পি এম ইণ্ডিয়া
মোৰ প্ৰিয় দেশবাসী
নমস্কাৰ,
আজিৰ বাজেটখন ঐতিহাসিক; ই দেশৰ নাৰী শক্তিৰ এক কথা প্ৰতিফলিত কৰিছে। এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা জীয়ে একেৰাহে নৱমবাৰৰ বাবে দেশৰ বাজেট দাখিল কৰি এক নতুন অভিলেখ গঢ়িছে। এই বাজেটখন অপৰিসীম সুযোগৰ এক পথ। এই বাজেটে বৰ্তমানৰ সপোন বাস্তৱায়িত কৰিব আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰিব। এই বাজেট ২০৪৭ চনৰ এখন উন্নত ভাৰত (বিকশিত ভাৰত)ৰ দিশত আমাৰ যাত্ৰাৰ এক শক্তিশালী ভিত্তি।
বন্ধুসকল,
আজি ভাৰতে যি ৰিফৰ্ম এক্সপ্ৰেছ চলাই আছে, সেইএক্সপ্ৰেছে এই বাজেটৰ পৰা নতুন শক্তি আৰু নতুন গতি লাভ কৰিব। যিবোৰ দিক নিৰ্দেশক সংস্কাৰ হৈছে, সেইবোৰে এখন আকাংক্ষিত ভাৰতৰ সাহসী আৰু প্ৰতিভাশালী যুৱক-যুৱতীক উৰণৰ বাবে মুকলি আকাশ এখন দিব। এই বাজেটে আস্থাভিত্তিক শাসন আৰু মানৱকেন্দ্ৰিক অৰ্থনীতিৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিছে। এইখন এনে এক অনন্য বাজেট, য’ত বিত্তীয় ঘাটি হ্ৰাস কৰা আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে।ৱগতে বাজেট খনে বৃদ্ধিৰ পথো প্ৰশস্ত কৰিছে।
বন্ধুসকল,
এই বাজেটে ভাৰতৰ বিশ্বজোৰা ভূমিকাক পুনৰ সবল কৰি তুলিছে। ভাৰতৰ ১৪০ কোটি নাগৰিকে কেৱল দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিক লৈয়েই সন্তুষ্ট নহয়। আমি অতি সোনকালে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব বিচাৰো। এয়া কোটি কোটি দেশবাসীৰ সংকল্প। বিশ্বৰ ‘বিশ্বাসযোগ্য গণতান্ত্ৰিক অংশীদাৰ’ আৰু ‘বিশ্বাসযোগ্য গুণগত যোগানকাৰী’ হিচাপে ভাৰতৰ ভূমিকা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। শেহতীয়াকৈ ভাৰতে যিবোৰ বৃহৎ বাণিজ্যিক চুক্তি কৰিছে—সেয়া সকলো চুক্তিৰ মাতৃ— সেইবোৰৰ সৰ্বোচ্চ লাভ ভাৰতৰ যুৱক-যুৱতী আৰু ভাৰতৰ ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগসমূহে লাভ কৰিব লাগে; এই দিশত বাজেটত বহু ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
বন্ধুসকল,
এই বাজেটত নতুন গতি লাভৰ লক্ষ্যৰে মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বাবে এক অভিলাষী পৰিকল্পনা উপস্থাপন কৰা হৈছে। এই বাজেটত উদীয়মান উদ্যোগ অৰ্থাৎ সূৰ্য্য উদয় খণ্ডক যি শক্তিৰে সমৰ্থন দিয়া হৈছে, সেয়া অভূতপূৰ্ব।
বায়’-ফাৰ্মা শক্তি মিছন, অৰ্ধপৰিবাহী মিছন ২.০, ইলেক্ট্ৰনিক কম্পোনেণ্ট মেনুফেকচাৰিং আঁচনি, ৰেয়াৰ আৰ্থ কৰিডৰ নিৰ্মাণ, জটিল খনিজ পদাৰ্থৰ বিষয়ত গুৰুত্ব আৰোপ, বস্ত্ৰ খণ্ডত নতুন আঁচনি, উচ্চ প্ৰযুক্তিৰ সঁজুলি নিৰ্মাণৰ প্ৰসাৰ, আগশাৰীৰ এম এছ এম ই সৃষ্টি—এইবোৰ ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় কথা আৰু দেশৰ বৰ্তমান তথা ভৱিষ্যতৰ বাবেও দৰকাৰী কথা। এই বাজেটত এম এছ এম ই আৰু আমাৰ ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগসমূহে যি সমৰ্থন লাভ কৰিছে, সেই কথাই তেনে উদ্যোগসমূহক স্থানীয়ৰ পৰা বিশ্বজুৰি বিস্তৃত হ’বলৈ নতুন শক্তি প্ৰদান কৰিব।
বন্ধুসকল,
আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে বাজেটত বহু ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে:
* উৎসর্গিত মালবাহী কৰিডৰ
* সমগ্ৰ দেশতে জলপথৰ সম্প্ৰসাৰণ
* তীব্ৰবেগী ৰে’ল কৰিডৰ
* টায়াৰ-২ আৰু টায়াৰ-৩ চহৰৰ উন্নয়ন তথা চহৰসমূহক শক্তিশালী অৰ্থনৈতিক ভিত্তি প্ৰদান কৰিবলৈ পৌৰসভাৰ বণ্ডক প্ৰসাৰিত কৰাৰ বিষয়ত বিশেষ মনোযোগ দিয়া হৈছে; এই সকলো পদক্ষেপে উন্নত ভাৰতৰ যাত্ৰাক আৰু অধিক ত্বৰান্বিত কৰিব।
বন্ধুসকল,
যিকোনো দেশৰ আটাইতকৈ ডাঙৰ সম্পদ হৈছে ইয়াৰ নাগৰিকসকল৷ বিগত বছৰবোৰত আমাৰ চৰকাৰে দেশৰ নাগৰিকৰ সম্ভাৱনা বৃদ্ধিৰ ক্ষেত্ৰত অভূতপূৰ্ব বিনিয়োগ কৰিছে। আমাৰ প্ৰচেষ্টা হৈছে দক্ষতা, আৰু বহনক্ষমতাক অহৰহ শক্তি প্ৰদান কৰা। আজি সংসদত নিৰ্মলা জীয়ে কোৱাৰ দৰে এয়া যুৱ শক্তিৰ বাজেট। ইয়াত যুৱক-যুৱতীৰ চিন্তাধাৰা, যুৱক-যুৱতীৰ সপোন, যুৱক-যুৱতীৰ সংকল্পৰ লগতে যুৱক-যুৱতীৰ গতিও সন্নিবিষ্ট কৰা হৈছে। বাজেটত গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাই ভিন্ন খণ্ডৰ নেতা, উদ্ভাৱক আৰু সমল সৃষ্টিকৰ্তাৰ সৃষ্টি কৰিব।
চিকিৎসা কেন্দ্ৰ সৃষ্টিৰ জৰিয়তে, মিত্ৰ স্বাস্থ্য পেছাদাৰীসকলৰ জৰিয়তে, অৰেঞ্জ অৰ্থনীতি (অৰ্থাৎ দৃশ্য-শ্ৰাব্য আৰু গেমিং)ক প্ৰসাৰিত কৰি, পৰ্যটনক উৎসাহিত কৰি, খেলো ইণ্ডিয়া মিছনৰ জৰিয়তে যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰা হৈছে। ভাৰতক বিশ্বৰ ডাটা চেণ্টাৰ হাব হিচাপে গঢ়ি তোলাৰ বাবেও বৃহৎ কৰ ৰেহাই ঘোষণা কৰা হৈছে। বিশেষকৈ ভাৰতৰ যুৱক-যুৱতীসকলক এই বাজেটৰ বাবে অভিনন্দন জনাইছো, কাৰণ ইয়াৰ দ্বাৰা কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত বাট মুকলি হৈ পৰিব। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটনৰ প্ৰসাৰৰ বাবেও এই বাজেটত বহু পদক্ষেপ লোৱাত মই অতিশয় আনন্দিত। ভাৰতৰ বিভিন্ন ৰাজ্যক শক্তিশালী কৰি এই বাজেটত সুষম উন্নয়নৰ ভেটিও সুদৃঢ় কৰা হৈছে।
বন্ধুসকল,
আমাৰ দেশৰ ১০ কোটিতকৈও অধিক মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত, আৰু ই এক অতি সফল অভিযানত পৰিণত হৈছে। মহিলাৰ দ্বাৰা গঠিত আৰু মহিলাৰ দ্বাৰা পৰিচালিত আত্মসহায়ক গোটৰ আধুনিক পৰিৱেশতন্ত্ৰ সৃষ্টিৰ ক্ষেত্ৰত বাজেটত অগ্ৰাধিকাৰ দিয়া হৈছে। পদক্ষেপ গ্ৰহণ কৰা হৈছে যাতে প্ৰতিখন ঘৰতে দেৱী লক্ষ্মী উপস্থিত হয়। প্ৰতিখন জিলাতে মহিলা ছাত্ৰ-ছাত্ৰীৰ বাবে নতুনকৈ হোষ্টেল নিৰ্মাণৰ অভিযানে শিক্ষাক সুলভ কৰি তুলিব।
বন্ধুসকল,
আমাৰ চৰকাৰে ভাৰতৰ কৃষি, দুগ্ধ খণ্ড আৰু মীনপালনক সদায় শীৰ্ষ অগ্ৰাধিকাৰ দি আহিছে। এই বাজেটতো নাৰিকল, কাজু, ক’ক’, চন্দন উৎপাদনৰ সৈতে জড়িত কৃষকৰ বাবে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ‘ভাৰত ভিষ্টাৰ এ আই’ সঁজুলিয়ে কৃষকসকলক তেওঁলোকৰ নিজৰ ভাষাত তথ্য প্ৰদান কৰি বহুখিনি সহায় কৰিব। মীন আৰু পশুপালনৰ উদ্যোগীকৰণক প্ৰসাৰিত কৰি নিজে গাঁওসমূহত কৰ্মসংস্থাপন তথা স্বনিয়োজনৰ অধিক সুযোগ সৃষ্টি কৰিব পাৰিব।
বন্ধুসকল,
এই বাজেট অভিলাষী আৰু ই দেশৰ আকাংক্ষাকো প্ৰতিফলিত কৰিছে। আকৌ এবাৰ নিৰ্মলা জী আৰু তেওঁৰ দলটোক এই বাজেটৰ বাবে, এই সংবেদনশীল বাজেটৰ বাবে আৰু গাঁৱৰ, দুখীয়া, কৃষকৰ কল্যাণ নিশ্চিত কৰা বাজেটৰ বাবে আন্তৰিক অভিনন্দন জনাইছো। আপোনালোকক অশেষ ধন্যবাদ।
****
MJPS/VJ/DM
The Union Budget reflects the aspirations of 140 crore Indians. It strengthens the reform journey and charts a clear roadmap for Viksit Bharat.#ViksitBharatBudget https://t.co/26hIdizan9
— Narendra Modi (@narendramodi) February 1, 2026
This budget is the foundation for our journey towards a Viksit Bharat by 2047.#ViksitBharatBudget pic.twitter.com/PDhxvBzYfq
— PMO India (@PMOIndia) February 1, 2026
This year's budget will give India's Reform Express new energy and new momentum.#ViksitBharatBudget pic.twitter.com/IxZUtIPYDN
— PMO India (@PMOIndia) February 1, 2026
India is not content with simply being the fastest-growing economy.
— PMO India (@PMOIndia) February 1, 2026
India wants to become the world's third-largest economy. #ViksitBharatBudget pic.twitter.com/YKb3OzgW00
This year's budget presents an ambitious roadmap to give new momentum to the Make in India and Aatmanirbhar Bharat initiatives. #ViksitBharatBudget pic.twitter.com/hvkZNarV9C
— PMO India (@PMOIndia) February 1, 2026
The support that MSMEs have received in this year's budget will give them new strength to grow from local to global.#ViksitBharatBudget pic.twitter.com/gMlVuCoZJF
— PMO India (@PMOIndia) February 1, 2026
This year's budget is for Yuva Shakti!
— PMO India (@PMOIndia) February 1, 2026
The provisions made in the budget will nurture leaders, innovators and creators across various sectors.#ViksitBharatBudget pic.twitter.com/UY8DtTfH8Y
This year's budget prioritises a modern ecosystem of Self-Help Groups created and run by women.
— PMO India (@PMOIndia) February 1, 2026
The aim is to ensure that prosperity reaches every household.#ViksitBharatBudget pic.twitter.com/WefeU9eDTJ
This budget is ambitious and addresses the country's aspirations.#ViksitBharatBudget pic.twitter.com/dsMZwLVrGD
— PMO India (@PMOIndia) February 1, 2026