Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দিল্লীৰ ঘটনাৰ পাছত ভূটানৰ সহমৰ্মিতাৰ বাবে প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা

দিল্লীৰ ঘটনাৰ পাছত ভূটানৰ সহমৰ্মিতাৰ বাবে প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উদযাপন অনুষ্ঠানত ভাৰতৰ সৈতে সংহতি প্ৰকাশ কৰাৰ বাবে ভূটানৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। দিল্লীত সংঘটিত শোকাৱহ ঘটনাটোৰ পাছত ভূটানৰ জনসাধাৰণে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে বিশেষভাৱে প্ৰাৰ্থনা জনাইছিল। প্ৰধানমন্ত্ৰীয়ে সহানুভূতি আৰু ঐক্যৰ এই গভীৰ দৃষ্টিভংগীক স্বীকাৰ কৰি কয়, “মই এই ভাব-প্ৰকাশক কেতিয়াও পাহৰিব নোৱাৰিম।”

এক্সৰ এটা পোষ্টত তেওঁ এনেদৰে লিখিছেঃ

“মহামান্য চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত ভূটানৰ জনসাধাৰণে বিশেষ প্ৰাৰ্থনাৰ জৰিয়তে দিল্লীত সংঘটিত বিস্ফোৰণৰ পাছত ভাৰতৰ জনসাধাৰণৰ সৈতে ঐক্য প্ৰকাশ কৰিছে। মই ইয়াক কেতিয়াও পাহৰিব নোৱাৰিম।”

***

MJPS/SR/HS