পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় লঘু উদ্যোগ উন্নয়ন বেংক (ছিডবি)ক ৫,০০০ কোটি টকাৰ ইকুইটি সমৰ্থন প্ৰদানৰ বাবে অনুমোদন জনাইছে।
বিত্তীয় সেৱা বিভাগে (ডিএফএছ)তিনিটা কিস্তিত এছআইডিবিআইত ৫০০০ কোটি টকাৰ ইকুইটি মূলধন যোগান ধৰিব। সেই অনুসৰি, ২০২৫-২৬ বিত্তীয় বৰ্ষত ৩১.০৩.২০২৫ তাৰিখলৈ ৫৬৮.৬৫ টকাৰ বুক ভেল্যুৰ হিচাপ ৩০০০ কোটি টকা আৰু ২০২৬-২৭ আৰু ২০২৭-২৮ বিত্তীয় বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত ১,০০০ কোটি টকাকৈ প্ৰদান কৰিব।
প্ৰভাৱঃ
৫,০০০ কোটি টকাৰ ইকুইটি কেপিটেল প্ৰদানৰ ফলত বিত্তীয় সাহায্য প্ৰদান কৰিবলগীয়া এমএছএমইৰ সংখ্যা ২০২৫ বিত্তীয় বৰ্ষৰ শেষলৈ ৭৬.২৬ লাখৰ পৰা ১০২ লাখলৈ বৃদ্ধি পোৱাৰ আশা কৰা হৈছে (আনুমানিক ২৫.৭৪ লাখ নতুন এমএছএমই হিতাধিকাৰী ২০২৮ বিত্তীয় বৰ্ষৰ শেষলৈ সংযুক্ত কৰা হ’ব) । এমএছএমইৰ চৰকাৰী ৱেবছাইটৰ পৰা পোৱা শেহতীয়া তথ্য অনুসৰি (৩০.০৯.২০২৫ লৈকে) ৬.৯০ কোটি এমএছএমইয়ে ৩০.১৬ কোটি কৰ্মসংস্থাপন সৃষ্টি কৰিছে (অৰ্থাৎ প্ৰতি এমএছএমইত ৪.৩৭ জন লোকৰ কৰ্মসংস্থাপন সৃষ্টি হৈছে) । ২০২৭-২৮ বিত্তীয় বৰ্ষৰ শেষলৈ ২৫.৭৪ লাখ নতুন এমএছএমই হিতাধিকাৰীৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
পটভূমিঃ
পৰৱৰ্তী পাঁচ বছৰত এই প’র্টফ’লিঅ’ৰ নিৰ্ধাৰিত ঋণ আৰু প্ৰত্যাশিত বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি ছিডবিৰ বেলেন্সৰ ৰিস্ক-ওয়েটেড এচিভসমূহ যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে। এই বৃদ্ধিৰ ফলত মূলধন আৰু ৰিস্ক-ৱেটেড এছেট ৰেচিঅ’ (চিআৰএৰ)ৰ একে স্তৰ বজাই ৰখাৰ বাবে অধিক মূলধনৰ প্ৰয়োজন হ’ব। ডিজিটেল আৰু ডিজিটেলী সক্ষম জামিনবিহীন ঋণ সামগ্ৰীসমূহ ছিডবিআইৰ দ্বাৰা বিকাশ সাধন কৰা হৈছে, যাৰ লক্ষ্য হৈছে ক্ৰেডিট প্ৰবাহ বৃদ্ধি কৰা, ষ্টাৰ্ট-আপসমূহলৈ আগবঢ়োৱা ভেঞ্চাৰ ঋণৰ সৈতে, ৰিস্ক-ৱেটেড এছেটসমূহ আৰু অধিক বৃদ্ধি কৰিব, সুস্থ চিআৰএৰ পূৰণ কৰিবলৈ আৰু অধিক মূলধনৰ প্ৰয়োজন হ’ব।
***
MJPS/DB
Today’s Cabinet decision relating to providing equity support to Small Industries Development Bank of India (SIDBI) will benefit countless MSMEs thus contributing to a Viksit Bharat. https://t.co/FASjgbT1sB
— Narendra Modi (@narendramodi) January 21, 2026