বাজৰাৰ খেতি বন্ধ হৈ আছিল।
ফলস্বৰূপে, এটা সম্পূৰ্ণ প্ৰজন্মই এই পৰম্পৰাগত শস্যৰ সৈতে পৰিচিত নোহোৱাকৈ ডাঙৰ হৈছিল-কল্পনা কৰক। এসময়ত তেওঁলোকৰ নিজৰ আইতা-ককাই খেতি কৰা এই শস্য গাওঁবাসীয়ে নিজেই পাহৰি গৈছিল। ২০২৪ চনত, স্থানীয় লোকে বাজৰাৰ খেতি পুনৰ আৰম্ভ কৰে, আৰু ২০২৫ চনত, কেজোমাই ইয়াৰ প্ৰথমটো বাজৰা উৎসৱ উদযাপন কৰে। এতিয়া এই অঞ্চলতো বাজৰাৰ পৰা তৈয়াৰী সামগ্ৰীৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে।
বন্ধুসকল,
বাজৰা খেতিৰ সৈতে জড়িত উদাহৰণে এটা গুৰুত্বপূৰ্ণ বাৰ্তা বহন কৰে। এই উদাহৰণবোৰে প্ৰদৰ্শন কৰে যে কেনেদৰে আমাৰ যুৱপ্ৰজন্মই পৰম্পৰাগত শস্যক নতুন সুযোগৰ সৈতে সংযোগ কৰিছে, আৰু কেনেদৰে আমাৰ গাওঁবোৰে তেওঁলোকৰ ঐতিহ্য সংৰক্ষণ কৰি সমৃদ্ধিৰ পথত আগবাঢ়ি আছে।
মোৰ প্ৰিয় দেশবাসী,
কাইলৈ, ২৬ অক্টোবৰত মহৰ্ষি বাল্মীকিৰ জয়ন্তী পালন কৰা হ’ব। যদিও হাজাৰ হাজাৰ বছৰ পাৰ হৈ গৈছে, মহৰ্ষি বাল্মীকিজীৰ ৰামায়ণে আজিও আমাক নতুন অন্তৰ্দৃষ্টি প্ৰদান কৰি আছে।
ৰামায়ণৰ জৰিয়তে মহৰ্ষি বাল্মীকিয়ে আমাক গভীৰ জীৱনৰ শিক্ষা প্ৰদান কৰিছে। এফালে তেওঁ নিৰন্তৰ প্ৰচেষ্টাৰ মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে; আনহাতে তেওঁ সেৱা, সহানুভূতি আৰু সামাজিক সম্প্ৰীতিৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। বাল্মীকি ৰামায়ণত ভগৱান ৰামৰ চৰিত্ৰটোৱে এই মূল্যবোধবোৰৰ এটা সুন্দৰ মূৰ্তি হিচাপে কাম কৰে-ভগৱান ৰামে মাতা শবৰীৰ প্ৰেম আৰু ভক্তিক আলিঙ্গন কৰিছিল। নিশাদৰাজৰ সৈতে তেওঁৰ বন্ধুত্বক সন্মান জনাইছিল। সকলোকে লগত লৈ যোৱাৰ মনোভাৱ-এই আদৰ্শবোৰে আজিও আমাক পথ দেখুৱাই আছে। এই ভাবনা অযোধ্যাৰ বিশাল ৰাম মন্দিৰতো প্ৰতিফলিত হয়, য’ত মহৰ্ষি বাল্মীকি, নিশাদৰাজ আৰু মাতা শবৰীৰ প্ৰতি উৎসর্গীকৃত মন্দিৰো নিৰ্মাণ কৰা হৈছে। মই আনন্দিত যে অযোধ্যাৰ বিমানবন্দৰটো মহৰ্ষি বাল্মীকিৰ নামেৰে নামকৰণ কৰা হৈছে। এই পদক্ষেপসমূহে -সেৱা, সামাজিক সম্প্ৰীতি আৰু সহানুভূতিৰ ওপৰত সৰ্বাধিক মূল্য দিয়া পৰম্পৰা আমাৰ মহান পৰম্পৰাক সমৃদ্ধ কৰে।
মোৰ প্ৰিয় দেশবাসী,
ভাৰতৰ ভূমিয়ে এনে বহু মহান ব্যক্তিত্বৰ জন্ম দিছে যিয়ে এটা অপৰিসীম ছাপ এৰি গৈছে। এনেকুৱা এগৰাকী মহান ব্যক্তিত্ব হৈছে ভাই পৰমানন্দজী। কেইদিনমানৰ পাছতে ৪ নৱেম্বৰত আমি তেওঁৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰিম। ভাই পৰমানন্দজীৰ বাবে অনুপ্ৰেৰণা আৰু আদৰ্শৰ এটা প্ৰধান উৎস আছিল আর্য সমাজৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক। বিংশ শতিকাৰ আৰম্ভণিতে তেওঁ আৰ্য সমাজৰ কামৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিছিল, য’ত তেওঁ পূজনীয় বাপুক লগ পাইছিল। তেওঁ গায়ানাৰ ‘গিৰমিটিয়া’ সম্প্ৰদায়ৰ মাজতো কাম কৰিছিল, যি সেই সময়ত আৰ্য সমাজৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল। মোৰ নিজৰ গায়ানা ভ্ৰমণৰ সময়ত, মই আৰ্য সমাজ স্মাৰক ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ।
বন্ধুসকল,
ভাই পৰমানন্দজীয়ে স্বাধীনতা আন্দোলনত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কোৱা হয় যে ভাই পৰমানন্দজীয়ে লালা হৰদয়ালজীক আমেৰিকালৈ যাবলৈ উদ্বুদ্ধ কৰিছিল। তেওঁ গদৰ পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল। স্বাধীনতা সংগ্ৰামত তেওঁৰ প্ৰভাৱ ইমানেই গভীৰ আছিল যে ব্ৰিটিছ কৰ্তৃপক্ষই তেওঁক ‘কালাপানী’ৰ শাস্তি দিছিল। তেওঁ ‘আপবীতিঃ কালে পানী কি কাৰাবাস কাহানী’ শীৰ্ষক এখন গ্ৰন্থ ৰচনা কৰিছিল। স্বাধীনতা সংগ্ৰামীসকলে আগবঢ়োৱা ত্যাগক প্ৰকৃততে বুজিবলৈ এই গ্ৰন্থখন পঢ়িব লাগিব। শাস্তি সম্পূৰ্ণ কৰাৰ পাছত ভাই পৰমানন্দজীয়ে শিক্ষাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিছিল। আপুনি জানি আচৰিত হ’ব যে তেওঁ আনকি বীৰ ভগত সিঙকো শিক্ষা দিছিল।
পৰৱৰ্তী বছৰবোৰত তেওঁ বহু বছৰ ধৰি হিন্দু মহাসভাৰ সৈতে জড়িত হৈ আছিল। অন্য অৰ্থত ক’বলৈ গ’লে, গান্ধীজীৰ সৈতে তেওঁৰ সম্পৰ্কৰ পৰা আৰম্ভ কৰি গায়ানাত তেওঁৰ সময়লৈকে, আৰু গদৰ আন্দোলনৰ পৰা আন্দামানলৈকে, তেওঁৰ ব্যক্তিত্ব অনুপ্ৰেৰণাৰ মহান উৎস হিচাপে থিয় দিছে। মই ভাই পৰমানন্দজীক ভক্তিসহ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মই যুৱপ্ৰজন্মক তেওঁলোকৰ বিষয়ে জানিবলৈ আৰু আনকো অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনাইছোঁ।
মোৰ প্ৰিয় দেশবাসী,
অনাগত দিনবোৰ দীপাৱলীৰ উৎসৱ, ছঠৰ মহান উৎসৱ আৰু আন কেইবাটাও উৎসৱেৰে ভৰি পৰিব। সুস্থ আৰু সুৰক্ষিত হৈ থাকি আপোনাৰ সমগ্ৰ পৰিয়ালৰ সৈতে এই উৎসৱবোৰ উদযাপন কৰক আৰু আনকো আপোনাৰ আনন্দত অন্তৰ্ভুক্ত কৰক। এই উৎসৱসমূহৰ বাবে মই আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ।
প্ৰত্যেকবাৰৰ দৰে, মই এইবাৰো আপোনালোকৰ বাৰ্তা আৰু পৰামৰ্শ লাভ কৰিবলৈ আগ্ৰহী। আপোনালোকৰ পৰামৰ্শসমূহে ‘মন কী বাত’ক নতুন বিষয় আৰু নতুন দিশ প্ৰদান কৰে। আমি অহা মাহত আমাৰ সতীৰ্থ দেশবাসীৰ পৰা নতুন প্ৰচেষ্টা আৰু অনুপ্ৰেৰণামূলক কাহিনীৰ সৈতে পুনৰ লগ পাম।
বহুত বহুত ধন্যবাদ।
নমস্কাৰ।
*****
MJPS/SS/VJ/VK/MK
Join LIVE... #MannKiBaat
— PMO India (@PMOIndia) October 25, 2026
#MannKiBaat is, for me, nothing less than a pilgrimage - a journey to closely understand the efforts of our people and to salute their contributions: PM @narendramodi https://t.co/GjvgZuitXU
— PMO India (@PMOIndia) October 25, 2026
An inspiring initiative is reviving traditional farming practices in Punjab... #MannKiBaat https://t.co/YGKv7c5hZ0
— PMO India (@PMOIndia) October 25, 2026
A commendable community effort in Uttarakhand is helping revive the Heval River and restore natural water sources... #MannKiBaat https://t.co/ZT6IgpPDIv
— PMO India (@PMOIndia) October 25, 2026
Bihar's Makhana and Karnataka's Arhar Dal are finding new markets across the world. Maharashtra's tribal products are gaining recognition through packaging that reflects the richness of tribal art. The popularity of Khadi is growing, supporting the artisans whose skills keep our traditions alive. Let's strengthen Vocal for Local by choosing products made by our local artisans. #MannKiBaat
— PMO India (@PMOIndia) October 25, 2026
Technology is bringing healthcare closer to people, even in the remotest corners of India. e-Sanjeevani is making timely medical advice more accessible to all. #MannKiBaat https://t.co/l5O5olBkPD
— PMO India (@PMOIndia) October 25, 2026
IIT Madras is advancing brain research to help scientists better understand the human brain. #MannKiBaat https://t.co/PsDfzdd9j8
— PMO India (@PMOIndia) October 25, 2026
Remembering Narinder Singh Kapany Ji, the Father of Fiber Optics, whose pioneering work transformed modern communication. #MannKiBaat https://t.co/G2XhoEg6Ut
— PMO India (@PMOIndia) October 25, 2026
Traditional millet farming is making a comeback in Meghalaya and Nagaland. It is creating new opportunities for farmers in the Northeast. #MannKiBaat https://t.co/AMMMS5sEak
— PMO India (@PMOIndia) October 25, 2026
Tributes to Maharishi Valmiki, whose Ramayan continues to inspire generations with its timeless wisdom and teachings. #MannKiBaat https://t.co/I9cQPINwyy
— PMO India (@PMOIndia) October 25, 2026
Bhai Parmanand Ji's life is a story of courage, sacrifice and dedication to the nation. Remembering his invaluable contribution to India's freedom struggle. #MannKiBaat https://t.co/Ckm9vmY7pL
— PMO India (@PMOIndia) October 25, 2026
Very inspiring efforts from across India highlighted in today’s #MannKiBaat. Join in… https://t.co/1QIa12bGCo
— Narendra Modi (@narendramodi) October 25, 2026