পি এম ইণ্ডিয়া
ইথিঅ‘পিয়াৰ মহামহিম প্ৰধানমন্ত্ৰী,
সংসদৰ উভয় সদনৰে সন্মানীয় অধ্যক্ষ,
সন্মানীয় সদস্যসকল,
মহামহিম,
আৰু ইথিঅ’পিয়াৰ মোৰ প্ৰিয় ভগ্নী আৰু ভ্ৰাতৃসকল,
আজি আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পোৱাটো মোৰ বাবে এক পৰম সৌভাগ্যৰ মুহূৰ্ত। এইদৰে সিংহৰ দেশ ইথিঅ’পিয়া ভ্ৰমণ কৰাটো আচৰিত কথা। মোৰ ঘৰত থকা যেনেই লাগিছে। কাৰণ ভাৰতৰ মোৰ গৃহ ৰাজ্য গুজৰাটো সিংহৰ বিচৰণভূমি।
ইয়াত, গণতন্ত্ৰৰ এই মন্দিৰত, প্ৰাচীন প্ৰজ্ঞা আৰু আধুনিক আকাংক্ষা সম্বলিত এখন ৰাষ্ট্ৰৰ কেন্দ্ৰত উপস্থিত থাকিবলৈ পাই মই সন্মান অনুভৱ কৰিছো। আৰু, আপোনালোকৰ সংসদ, আপোনাসৱৰ জনসাধাৰণ আৰু আপোনালোকৰ গণতান্ত্ৰিক যাত্ৰাৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰে আপোনাসৱৰ ওচৰলৈ আহিছো। মই ভাৰতৰ ১৪০ কোটি জনতাৰ হৈ বন্ধুত্ব, সদিচ্ছা, ভ্ৰাতৃত্ববোধৰ শুভেচ্ছা লৈ আহিছো।
মই বন্ধুত্ব, সদিচ্ছা আৰু ভ্ৰাতৃত্ববোধৰ শুভেচ্ছা লৈ আহিছো।
সন্মানীয় সদস্যসকল,
এই মহান ভৱনত আপোনালোকৰ নীতি-নিয়মসমূহ প্ৰণয়ন কৰা হয়। ইয়াত ৰাইজৰ ইচ্ছা ৰাষ্ট্ৰৰ ইচ্ছা হৈ পৰে। আৰু ৰাষ্ট্ৰৰ ইচ্ছা ৰাইজৰ ইচ্ছাৰে সংগতিপূৰ্ণ হোৱা মাত্ৰেকে প্ৰগতিৰ ৰথখন আশা আৰু উদ্দেশ্যেৰে আগবাঢ়ি যায়।
আপোনালোকৰ জৰিয়তে মই আপোনাসৱৰ পথাৰৰ কৃষকসকলৰ সৈতে, নতুন ধাৰণা গঢ়ি তোলা উদ্যোগীসকলৰ সৈতে, সমাজ আৰু প্ৰতিষ্ঠানসমূহক নেতৃত্ব প্ৰদান কৰা গৌৰৱান্বিত মহিলাসকলৰ সৈতে তথা ভৱিষ্যৎ গঢ় দিয়া ইথিঅ’পিয়াৰ যুৱক-যুৱতীসকলৰ সৈতেও কথা পাতিছো। এই পৰম সৌভাগ্যৰ বাবে আপোনাসৱক ধন্যবাদ জনাইছো।
কালি মোৰ প্ৰিয় বন্ধু প্ৰধানমন্ত্ৰী ডঃ আবি আহমেদৰ পৰা গ্ৰেণ্ড অনাৰ, নিশান অৱ ইথিঅ’পিয়া গ্ৰহণ কৰিও মই সন্মানিত হৈছো। মই বঁটাটো কৰযোৰে, নম্ৰতাৰে, ভাৰতবাসীৰ হৈ গ্ৰহণ কৰো।
সন্মানীয় সদস্যসকল,
ইথিঅ’পিয়া হৈছে মানৱ ইতিহাসৰ অন্যতম পুৰণি সভ্যতা। ইয়াত পাহাৰত, উপত্যকাত আৰু ইথিঅ’পিয়াৰ জনসাধাৰণৰ হৃদয়ত ইতিহাস সজীৱ হৈ আছে। আজি ইথিঅ’পিয়াই শিখৰত আৰোহণ কৰিছে, কাৰণ ইয়াৰ শিপা গভীৰ। ইথিঅ’পিয়াই এইদৰে থিয় হোৱাৰ কাৰণ হৈছে দেশখনে অতীতক সন্মান জনায়, ইয়াৰ বৰ্তমান উদ্দেশ্যেৰে পৰিপূৰ্ণ আৰু ভৱিষ্যতক মুকলি হৃদয়েৰে আদৰণি জনোৱা হয়।
পুৰণি আৰু নতুনৰ এই মিশ্ৰণ… প্ৰাচীন প্ৰজ্ঞা আৰু আধুনিক উচ্চাকাংক্ষাৰ মাজৰ এই ভাৰসাম্য… এয়াই হৈছে ইথিঅ’পিয়াৰ প্ৰকৃত শক্তি।
সমন্বয়ৰ এই মনোভাৱ ভাৰতত আমাৰ বাবে অতি চিনাকি। লালিবেলাৰ একক গীৰ্জাৰ দৰে ভাৰতৰ তামিলনাডুৰ প্ৰাচীন শৈল্য মন্দিৰসমূহে ঐতিহ্য বহন কৰে। আমিও এক প্ৰাচীন সভ্যতা, আমিও আত্মবিশ্বাসেৰে ভৱিষ্যৎ অভিমুখে ধাৱমান হৈছো।
সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াসৰ আহ্বানেৰে আমি অগ্ৰসৰ হৈছো। একেলগে, সকলোৰে বিকাশৰ বাবে, সকলোৰে আস্থা আৰু প্ৰচেষ্টাৰে আমি আগবাঢ়িছো। মাতৃভূমিৰ প্ৰতি আমাৰ আৱেগে আমাৰ উমৈহতীয়া দৃষ্টিভংগীকো প্ৰতিফলিত কৰে।
ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম আৰু ইথিঅ’পিয়াৰ ৰাষ্ট্ৰীয় সংগীত উভয়েই আমাৰ ভূমিক মাতৃ বুলি অভিহিত কৰিছে। যিয়ে আমাক ঐতিহ্য, সংস্কৃতি, প্ৰাকৃতিক সৌন্দৰ্য্যক লৈ গৌৰৱ কৰাৰ লগতে মাতৃভূমিক সুৰক্ষিত কৰিবলৈ অনুপ্ৰাণিত কৰে।
সন্মানীয় সদস্যসকল,
বিজ্ঞানে ইথিঅ’পিয়াত আমাৰ প্ৰজাতিৰ কেতবোৰ আদিম ছাপ বিচাৰি উলিয়াইছে। যেতিয়া বিশ্বই লুচিৰ কথা কয়, দিন্কিনেশৰ কথা কয়, যিয়ে কেৱল জীৱাশ্মৰ কথাই নাই কোৱা। বৰঞ্চ আৰম্ভণিৰ কথা কৈছে। এয়া এক আৰম্ভণি যি আমাৰ সকলোৰে, আমি অযোধ্যাত থাকোঁ বা আডিছ অবাবাত থাকোঁ।
ভাৰতত আমি বসুধৈৱ কুটুম্বকম বুলি কওঁ, বিশ্বখন এটা পৰিয়াল। এই দৰ্শনে আমাক সোঁৱৰাই দিয়ে যে ৰাজনীতিৰ সিপাৰে, সীমাৰ সিপাৰে, পাৰ্থক্যৰ সিপাৰে আমাৰ এক উমৈহতীয়া উৎপত্তি আছে। আৰু যদি আমাৰ আৰম্ভণি উমৈহতীয়া, তেন্তে আমাৰ ভাগ্যও উমৈহতীয়া হ’ব লাগিব।
সন্মানীয় সদস্যসকল,
ভাৰত আৰু ইথিঅ’পিয়াই জলবায়ুৰ ক্ষেত্ৰত তাপমান ভাগ কৰে, লগতে আত্মাৰ ক্ষেত্ৰতো উষ্ণতা ভাগ কৰে। প্ৰায় দুহাজাৰ বছৰ আগতে আমাৰ পূৰ্বপুৰুষসকলে বিশাল জলৰাশিৰ মাজেৰে সংযোগ গঢ়ি তুলিছিল। ভাৰত মহাসাগৰেদি জাহাজত সদাগৰসকলে মছলা, কপাহ, কফি আৰু সোণ সৰবৰাহ কৰিছিল। কিন্তু, তেওঁলোকে সামগ্ৰী, ব্যৱসায়তকৈ ধাৰণা, কাহিনী আৰু জীৱন-ধাৰণৰ পদ্ধতিৰ আদান-প্ৰদান কৰিছিল। অদুলিছ আৰু ঢোলেৰাৰ দৰে বন্দৰসমূহ কেৱল বাণিজ্য কেন্দ্ৰই নাছিল। বৰঞ্চ সভ্যতাৰ মাজত সাঁকোও আছিল।
আধুনিক যুগত আমাৰ সম্পৰ্কই নতুন যুগত প্ৰৱেশ কৰে। ১৯৪১-ত ইথিঅ’পিয়াৰ মুক্তিৰ বাবে ভাৰতীয় সৈন্যই ইথিঅ’পিয়াৰ সৈতে যুঁজিছিল। ভাৰত স্বাধীন হোৱাৰ কিছু সময়ৰ পিছতে আমাৰ আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক আৰম্ভ হৈছিল।
কিন্তু দূতাবাস স্থাপন হোৱাৰ পূৰ্বেই ইতিমধ্যে আমাৰ জনসাধাৰণে একেলগে এটা নতুন অধ্যায় লিখিবলৈ আৰম্ভ কৰিছিল। হাজাৰ-হাজাৰ ভাৰতীয় শিক্ষক ইথিঅ’পিয়ালৈ আহিছিল। তেওঁলোকে ইথিঅ’পিয়াৰ বিদ্যালয়ত উপস্থিত হৈছিল তথা ইথিঅ’পিয়াৰ হৃদয়ত প্ৰৱেশ কৰিছিল। আজিও ইথিঅ’পিয়াৰ একাধিক অভিভাৱকে তেওঁলোকৰ সন্তানৰ ভৱিষ্যৎ গঢ় দিয়া ভাৰতীয় শিক্ষকসকলৰ বিষয়ে সস্নেহে কয়।
আৰু ভাৰতীয় শিক্ষকসকল যেনেকৈ ইয়ালৈ আহিছিল, ঠিক তেনেকৈ ইথিঅ’পিয়াৰ ছাত্ৰ-ছাত্ৰীসকলেও জ্ঞান আৰু বন্ধুত্ব বিচাৰি ভাৰত ভ্ৰমণ কৰিছিল। তেওঁলোক ছাত্ৰ হিচাপে ভাৰতলৈ গৈ আধুনিক ইথিঅ’পিয়াৰ একো-একোজন নিৰ্মাতা হিচাপে গৃহ ৰাষ্ট্ৰলৈ ঘূৰি আহিছিল। মই জানিব পাৰিছো যে তেওঁলোকৰ একাংশ বৰ্তমান ইয়াত এই সংসদত উপস্থিত আছে!
আমাৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰতো তেওঁলোকে বিশেষ ভূমিকা পালন কৰিছে। কাৰণ তেওঁলোকে ভাৰতত ইথিঅ’পিয়াৰ খাদ্যৰ প্ৰচলন কৰিছিল। ভাৰততো আমি ৰাগি আৰু বাজৰাৰ দৰে “শ্ৰী অন্ন” খাই ভাল পাওঁ। গতিকে, ইথিঅ’পিয়াৰ টেফেৰ সোৱাদ আমাৰ বাবে অতি আগ্ৰহৰ। আৰু, যিহেতু আমি ভাৰতীয় থালি খাই ভাল পাওঁ, ইথিওপিয়াৰ বেআ-নেতুও আমাৰ বাবে অতি চিনাকি যেন লাগে।
সন্মানীয় সদস্যসকল,
আজি ইথিঅ’পিয়াত ভাৰতীয় কোম্পানীসমূহ হৈছে সৰ্বাধিক বিদেশী বিনিয়োগকাৰীৰ অন্যতম। এইসমূহে বস্ত্ৰশিল্প, মেনুফেক্সাৰিং, কৃষি, স্বাস্থ্য আদি ভিন্ন খণ্ডত পাঁচ বিলিয়ন ডলাৰৰো অধিক বিনিয়োগ কৰিছে। আৰু, এইসমূহে ৭৫ হাজাৰৰো অধিক স্থানীয় চাকৰিৰ সৃষ্টি কৰিছে।
কিন্তু, মই নিশ্চিত যে আমি সকলোৱে একমত হ’ব পাৰো যে আমাৰ অংশীদাৰিত্বৰ বহুত বেছি সম্ভাৱনা আছে। সেইবাবেই, প্ৰধানমন্ত্ৰী ডঃ আবি আহমেদ আৰু মই কালি এটা গুৰুত্বপূৰ্ণ পদক্ষেপক আগুৱাই নিও। আমি আমাৰ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ পৰ্য্যায়লৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হৈছো।
ইয়াৰ দ্বাৰা আমাৰ অৰ্থনীতিৰ সম্ভাৱনা মুকলি হ’ব। প্ৰযুক্তি, উদ্ভাৱন, খনন, বহনক্ষমতা আৰু স্বচ্ছ শক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ জৰিয়তে এয়া বাস্তৱায়িত হ’ব। ইয়াৰ উপৰিও খাদ্য সুৰক্ষা, স্বাস্থ্য সুৰক্ষা আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতাই আমাৰ সমাজসমূহৰ ভৱিষ্যতক সুৰক্ষিত কৰাত সহায় কৰিব। ইয়াৰ উপৰিও আমি আমাৰ বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ লগতে প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰতো বৰ্ধন ঘটাম।
সন্মানীয় সদস্যসকল,
উন্নয়নশীল দেশ হিচাপে আমি বহুখিনি পৰস্পৰে-পৰস্পৰৰ পৰা শিকিবলগীয়া আৰু আগবঢ়াবলগীয়া আছে। কৃষি হৈছে আমাৰ উভয় ৰাষ্ট্ৰৰে আধাৰ। ই আমাৰ জনতাক অন্নদান কৰে। ই আমাৰ কৃষকসকলক বৰ্তাই ৰাখে। ই পৰম্পৰাক উদ্ভাৱনৰ সৈতে সংযোগ কৰে। আমি একেলগে কাম কৰি উন্নত বীজ, জলসিঞ্চন ব্যৱস্থা আৰু ভূমি-স্বাস্থ্য প্ৰযুক্তি বিকশিত কৰিব পাৰো।
যিহেতু জলবায়ু পৰিৱৰ্তনে বৰষুণ আৰু শস্যৰ চক্ৰত প্ৰভাৱ পেলায়, গতিকে আমি জলবায়ু স্থিতিস্থাপক কৃষিৰ জ্ঞানৰ আদান-প্ৰদান কৰিব পাৰো। দুগ্ধ পালনৰ পৰা আৰম্ভ কৰি কৃষি যান্ত্ৰিকীকৰণলৈকে, বাজৰাৰ গৱেষণাৰ পৰা আৰম্ভ কৰি খাদ্য সংসাধনলৈকে, আমি একেলগে আমাৰ কৃষকসকলক সমৃদ্ধিশালী হোৱাত সহায় কৰিব পাৰো।
সন্মানীয় সদস্যসকল,
ভাৰতত আমি এটা শক্তিশালী ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি তুলিছো। ই আমি সেৱা আগবঢ়োৱাৰ ধৰণ আৰু জনতাই এয়া লাভ কৰা পন্থাৰ পৰিৱৰ্তন ঘটাইছে। আজি ভাৰতৰ প্ৰতিজন নাগৰিকে পেমেন্টৰ বাবে, পৰিচয়ৰ বাবে, চৰকাৰী সেৱাৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰে। বিশ্বৰ আধাতকৈ অধিক বাস্তৱ-সময়ৰ ডিজিটেল পেমেন্ট এতিয়া ভাৰতত সম্পন্ন হয়।
লক্ষ-লক্ষ হিতাধিকাৰীৰ বেংক একাউন্টত ৫০০ বিলিয়ন ডলাৰৰো অধিক মূল্যৰ কল্যাণমূলক লাভ পোনপটীয়াকৈ সোমাইছে। ইয়াত লিকেজ বা দুৰ্নীতিৰ কোনো আশ্ৰয় নাই। প্ৰতি বছৰে তিনিবাৰকৈ প্ৰায় ১০০ নিযুত কৃষকে এটা বুটাম ক্লিকতে আৰ্থিক সাহায্য লাভ কৰে।
আপোনাসৱে ডিজিটেল ইথিঅ’পিয়া, ২০২৫ কৌশল ৰূপায়ণ কৰাৰ লগে-লগে আমি ইথিঅ’পিয়াৰ সৈতে আমাৰ বিশেষজ্ঞতা আৰু আমাৰ অভিজ্ঞতাৰ আদান-প্ৰদান কৰিবলৈ সাজু। আৰু, আপোনালোকে আপোনাসৱৰ বৈদেশিক মন্ত্ৰালয়ৰ বাবে ডাটা চেন্টাৰ স্থাপনৰ ক্ষেত্ৰত ভাৰতক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে বাছি লোৱাত আমি সন্তোষ পাইছো।
সন্মানীয় সদস্যসকল,
ভাৰত বিশ্বৰ ফাৰ্মাচী হিচাপে পৰিচিত। ক’ভিড মহামাৰীৰ সময়ত সমগ্ৰ বিশ্ব চিন্তিত হৈ পৰিছিল। বৰ কঠিন সময় আছিল। সীমিত সম্পদ থকাৰ পাছতো আমি আনৰ সহায়ৰ বাবে সকলো সম্ভৱ কৰি তোলাটো মানৱতাৰ প্ৰতি আমাৰ পবিত্ৰ কৰ্তব্য বুলি গণ্য কৰিছিলোঁ।
ভাৰতে ১৫০ খনৰো অধিক দেশলৈ ঔষধ আৰু ভেকচিন প্ৰেৰণ কৰিছিল। ইথিঅ’পিয়াক ৪ নিযুতৰো অধিক পালি ভেকচিন যোগান ধৰিবলৈ পোৱাটো ভাৰতৰ পৰম সৌভাগ্যৰ কথা। আৰু, ইথিঅ’পিয়াৰ সুযোগ্য সন্তান, ভাৰতত তুলসী ভাই হিচাপে পৰিচিত ডাঃ টেড্ৰোছ নেতৃত্বাধীন বিশ্ব স্বাস্থ্য সংস্থাৰ (W.H.O) সৈতে অংশীদাৰিত্ব কৰিবলৈ পোৱাটোও আমাৰেই সৌভাগ্য।
মই আনন্দিত যে আমাৰ স্বাস্থ্যসেৱাৰ সহযোগিতা বৃদ্ধি পাইছে, ঔষধৰ পৰা চিকিৎসালয়লৈকে আৰু পৰম্পৰাগত চিকিৎসাৰ পৰা টেলিমেডিচিনলৈকে ইয়াৰ সম্প্ৰসাৰণ ঘটিছে। আমি আমাৰ স্বাস্থ্য সুৰক্ষা সহযোগিতাক অধিক সুদৃঢ় কৰিবলৈ অংগীকাৰবদ্ধ। চিকিৎসালয়ত নতুন সঁজুলিৰ ব্যৱস্থা কৰাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ সামৰ্থ্য বিকাশ কাৰ্য্যলৈকে ইয়াত অন্তৰ্ভুক্ত হৈছে।
সন্মানীয় সদস্যসকল,
ইথিঅ’পিয়া আফ্ৰিকাৰ এটা প্ৰান্তত আছে। ভাৰত মহাসাগৰৰ বুকুত থিয় দিছে ভাৰতে। ইয়াৰ পৰিপ্ৰেক্ষিতত আঞ্চলিক শান্তি, নিৰাপত্তা আৰু সংযোগৰ ক্ষেত্ৰত আমি স্বাভাৱিক অংশীদাৰ।
চলিত বৰ্ষৰ আৰম্ভণিতে প্ৰতিৰক্ষা সহযোগিতা চুক্তি স্বাক্ষৰিত হোৱাৰ লগে-লগে আমাৰ পাৰস্পৰিক সুৰক্ষাৰ প্ৰতি দায়বদ্ধতা অধিক গভীৰ হৈ উঠিল। এই চুক্তিখনে ঘনিষ্ঠ সামৰিক সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াত চাইবাৰ সুৰক্ষা, প্ৰতিৰক্ষা উদ্যোগ, যৌথ গৱেষণা আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতাক অন্তৰ্ভুক্ত কৰা হৈছে।
এই সুযোগতে এপ্ৰিলত ভাৰতৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত আমাৰ প্ৰতি আপোনালোকে সংহতিৰ মনোভাৱ প্ৰদৰ্শনৰ বাবে ইথিঅ’পিয়াক ধন্যবাদ জনাইছো। আমাৰ সৰ্বদলীয় সংসদীয় প্ৰতিনিধি দলটোক সাদৰেৰে আদৰণি জনোৱাৰ বাবে আৰু সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দায়বদ্ধতাক দৃঢ় কৰাৰ বাবেও মই আপোনালোকক ধন্যবাদ জনাইছো।
সন্মানীয় সদস্যসকল,
স্পন্দনশীল আৰু বৈচিত্ৰ্যময় গণতন্ত্ৰ হিচাপে আমি উভয়ে বুজো যে গণতন্ত্ৰ হৈছে এক জীৱনশৈলী আৰু এয়া এক যাত্ৰা। কেতিয়াবা বিতৰ্কৰ দ্বাৰা, কেতিয়াবা মতানৈক্যৰ দ্বাৰা, কিন্তু সদায় ই আইনৰ শাসন আৰু জনসাধাৰণৰ ইচ্ছাৰ ওপৰত বিশ্বাস আধাৰিত।
আমাৰ দুয়োখন সংবিধানতো এই মনোভাৱ প্ৰতিফলিত হৈছে। ভাৰতৰ সংবিধানৰ আৰম্ভণিতে লিখা হৈছেঃ “আমি, ভাৰতৰ জনসাধাৰণ।” ইথিঅ’পিয়াৰ সংবিধানৰ আৰম্ভণিতেও এইদৰে কোৱা হৈছেঃ “আমি ইথিঅ’পিয়া ৰাষ্ট্ৰ, ইয়াৰ জাতি আৰু জনতা।” ইয়াৰ বাৰ্তা একেইঃ আমাৰ ভাগ্য আমাৰ হাততে আছে।
আজি পুৱাৰ ভাগত মোৰ বিজয় স্মাৰকত পুষ্পাঞ্জলি অৰ্পণৰ সৌভাগ্য হয়। এই স্মাৰকে ইথিঅ’পিয়াৰ বিজয়ে সমগ্ৰ ঔপনিবেশিক বিশ্বক মৰ্য্যাদা আৰু স্বাধীনতাৰ সন্ধানত কেনেদৰে অনুপ্ৰাণিত কৰিছিল তাৰ এক কালজয়ী সোঁৱৰণী হিচাপে কাম কৰি আহিছে। আৰু এই সংঘাত আৰু অনিশ্চয়তাৰ সময়ত গ্ল’বেল চাউথৰ জনসাধাৰণে যে নিজৰ পক্ষত থিয় দিব পাৰে তাৰো স্মাৰক।
সন্মানীয় সদস্যসকল,
মহাত্মা গান্ধীয়ে আমাৰ আগত এক আদৰ্শ দাঙি ধৰিছিল। এই সুন্দৰ গ্ৰহটো আৰু ইয়াৰ সম্পদৰ গৰাকী দৰাচলতে আমি নহয়। বৰঞ্চ আমি প্ৰতিপালনকাৰী, যিয়ে এইসমূহৰ যত্ন ল’ব লাগিব আৰু আমাৰ ল’ৰা-ছোৱালীৰ মাজলৈ আগুৱাই নিব লাগিব। ভাৰতৰ “এক পেড় মা কে নাম” – “মাতৃৰ নামত এজোপা গছ” পদক্ষেপক পথ প্ৰদৰ্শন কৰা মনোভাৱ ইথিঅ’পিয়াৰ সেউজ লিগেচি পদক্ষেপতো প্ৰতিফলিত হৈছে।
আমাৰ উভয় ৰাষ্ট্ৰই ধৰিত্ৰী মাতৃৰ যত্ন লোৱা কাৰ্য্যত বিশ্বাস কৰে। উভয়েই প্ৰকৃতিক ঘূৰাই দিয়াত বিশ্বাস কৰে। আহক আমি একেলগে নবীকৰণযোগ্য শক্তি আৰু সেউজ চাকৰি সন্দৰ্ভত কাম কৰোঁ। আহক আমি দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি আৰু জৈৱ ইন্ধনৰ ওপৰত কাম কৰোঁ। আৰু জলবায়ু ন্যায়ৰ বাবে এক শক্তিশালী কণ্ঠ হওঁ। ২০২৭-ৰ চিঅ’পি-৩২ ত গ্ল’বেল চাউথৰ শক্তিশালী কণ্ঠৰ বাবে ইথিঅ’পিয়াৰ প্ৰচেষ্টালৈ ভাৰতে সমৰ্থন আগবঢ়াব।
সন্মানীয় সদস্যসকল,
মই জানিব পাৰিছো যে ইথিঅ’পিয়াত এষাৰ কথা আছে, “যেতিয়া মকৰা জাল একত্ৰিত হয়, তেতিয়া ই সিংহ বান্ধিব পাৰে।” আমিও ভাৰতত বিশ্বাস কৰোঁ যে যেতিয়া হৃদয় একত্ৰিত হয়, আনকি পাহাৰেও বাট এৰি দিয়ে।
সঁচাকৈয়ে সংহতিয়েই হৈছে শক্তি, সহযোগিতাই হৈছে সামৰ্থ্য। আৰু আজি গ্ল’বেল চাউথৰ ৰাষ্ট্ৰ হিচাপে, প্ৰাচীন সভ্যতা হিচাপে, বন্ধু হিচাপে ভাৰত আৰু ইথিঅ’পিয়া একেলগে অগ্ৰসৰ হৈছে। আমি এটা পৰিয়ালৰ সদস্য হিচাপে একেলগে থিয় দিছো। আৰু আমি এখন অধিক ন্যায়সংগত, অধিক সমতাপূৰ্ণ আৰু অধিক শান্তিপূৰ্ণ বিশ্বৰ বাবে কাম কৰিছো।
ইয়াত আফ্ৰিকাৰ ঐক্যৰ সপোনবোৰে স্থান লাভ কৰিছে। মই জানিব পাৰিছো যে এই আচৰিত চহৰখনৰ বহু পথৰ নাম আনকি আফ্ৰিকান দেশৰ নামেৰেও ৰখা হৈছে!
ভাৰত মহাসাগৰৰ সিটো পাৰে নতুন দিল্লীতে ভাৰতে আফ্ৰিকান ইউনিয়নক জি-২০ ৰ স্থায়ী সদস্য হিচাপে আদৰণি জনাই সন্তোষ লভিছিল। যোৱা বছৰ আমি ইথিঅ’পিয়াক ব্ৰিকছৰ পূৰ্ণকালীন সদস্য হিচাপে অন্তৰ্ভুক্ত কৰি আন এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিলো।
আচলতে মোৰ চৰকাৰৰ ১১ বছৰত ভাৰত আৰু আফ্ৰিকাৰ মাজৰ সংযোগ বহুগুণে বাঢ়িছে। এই সময়ছোৱাত আমি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী পৰ্য্যায়ত ১০০-ৰো অধিক বাৰ ভ্ৰমণ কৰিছো।
সন্মানীয় সদস্যসকল,
গ্ল’বেল চাউথে নিজৰ ভাগ্য লিখিছে। আৰু, ভাৰত আৰু ইথিঅ’পিয়াৰ ইয়াৰ বাবে এক উমৈহতীয়া দৃষ্টিভংগী আছে। আমাৰ দৃষ্টিভংগী এনে এখন বিশ্বৰ য’ত গ্ল’বেল চাউথ কাৰো বিৰুদ্ধ নহয়, বৰঞ্চ সকলোৰে বাবে হৈ উঠিব।
এনে এখন বিশ্ব য’ত উন্নয়ন ন্যায্য, য’ত প্ৰযুক্তি সুলভ আৰু য’ত সাৰ্বভৌমত্বক সন্মান কৰা হয়। এনে এখন বিশ্ব য’ত সমৃদ্ধিৰ ভাগ-বতৰা কৰা হয় আৰু শান্তি ৰক্ষা কৰা হয়। আৰু, এনে এখন বিশ্ব য’ত সিদ্ধান্ত গ্ৰহণে ১৯৪৫-ৰ বিশ্বখনক নহয়, বৰঞ্চ আজিৰ বাস্তৱতাক প্ৰতিফলিত কৰে। কাৰণ ব্যৱস্থাসমূহ অতীতত আবদ্ধ হৈ থাকিলে বিশ্বখন আগবাঢ়িব নোৱাৰে।
সেইবাবেই, ভাৰতে গ্ল’বেল ডেভেলপমেন্ট কম্পেক্টৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াত প্ৰযুক্তিৰ বিনিময়, সুলভ মূল্যৰ বিত্ত, সামৰ্থ্য বিকাশ আৰু বহনক্ষম বিকাশৰ বাবে বাণিজ্যক অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব। সেইবাবেই নৱেম্বৰত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনত মই “আফ্ৰিকা স্কিলছ মাল্টিপ্লাইয়াৰ ইনিচিয়েটিভ”ৰ আহ্বান জনাইছিলো, যাতে ১ নিযুত প্ৰশিক্ষকে প্ৰশিক্ষণ লাভ কৰে। ই স্থানীয় সামৰ্থ্য গঢ়ি তুলিব আৰু সৰ্বাংগীন তথা বহনক্ষম উন্নয়নৰ দিশত আপোনাসৱৰ প্ৰচেষ্টাত সহায় কৰিব।
সন্মানীয় সদস্যসকল,
চাহৰ সৈতে মোৰ ব্যক্তিগত সম্পৰ্ক সকলোৰে পৰিচিত। কিন্তু, ইথিঅ’পিয়ালৈ আহি কফিৰ কথা নক’লে ঠিক নহ’ব! এয়া হৈছে বিশ্বলৈ আপোনাসৱৰ অন্যতম পৰম উপহাৰ!
ইথিঅ’পিয়াৰ কফি মেলত জনসাধাৰণ একত্ৰিত হয়, সময়ৰ গতি লেহেমীয়া হয় আৰু বন্ধুত্ব গভীৰ হৈ পৰে। ভাৰততো একাপ চাহ কথা পাতিবলৈ, শ্বেয়াৰ কৰিবলৈ, সংযোগ কৰিবলৈ এক মাধ্যম। আৰু, ইথিঅ’পিয়াৰ কফি আৰু ভাৰতীয় চাহৰ দৰেই আমাৰ বন্ধুত্বও অধিক গভীৰ হৈ উঠিছে!
আজি মই আপোনালোকৰ সন্মুখত, ভগ্নী-ভ্ৰাতৃসকলৰ মাজত গভীৰ কৃতজ্ঞতাৰ ভাৱনাৰে আৰু ভৱিষ্যতৰ উজ্জ্বল আশাৰে থিয় দিছো। আমাক ভৱিষ্যতে মাতিছে। আৰু, ভাৰত আৰু ইথিঅ’পিয়া সঁহাৰি জনাবলৈ সাজু হৈছে।
সন্মানীয় সদস্যসকল,
সামৰণিত মই আপোনালোকক আশ্বস্ত কৰিব খুজিছো যে আমি সমানে-সমানে একেলগে খোজ দিম। আমি অংশীদাৰ হিচাপে একেলগে গঢ়ি তুলিম। আৰু, আমি বন্ধু হিচাপে একেলগে সফল হম।
এই সংসদত ভাষণ প্ৰদানৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনালো। বন্ধুত্বৰ বাবে ধন্যবাদ জনাইছো। আপোনাসৱৰ আস্থাৰ বাবে ধন্যবাদ।
***
MJPS/ST/SB
Honoured to address the Ethiopian Parliament. Watch my speech. https://t.co/fxEZ7EAnFW
— Narendra Modi (@narendramodi) December 17, 2025
PM @narendramodi expresses gratitude for the ‘Great Honour Nishan of Ethiopia.’ pic.twitter.com/ZEj1t26IuN
— PMO India (@PMOIndia) December 17, 2025
India’s national song, Vande Mataram and the Ethiopian national anthem both refer to our land as the mother. pic.twitter.com/y2zUItwpGG
— PMO India (@PMOIndia) December 17, 2025
India’s Digital Public Infrastructure has transformed the way we deliver services and how people access them. pic.twitter.com/QnXWVSkJIU
— PMO India (@PMOIndia) December 17, 2025
India sent medicines and vaccines to more than 150 countries. pic.twitter.com/Cec94KLC6l
— PMO India (@PMOIndia) December 17, 2025
India and Ethiopia are natural partners in regional peace, security and connectivity. pic.twitter.com/a1hnVfgQjK
— PMO India (@PMOIndia) December 17, 2025
Over the 11 years of my government, the connection between India and Africa has grown manifold. pic.twitter.com/ruzuhHKg8E
— PMO India (@PMOIndia) December 17, 2025
Our vision is of a world where the Global South rises not against anyone, but for everyone. pic.twitter.com/G1AYdpiKH0
— PMO India (@PMOIndia) December 17, 2025
The world cannot move forward if its systems remain locked in the past. pic.twitter.com/dzh5bRgQYJ
— PMO India (@PMOIndia) December 17, 2025
It was a great honour and privilege to address the Ethiopian Parliament this morning. Ethiopia’s rich history, culture and spirit inspire deep respect and admiration. I conveyed India’s commitment to further strengthening our partnership, guided by shared values, mutual trust and… pic.twitter.com/pxvvvrZ083
— Narendra Modi (@narendramodi) December 17, 2025
ዛሬ ጠዋት ለኢትዮጵያ ፓርላማ ንግግር ማድረጌ ትልቅ ክብርና እድል ነበር። የኢትዮጵያ የበለፀገ ታሪክ፣ ባህልና መንፈስ ጥልቅ አክብሮትና አድናቆትን ያነሳሳል። ህንድ በጋራ እሴቶች፣ በጋራ መተማመን እና ለሰላም፣ ለልማትና ለትብብር የጋራ ራዕይ… pic.twitter.com/S4iqBecyeE
— Narendra Modi (@narendramodi) December 17, 2025
Delighted to have interacted with Ministers and MPs of Ethiopia after my address to the Ethiopian Parliament. pic.twitter.com/tWYd3CvM76
— Narendra Modi (@narendramodi) December 17, 2025