Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ষঠ মহাপৰ্বৰ সন্ধ্যা অৰ্ঘ্য উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


ষঠ মহাপৰ্বৰ সন্ধ্যা অৰ্ঘ্য উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো নাগৰিকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে প্ৰকৃতিৰ উপাসনাৰ সৈতে জড়িত এই পৱিত্ৰ ক্ষণে সকলোৰে জীৱনলৈ নতুন চেতনা আৰু উদ্যম কঢ়িয়াই আনিব। লগতে সমাজত সম্প্ৰীতি আৰু সামাজিক ঐক্যৰ বান্ধোন অধিক সুদৃঢ় কৰিব।

প্ৰধানমন্ত্ৰীয়ে সূৰ্যদেৱতাৰ আশীৰ্বাদত সকলোৰে জীৱন আলোকিত হৈ উঠক বুলি প্ৰাৰ্থনা জনোৱাৰ লগতে  ষঠী মাইয়াৰ বন্দনা কৰে।

প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম ‘এক্স’ত এইদৰে শুভেচ্ছা জ্ঞাপন কৰিছে—

“মহাপৰ্ব ষঠৰ সন্ধ্যা অৰ্ঘ্য উপলক্ষে সমূহ দেশবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰকৃতিৰ উপাসনাৰ প্ৰতি উৎসৰ্গিত এই পৱিত্ৰ উপলক্ষই সকলোৰে জীৱনলৈ নতুন চেতনা আৰু স্ফূৰ্তি কঢ়িয়াই আনক। লগতে সমাজত পাৰস্পৰিক সম্প্ৰীতি আৰু সমন্বয়ৰ ভাৱ অধিক সুদৃঢ় কৰি তোলক। সূৰ্যদেৱতাৰ কৃপাত সকলোৰে জীৱন আলোকিত হৈ উঠক। জয় ষঠী মাইয়া!”

—

MJPS/SS/PRK/DM