পি এম ইণ্ডিয়া
ভাৰত মাতা কি জয়।
ভাৰত মাতা কি জয়।
ভাৰত মাতা কি জয়।
বৰাক উপত্যকাৰ মৰমৰ আৰু সন্মানীয় নাগৰিকসকল, আপোনালোক সকলোলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।
ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাজ্য চৰকাৰৰ উপস্থিত মন্ত্ৰী, জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভাই-ভনীসকল।
সংস্কৃতি, সাহস আৰু সজীৱতাৰে ভৰা ঠাই বৰাক উপত্যকাৰ পৰিয়ালৰ সদস্যসকল, আপোনালোক সকলোৰে মাজত থকাটো এক অতি বিশেষ অভিজ্ঞতা। শিলচৰক বৰাক উপত্যকাৰ প্ৰৱেশদ্বাৰ হিচাপে জনা যায়। এইখন এনে এখন ঠাই, য’ত ইতিহাস, ভাষা, সংস্কৃতি, উদ্যোগ একত্ৰিত হৈ এক অনন্য পৰিচয়ৰ সৃষ্টি হৈছে। ইয়াত বাংলা ভাষা কোৱা হয়, অসমীয়া প্ৰতিধ্বনি শুনা যায়, আন আন জনজাতীয় পৰম্পৰাও প্ৰস্ফুটিত হয়। এই বৈচিত্ৰ্যক আপোনালোকৰ শক্তি হিচাপে লৈ সকলোৱে এই সমগ্ৰ অঞ্চলটোক ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰে বিকশিত কৰিছে। এয়াই বৰাক উপত্যকাৰ অপৰিসীম শক্তি।
বন্ধুসকল,
বৰাক নদীৰ উৰ্বৰ সমভূমি, ইয়াৰ চাহ বাগিচা, ইয়াৰ কৃষক, ইয়াৰ বাণিজ্যিক পথ, ইয়াৰ শিক্ষা কেন্দ্ৰসমূহে সদায় উন্নয়নৰ প্ৰেৰণা যোগাই আহিছে। এই অঞ্চলটোৱে কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূব আৰু পশ্চিমবংগকো সংযোগ কৰিছে। একবিংশ শতিকাত বৰাক উপত্যকাৰ গুৰুত্ব আৰু অধিক শক্তিশালী কৰিবলৈ আপোনালোকৰ আশীৰ্বাদ বিচাৰি আজি আপোনালোকৰ মাজলৈ আহিছোঁ। কিছু সময়ৰ পূৰ্বে বিভিন্ন আধাৰশিলা স্থাপন কৰি বৰাক উপত্যকা আৰু উত্তৰ-পূবৰ সংযোগৰ সৈতে জড়িত হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰা হয়। পথ, ৰেল, কৃষি মহাবিদ্যালয়ে হওক, এনে প্ৰতিটো প্ৰকল্পই বৰাক উপত্যকাক উত্তৰ-পূবৰ এক বৃহৎ পৰিবহণ আৰু বাণিজ্যিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈ গৈ আছে। ইয়াৰ দ্বাৰা ইয়াৰ যুৱক-যুৱতীসকলৰ বাবে অগণন কৰ্মসংস্থাপন আৰু স্ব-নিয়োগৰ সুযোগৰ সৃষ্টি হ’ব। এই সকলোবোৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো।
বন্ধুসকল,
স্বাধীনতাৰ পিছত বহু দশকলৈ কংগ্ৰেছ চৰকাৰে উত্তৰ-পূবক দিল্লী আৰু আমাৰ অন্তৰৰ পৰা আঁতৰাই ৰাখিছিল। কংগ্ৰেছে উত্তৰ-পূবক কাৰ্যতঃ পাহৰি গৈছিল। কিন্তু বিজেপিৰ দ্বৈত ইঞ্জিনৰ চৰকাৰে উত্তৰ-পূবক এনেদৰে সংযোগ কৰিছে যে সকলোতে চৰ্চা চলিছে। আজি উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ এক্ট ইষ্ট পলিচীৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতক সংযোগ কৰা এখন সাঁকোত পৰিণত হৈছে।
কিন্তু বন্ধুসকল,
কংগ্ৰেছে যেনেকৈ উত্তৰ-পূবক নিজৰ ইচ্ছামতে পৰিত্যাগ কৰিলে, তেনেকৈয়ে বৰাক উপত্যকাৰ ধ্বংসলীলাতো উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত কংগ্ৰেছে এনে এটা সীমা অংকন কৰিবলৈ অনুমতি দিছিল যিয়ে বৰাক উপত্যকাক সাগৰীয় কেন্দ্ৰ সৈতে সংযোগ বিচ্ছিন্ন কৰিছিল। এসময়ত বাণিজ্যিক পথ আৰু ঔদ্যোগিক কেন্দ্ৰ হিচাপে পৰিচিত বৰাক উপত্যকাৰ শক্তি হৰণ কৰা হৈছিল। স্বাধীনতাৰ পাছতো কংগ্ৰেছ চৰকাৰে দশক দশক ধৰি শাসন চলাইছিল যদিও বৰাক উপত্যকাৰ উন্নয়নৰ বাবে কোনো উল্লেখযোগ্য কাম কৰা পৰিলক্ষিত নহ’ল।
বন্ধুসকল,
এই পৰিস্থিতি সলনি কৰিছে বিজেপিৰ দ্বৈত ইঞ্জিনৰ চৰকাৰে। বৰাক উপত্যকাক পুনৰবাৰ বাণিজ্য আৰু ব্যৱসায়ৰ এটা প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আমি অক্লান্তভাৱে কাম কৰি আছোঁ। আজি এই ক্ষেত্ৰত এক বৃহৎ আৰু অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজি প্ৰায় ২৪ হাজাৰ কোটি টকাৰ শ্বিলং-শিলচৰ হাইস্পীড কৰিডৰৰ ভূমি পূজন অনুষ্ঠিত হয়। ২৪ হাজাৰ কোটি টকা, কিমান? কিমান? ২৪ হাজাৰ কোটি টকা। কিমান? কিমান? কিমান? কংগ্ৰেছৰ ৰাইজক এইটো সুধিব, কলম আৰু কাগজ দিয়ক, আৰু ২৪ হাজাৰ কোটি টকা কাগজত লিখিবলৈ কওক। কিমান শূন্য লাগে, তেওঁলোকে বুজি নাপাব। য’ত কংগ্ৰেছীসকলৰ মন আবদ্ধ হৈ পৰে, তাতেই আৰম্ভ হয় আমাৰ কাম। এয়া হ’ব উত্তৰ-পূবৰ প্ৰথমটো প্ৰৱেশ নিয়ন্ত্ৰিত হাইস্পীড কৰিডৰ।
বন্ধুসকল,
এইটো কেৱল ঘাইপথ প্ৰকল্প নহয়; উত্তৰ-পূবৰ জনসাধাৰণৰ বাবে দশক দশক ধৰি চলা অপেক্ষাৰো অন্ত পৰিল৷ এই কৰিডৰে শিলচৰ, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাক সংযোগ কৰিব। এই তিনিখন ৰাজ্যৰ সিপাৰে বাংলাদেশ আৰু ম্যানমাৰ, তাৰো সিপাৰে দক্ষিণ-পূব এছিয়াৰ বিশাল বজাৰক স্পৰ্শ কৰিব। বৰাক উপত্যকাই আজি এক অতি উজ্জ্বল ভৱিষ্যতৰ আধাৰশিলা স্থাপন কৰিছে। ইয়াৰ দ্বাৰা অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক আৰু যুৱক-যুৱতীসকল উপকৃত হ’ব। ইমান ভাল সংযোগৰ সৈতে এই অঞ্চলটো বিকশিত কৰিলে উদ্যোগ-প্ৰতিষ্ঠান বৃদ্ধি পাব, পৰ্যটনৰ বিকাশ হব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাৰতৰ প্ৰতিটো চুক-কোণ আপোনালোক সৈতে সহজে সংযোজিত হব।
বন্ধুসকল,
শিলচৰৰ যান-জঁটৰ বাবে আপোনালোক সকলোৱে চিন্তিত হৈ পৰিছে। এতিয়া শিলচৰ উৰণীয়া সেতুৱে এই সমস্যা দূৰ কৰিব। শিলচৰ চিকিৎসা মহাবিদ্যালয়, এন আই টি, শিলচৰ আৰু অসম বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে এইয়া এক বৃহৎ সুবিধা। ই তেওঁলোকৰ যাতায়াতৰ মূল্যৱান সময় ৰাহি কৰিব।
বন্ধুসকল,
দ্বৈত ইঞ্জিনৰ বিজেপি চৰকাৰে অসমৰ ৰেল সংযোগৰ ক্ষেত্ৰতো ব্যাপক পৰিসৰত কাম কৰি আছে। বিশেষকৈ ৰে’লপথ বিদ্যুতিকীকৰণ কৰাটো এটা ডাঙৰ অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে। এতিয়া অসমৰ ২৫০০ কিলোমিটাৰতকৈও অধিক ৰেল নেটৱৰ্ক বিদ্যুতিকৰণ কৰা হৈছে। ইয়াত এতিয়া দ্ৰুতবেগী ৰে’ল চলাচল কৰিব পাৰিব, যাৰ ফলত বৰাক উপত্যকাৰ স্বচ্ছ পৰিবেশও উপকৃত হ’ব।
বন্ধুসকল,
বৰাক উপত্যকাৰ কৃষক আৰু ইয়াৰ চাহ বাগিচাৰ শ্ৰমিকসকলে অসমৰ উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। দ্বৈত ইঞ্জিনৰ চৰকাৰে কৃষকৰ কল্যাণৰ বাবে ধাৰাবাহিকভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে। কালি গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰৱৰ্তী কিস্তি মুকলি কৰিলোঁ। এই পৰ্যন্ত সমগ্ৰ দেশৰ কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত লাখ লাখ কোটি টকা লাভ কৰিছে, আৰু কেৱল অসমৰ কৃষকে লাভ কৰিছে ২০ হাজাৰ কোটি টকাৰো অধিক। এতিয়া কল্পনা কৰক, ১০ বছৰত আমি ইয়াৰ কৃষকৰ জেপত ২০ হাজাৰ কোটি টকা ভৰাই দিছোঁ। কংগ্ৰেছৰ লোকসকলে ১০ বছৰ শাসন কৰিলে আৰু অসমৰ পৰা প্ৰধানমন্ত্ৰী নিৰ্বাচিত হ’ল, তথাপি তেওঁলোকে কৃষকক এটকাও নিদিলে। আমি ২০ হাজাৰ কোটি টকা দিছোঁ। কালি এই শেষ কিস্তি দিয়াৰ ফলতো বৰাক উপত্যকাৰ হাজাৰ হাজাৰ কৃষক উপকৃত হ’ল আৰু নিৰ্বাচনৰ পিছত সময় আহিলে তেওঁলোকে পুনৰ পৰৱৰ্তী কিস্তি লাভ কৰিব। এই ধনেৰে মোৰ গাঁৱবোৰৰ ক্ষুদ্ৰ কৃষক ভাই-ভনীসকলক তেওঁলোকৰ কৃষিৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত অপৰিসীম সহায় আগবঢ়োৱা হৈছে।
বন্ধুসকল,
বৰাক উপত্যকা এতিয়া কেৱল শস্যৰ বাবেই নহয়, কৃষি অধ্যয়ন আৰু গৱেষণাৰ বাবেও পৰিচিত হ’ব। বৰাক উপত্যকাৰ পাথাৰকান্দিৰ প্ৰথমখন কৃষি মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য আজিৰ পৰা আৰম্ভ হৈছে। ইয়াৰ দ্বাৰা কেৱল কৃষকসকল উপকৃত হোৱাই নহয়, স্থানীয় যুৱক-যুৱতীসকলক কৃষি ষ্টাৰ্টআপৰ বাবে সহায়, উৎসাহ আৰু সহযোগিতাও প্ৰদান কৰা হ’ব।
বন্ধুসকল,
উন্নয়নৰ দৌৰত পিছপৰি থকাসকলক অগ্ৰাধিকাৰ দিয়াটোৱেই বিজেপিৰ মূল মন্ত্ৰ। কংগ্ৰেছ চৰকাৰে সীমান্ত অঞ্চলক দেশৰ শেষ গাঁও বুলি গণ্য কৰিছিল। আমি সীমান্তৰ গাঁওবোৰক দেশৰ প্ৰথম গাঁও হিচাপে গণ্য কৰোঁ। সেয়েহে সীমান্ত অঞ্চলৰ উন্নয়নৰ বাবে কাছাৰ জিলাত পৰৱর্তী পর্যায়ৰ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম আৰম্ভ কৰা হৈছে৷ ইয়াৰ ফলত বৰাক উপত্যকাৰ বহু গাঁৱৰ উন্নতি সাধন নিশ্চিত হৈছে।
বন্ধুসকল,
ইয়াত চাহ বাগিচাৰ বৃহৎ সংখ্যক শ্ৰমিকো উপস্থিত আছে। অসম চৰকাৰে সহস্ৰাধিক চাহ বাগিচাৰ পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদানৰ ঐতিহাসিক কাম হাতত লৈছে। এয়া এনে পৰিয়ালসমূহৰ ভৱিষ্যতক ৰূপান্তৰিত কৰাৰ এক বৃহৎ আৰম্ভণি। ভূমি পট্টা প্ৰদান কৰি এই পৰিয়ালসমূহে নিৰাপত্তা লাভ কৰাৰ লগতে মৰ্যাদাৰ জীৱন সুনিশ্চিত কৰিছে।
বন্ধুসকল,
অনুগ্ৰহ কৰি আপুনি তাৰ পৰা আঁতৰি থাকক। এতিয়া ঠাই নাই, আগবাঢ়ি আহিব নোৱাৰে। চাওক, সিহঁতক তাৰ পৰা আঁতৰাই ৰাখক। তেওঁলোকে এতিয়া আগবাঢ়ি আহিব নোৱাৰে ভাই। আমাৰ অসমৰ ভাই-ভনীসকল অতি জ্ঞানী। আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ ইমান ডাঙৰ শক্তি, অনুগ্ৰহ কৰি সেয়া দিয়ক।
বন্ধুসকল,
হিমন্ত ডাঙৰীয়াৰ চৰকাৰক অভিনন্দন জনাইছোঁ। আজি আপুনি প্ৰায় ২০০ বছৰ চাহ বাগিচাত সেৱা আগবঢ়োৱা প্ৰজন্মৰ সংগ্ৰামক সন্মান জনাইছে। চাওক, মোৰ কথাত ডাৱৰবোৰেও বজ্ৰপাত কৰিবলৈ ধৰিলে। পূৰ্বৰ চৰকাৰে চোৱা-চিতা কৰিবলৈ এৰি দিয়াসকলৰ বিজেপি চৰকাৰে খবৰ লোৱাত মই সুখী।
বন্ধুসকল,
এইটো কেৱল মাটিৰ আইনী অধিকাৰৰ কথা নহয়। ইয়াৰ দ্বাৰা এই লাখ লাখ পৰিয়ালক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ সৈতেও ক্ষিপ্ৰতাৰে সংযোগ কৰা হ’ব। স্থায়ী গৃহ নিৰ্মাণ আঁচনিয়ে হওক, বিদ্যুৎ, পানী, গেছৰ আঁচনিয়ে হওক, এই পৰিয়ালসমূহে এতিয়া এই সকলোবোৰ আঁচনিৰ সম্পূৰ্ণ সুফল লাভ কৰিবলৈ সক্ষম হ’ব।
বন্ধুসকল,
বিগত কেইবছৰমানৰ পৰা বিজেপি চৰকাৰে চাহ বাগিচাত অসংখ্য বিদ্যালয় মুকলি কৰি শিশুসকলক বৃত্তি প্ৰদান কৰিছে। চৰকাৰী চাকৰিৰ পথো মুকলি কৰা হৈছে। এনে প্ৰচেষ্টাই চাহ বাগিচাৰ যুৱক-যুৱতীসকলৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ দুৱাৰ মুকলি কৰি দিছে।
বন্ধুসকল,
বিজেপিৰ দ্বৈত ইঞ্জিনৰ চৰকাৰৰ বাবে শিক্ষা, দক্ষতা বিকাশ, স্বাস্থ্যসেৱা আদিয়েই হৈছে মুখ্য অগ্ৰাধিকাৰ। কংগ্ৰেছৰ শিক্ষা আৰু স্বাস্থ্যৰ প্ৰতি অৱহেলাত অসম দীৰ্ঘদিন ধৰি জুৰুলা হৈ আহিছে। আজি অসমে শিক্ষা আৰু স্বাস্থ্যসেৱাৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াৰ পৰা বৰাক উপত্যকা যথেষ্ট লাভৱান হৈছে। ইয়াত বহুতো বিশিষ্ট শিক্ষা আৰু স্বাস্থ্যসেৱা প্ৰতিষ্ঠান স্থাপন কৰা হৈছে।
বন্ধুসকল,
কংগ্ৰেছ দলে অসমৰ যুৱক-যুৱতীসকলক হিংসা আৰু সন্ত্ৰাসবাদৰ কুচক্ৰত আবদ্ধ কৰি ৰাখিছিল। বিভাজন-শাসন নীতিৰ বাবে অসমক পৰীক্ষাগাৰলৈ ৰূপান্তৰিত কৰিলে। আজি অসমৰ যুৱক-যুৱতীসকলে এক আকাশলংঘী সুযোগৰ সন্মুখীন হৈছে। ভাৰতৰ অৰ্ধপৰিবাহী খণ্ডত অসম অগ্ৰগণ্য ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইয়াত পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তিৰ বাবে এটা পৰিৱেশতন্ত্ৰ আৰু প্ৰতিভাৰ কেন্দ্ৰ গঢ় লৈ উঠিছে। ইয়াত আই আই টি আৰু আই আই এমৰ দৰে প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়, এইমছ, কৰ্কট চিকিৎসালয়ৰ এক শক্তিশালী নেটৱৰ্ক স্থাপন কৰা হৈছে। শান্তি আৰু প্ৰগতিৰ এই নতুন যুগ বহু ত্যাগ আৰু অসংখ্য প্ৰচেষ্টাৰ মাজেৰে আহিছে। সেয়েহে এতিয়া অসমক পুনৰ অতীতলৈ ঠেলি দিবলৈ চেষ্টা কৰা যিকোনো শক্তিক আমি উপযুক্ত প্ৰত্যুত্তৰ দিব লাগিব।
বন্ধুসকল,
আজি শিলচৰৰ পৰা অসমক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে কংগ্ৰেছক অসমৰ পৰা উৎখাত কৰিলে। আজি দেশৰ প্ৰতিখন ৰাজ্যই কংগ্ৰেছক শিক্ষা দি আছে। এটা নিৰ্বাচনৰ পিছত আনটো নিৰ্বাচনত পৰাস্ত হৈছে কংগ্ৰেছ। এতিয়া অদূৰ ভৱিষ্যতে কংগ্ৰেছে নিজৰ পৰাজয়ৰ ইতিহাসত শতক অৰ্জন কৰিবলৈ ওলাইছে। পৰাজয়ক লৈ হতাশাৰে ভৰা কংগ্ৰেছে খোদ দেশৰ বিৰুদ্ধে ফ্ৰণ্ট মুকলি কৰিছে। দেশৰ বদনাম কৰাত ব্যস্ত হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। দিল্লীত এনে এক বৃহৎ এ আই সন্মিলন অনুষ্ঠিত হোৱা দেখিছিল নেকি। আজি যেতিয়া সমগ্ৰ বিশ্বই কৃত্ৰিম বুদ্ধিমত্তা, এ আইৰ প্ৰতি অতি কৌতূহলী হৈ আছিল, তেতিয়া দিল্লীত এ আই শীৰ্ষ সন্মিলন সফলতাৰে অনুষ্ঠিত কৰি বিশ্বক নতুন আশাৰ সৃষ্টি কৰা হৈছিল। বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতা, বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰযুক্তি কোম্পানী আৰু ডাঙৰ ডাঙৰ প্ৰযুক্তি খণ্ডৰ নেতা দিল্লীলৈ আহিছিল। এই সন্মিলনত বদনাম কৰিবলৈ কংগ্ৰেছে কাপোৰ ফালি প্ৰতিবাদ সাব্যস্ত কৰে। এতিয়া কংগ্ৰেছৰ হাতত নিজকে ফালি পেলোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। কংগ্ৰেছৰ এই অশ্লীল আৰু কুৎসিত বিক্ষোভক সমগ্ৰ দেশে সমালোচনা কৰিছে। কিন্তু দিল্লীৰ কংগ্ৰেছৰ ৰাজপৰিয়ালে এই কেলেংকাৰীক নিজৰ প্ৰাপ্তি বুলি দাবী কৰি দেশক লজ্জানত কৰাসকলক প্ৰশংসা কৰিছে। ৰাষ্ট্ৰৰ প্ৰতি শত্ৰুতা থকা কংগ্ৰেছ দলে কোনো ৰাজ্যৰ কোনো উপকাৰ কৰিব নোৱাৰে, অসমৰ যুৱ প্ৰজন্মৰ মংগলৰ কথাও কেতিয়াও ভাবিব নোৱাৰে।
বন্ধুসকল,
সম্প্ৰতি সমগ্ৰ বিশ্বতে যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, আনকি আমাৰ নিজৰ চুবুৰিতো, আৰু আপোনালোক সকলোৱে প্ৰতিদিনে যুদ্ধৰ ভয়াৱহতাৰ সাক্ষী হৈ আছে। আমাৰ চৰকাৰে যুদ্ধই সৃষ্টি কৰা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ উপৰি আমাৰ নাগৰিকসকলে সন্মুখীন হোৱা কষ্টসমূহ নূন্যতম কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। আমাৰ প্ৰচেষ্টা দেশৰ নাগৰিকৰ ওপৰত যুদ্ধৰ প্ৰভাৱ যথাসম্ভৱ কম কৰা। এই সময়ত কংগ্ৰেছে দায়িত্বশীল ৰাজনৈতিক দলৰ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছিল যদিও নিজৰ স্বাৰ্থৰ বাবে এই গুৰুত্বপূৰ্ণ কামত কংগ্ৰেছ পুনৰবাৰ ব্যৰ্থ হৈছে। কংগ্ৰেছে দেশত আতংক সৃষ্টি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে, দেশক বিপদত পেলাইছে। আৰু তাৰ পিছত, কংগ্ৰেছে মোদীক প্ৰচুৰ গালি-গালাজ কৰিব।
বন্ধুসকল,
অসমৰ বাবে, দেশৰ বাবে কংগ্ৰেছৰ কোনো দৃষ্টিভংগী নাই। সেয়েহে তেওঁলোকে উৰাবাতৰি, মিছা, প্ৰতাৰণাক অস্ত্ৰৰূপে ব্যৱহাৰ কৰিছে। যেন আভুৱা ভৰা ৰীল নিৰ্মাণৰ এটা উদ্যোগ এটা খুলিছে। ভাৰতৰ দ্রুত বিকাশ হজম কৰিব নোৱাৰা সেই কংগ্ৰেছ বিশ্বশক্তিৰ হাতত আৰু দেশৰ প্রগতিত সুখী নোহোৱা সেই বিদেশী শক্তিৰ হাতত পুতলা হৈ পৰিছে৷ দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ এই ক্ষমতাসমূহৰ হাতৰ পুতলা হৈ পৰিছে। গতিকে অসমৰ প্ৰতিজন নাগৰিক, প্ৰতিজন যুৱকে কংগ্ৰেছৰ প্ৰতি সতৰ্ক হ’ব লাগিব।
বন্ধুসকল,
অসম বা বৰাক উপত্যকাও এতিয়া উন্নয়নৰ পথত আগবাঢ়িছে। বৰাক উপত্যকা ভাষা, সাহিত্য, সংস্কৃতিৰ বাবে জনাজাত। বৰাক উপত্যকাই উন্নয়নৰ নতুন কেন্দ্র হিচাপে স্বীকৃতি লাভ কৰাৰ দিনটো বহু দূৰত নহয়৷
বন্ধুসকল,
আমাক আশীৰ্বাদ কৰিবলৈ আপোনালোক ইমান বৃহৎ সংখ্যাত ওলাই আহিছে। অহৰহ বিভিন্ন সম্ভাৱনাৰ সন্ধানৰে ৰাজনীতিৰ ভৱিষ্যৎ চিত্ৰিত কৰা, আজিৰ বৰাক উপত্যকাৰ এই দৃশ্য, কালি বড়ো জনগোষ্ঠীৰ দৃশ্য, চাহ বাগিচাৰ শ্ৰমিকৰ দলৰ দৃশ্যপটে এই নিৰ্বাচনৰ ফলাফল কি হ’ব, তাৰ স্পষ্টকৈ ইংগিত দিয়ে। আৰু আমাক আশীৰ্বাদ দিবলৈ আপোনালোক ইমান বিশালসংখ্যক লোক আহিছে, আপোনালোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ অভিনন্দন জনাইছোঁ। মোৰ লগতে কওক :
ভাৰত মাতা কি জয়!
বন্দে মাতৰম!
বন্দে মাতৰম!
বন্দে মাতৰম!
বন্দে মাতৰম!
বন্দে মাতৰম!
বন্দে মাতৰম!
বন্দে মাতৰম!
বন্দে মাতৰম!
বন্দে মাতৰম!
বন্দে মাতৰম!
***
MJPS/SS/DK/KD
From Silchar, several projects aimed at strengthening connectivity and boosting the agricultural education ecosystem in the region are being launched. https://t.co/2L9UA2W8ok
— Narendra Modi (@narendramodi) March 14, 2026
आज नॉर्थ ईस्ट, भारत की एक्ट ईस्ट पॉलिसी का केंद्र है... दक्षिण-पूर्व एशिया के साथ भारत को जोड़ने वाला सेतु बन रहा है: PM @narendramodi in Silchar, Assam
— PMO India (@PMOIndia) March 14, 2026
बराक वैली के किसानों और यहां के चाय-बागानों में काम करने वाले श्रमिकों का असम के विकास में बहुत बड़ा योगदान है।
— PMO India (@PMOIndia) March 14, 2026
डबल इंजन सरकार किसानों के कल्याण के लिए निरंतर कदम उठा रही है: PM @narendramodi in Silchar
हम बॉर्डर के गांवों को देश के पहले गांव मानते हैं।
— PMO India (@PMOIndia) March 14, 2026
इसलिए, बॉर्डर एरिया के विकास के लिए... कछार जिले से ही वाइब्रेंट विलेज प्रोग्राम का अगला चरण शुरु किया था।
इससे बराक वैली के अनेक गांवों में भी सुधार होना तय हो गया है: PM @narendramodi
आज जिस शिलांग-सिलचर हाई-स्पीड कॉरिडोर का भूमि पूजन हुआ है, वह सिलचर को मिजोरम, मणिपुर और त्रिपुरा से कनेक्ट करेगा। इसका फायदा असम सहित पूरे नॉर्थ ईस्ट के हमारे किसान भाई-बहनों को भी होगा। pic.twitter.com/w11Kv0ojBY
— Narendra Modi (@narendramodi) March 14, 2026
बीते एक दशक में हमारी सरकार के प्रयासों से असम में नेक्स्ट जेनरेशन टेक्नोलॉजी से जुड़ा इकोसिस्टम और टैलेंट तैयार हो रहा है। इसके साथ ही मेडिकल एजुकेशन का सशक्त नेटवर्क बनने से यहां के युवाओं के सामने अवसरों का नया आसमान खुला है। pic.twitter.com/PZpcWE3BiQ
— Narendra Modi (@narendramodi) March 14, 2026
कांग्रेस निकट भविष्य में हार की सेंचुरी मारने वाली है। इसी हताशा में अब वो देश में पैनिक क्रिएट करने पर उतर आई है। इसलिए असम के मेरे भाई-बहनों और नौजवानों को कांग्रेस के फ्रस्ट्रेशन से बहुत सावधान रहना है। pic.twitter.com/XtzYdXUE3A
— Narendra Modi (@narendramodi) March 14, 2026
सिलचर में अपार संख्या में आए असम के अपने परिवारजनों का उत्साह बताता है कि डबल इंजन सरकार के विकास कार्यों में उनका अटूट विश्वास है। pic.twitter.com/xYo1NC15l5
— Narendra Modi (@narendramodi) March 14, 2026