পি এম ইণ্ডিয়া
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী অনুৰা কুমাৰা দিছানায়কৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে।
প্ৰধানমন্ত্ৰীয়ে ঘূৰ্ণীবতাহ দিতৱাহৰ পৰিপ্ৰেক্ষিতত শ্ৰীলংকাত হোৱা প্ৰাণহানি আৰু ব্যাপক ধ্বংসলীলাৰ বাবে শোক প্ৰকাশ কৰে। তেওঁ এই কথা প্ৰকাশ কৰে যে ভাৰতৰ জনসাধাৰণে এই সংকটৰ সময়ত শ্ৰীলংকাৰ জনসাধাৰণৰ সৈতে দৃঢ়ভাবে থিয় দিছে আৰু সমৰ্থন জনাইছে।
ৰাষ্ট্ৰপতি দিছানায়কে দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত ভাৰতে আগবঢ়োৱা সহায়ৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে উদ্ধাৰকাৰী দল তথা সাহায্য সামগ্ৰীৰ দ্ৰুত প্ৰেৰণৰ বাবে ভাৰতৰ শলাগ লয়। ভাৰতৰ সময়োপযোগী তথা ফলপ্ৰসূ সঁহাৰিৰ বাবে শ্ৰীলংকাৰ জনসাধাৰণে কৰা প্ৰশংসাৰ কথাও তেওঁ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি দিছানায়কক চলি থকা অপাৰেচন সাগৰ বন্ধুৰ অধীনত শ্ৰীলংকাক ভাৰতে অবিৰত সমৰ্থন আগবঢ়োৱাৰ লগতে দুৰ্দশাগ্ৰস্ত লোকক উদ্ধাৰ তথা সাহায্য প্ৰদানৰ আশ্বাস দিয়ে
তেওঁ আশ্বাস দিয়ে যে ভাৰতে নিজৰ ভিজন মহাসাগৰ আৰু ‘প্ৰথম সঁহাৰিদাতা’ হিচাপে গ্ৰহণ কৰা ভূমিকাৰ সৈতে সংগতি ৰাখি শ্ৰীলংকাক পুনৰ্বাসনৰ প্ৰচেষ্টা হাতত লোৱা, ৰাজহুৱা সেৱা পুনৰ আৰম্ভ কৰাৰ লগতে ঘূৰ্ণী প্ৰভাৱান্বিত অঞ্চলসমূহত জীৱিকা পুনৰুদ্ধাৰৰ দিশত কাম কৰাৰ লগতে অনাগত দিনত সকলো প্ৰয়োজনীয় সহায় আগবঢ়াই যাব।
দুয়োগৰাকী নেতাই পৰৱৰ্তী সময়তো ঘনিষ্ঠ যোগাযোগত থাকিব বুলি কয়।
****
MJPS/VJ/DM
Spoke with President Dissanayake and conveyed heartfelt condolences on the tragic loss of lives and the widespread devastation caused by Cyclone Ditwah. As a close and trusted friend, India stands firmly beside Sri Lanka and its people in this difficult hour.
— Narendra Modi (@narendramodi) December 1, 2025
India will continue…