Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেৰালামৰ এৰ্নাকুলামত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু ৰাষ্ট্ৰলৈ সমৰ্পনৰ কিয়দাংশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

কেৰালামৰ এৰ্নাকুলামত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু ৰাষ্ট্ৰলৈ সমৰ্পনৰ কিয়দাংশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একাধিক প্ৰকল্পৰ শুভাৰম্ভ কৰি কেৰালামৰ উন্নয়নক ত্বৰান্বিত কৰাৰ উদ্দেশ্যেৰে স্পন্দনশীল উপকূলীয় চহৰ কোচি ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰীয়ে মুঠ প্ৰায় ১১,০০০ কোটি টকাৰ পদক্ষেপৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সমবেতসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কোচিলৈ আহি সদায় এক বিশেষ অভিজ্ঞতা লাভ কৰা বুলি উল্লেখ কৰি কয়, “মই এই প্ৰকল্পসমূহৰ বাবে কেৰালামৰ জনসাধাৰণক আন্তৰিক অভিনন্দন জনাইছো।”

এক্স-ৰ এলানি প’ষ্টত কিয়দাংশ শ্বেয়াৰ কৰি শ্ৰী মোদীয়ে কয়ঃ

“আজি সামুদ্ৰিক শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত নতুন সুযোগৰ উন্মেষ ঘটিছে। আমাৰ চৰকাৰেও একেদৰেই উৎসাহিত কৰিছে।

একেদৰে আমি আধুনিক মীন পালন ব্যৱস্থাকো প্ৰসাৰিত কৰিছো।”

“আমাৰ চৰকাৰেই মাছমৰীয়া সকলৰ কল্যাণ সাধনৰ বাবে এটা সুকীয়া মন্ত্ৰালয় গঠন কৰিছিল। ইয়াৰ ফলত কেৰালাম যথেষ্ট উপকৃত হৈছে। এই খণ্ডতো এফপিঅ’-ৰ বৰ্ধন ঘটাত সন্তোষ লভিছো।”

“অখিল কেৰালাম ধীৱৰা সভাই সামাজিক সম্প্ৰীতি আৰু ঐক্যৰ প্ৰসাৰৰ ক্ষেত্ৰত অতিশয় উল্লেখযোগ্য অৱদান আগবঢ়াইছে।”

“কোচি শোধনাগাৰৰ পলিপ্ৰ’পিলিন ইউনিটে আত্ম-নিৰ্ভৰতাৰ দিশত আমাৰ প্ৰচেষ্টাক সুদৃঢ় কৰিব আৰু পেকেজিং, বস্ত্ৰশিল্প, অট’ম’বাইল তথা চিকিৎসা আহিলাৰ দৰে বহু খণ্ডক সহায় কৰিব।”

“কেৰালামৰ যোগাযোগ ব্যৱস্থালৈ উদ্দীপনা!”

****

MJPS/ VJ/SB