প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ অক্টোবৰ, ২০২৬ৰ বিয়লি ৫:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ‘এমাৰ্জিং ছায়েন্স, টেকন’লজি এণ্ড ইন’ভেচন কনক্লেভ ২০২৬’ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। এই উপলক্ষে তেওঁ উপস্থিত সমবেত ৰাইজক উদ্দেশ্যি ভাষণো প্ৰদান কৰিব।
২৭ৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া এই তিনিদিনীয়া সন্মিলনখনে উদীয়মান প্ৰযুক্তি আৰু ভাৰতৰ বিজ্ঞান, প্ৰযুক্তি তথা উদ্ভাৱনৰ অগ্ৰাধিকাৰসমূহৰ ওপৰত আলোচনা কৰাৰ বাবে দেশ-বিদেশৰ অগ্ৰণী বিজ্ঞানী, গৱেষক, শিক্ষাবিদ, নীতি প্ৰণেতা, উদ্যোগপতি, ষ্টাৰ্টআপ আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলক একত্ৰিত কৰিব।
এই সন্মিলনৰ আলোচনাত কৃত্ৰিম বুদ্ধিমত্তা, জৈৱ প্ৰযুক্তি, উন্নত সামগ্ৰী, উৎপাদন, স্বাস্থ্যসেৱা, শক্তি, জলবায়ু আৰু মহাসাগৰীয় বিজ্ঞানকে ধৰি ১২টা মূল বিষয় সামৰি লোৱা হ’ব। গৱেষণাৰ অগ্ৰাধিকাৰ, ৰাষ্ট্ৰীয় সক্ষমতা আৰু বৈজ্ঞানিক অগ্ৰগতিসমূহক ব্যৱহাৰিক প্ৰয়োগলৈ ৰূপান্তৰিত কৰাৰ ওপৰত এই আলোচনাসমূহে বিশেষ গুৰুত্ব আৰোপ কৰিব।
সন্মিলনত দেশীয় বৈজ্ঞানিক সাফল্য আৰু উদীয়মান প্ৰযুক্তি প্ৰদৰ্শন কৰা এক বিস্তৃত প্ৰযুক্তি আৰু উদ্ভাৱন প্ৰদৰ্শনীও অন্তৰ্ভুক্ত কৰা হ’ব। ইয়াত প্ৰায় ১৫০টা ডিপ-টেক ষ্টাৰ্টআপ বিপনী থাকিব, যিয়ে প্ৰযুক্তিগত বিকাশ আৰু বিভিন্ন খণ্ডত ইয়াৰ সম্ভাৱ্য প্ৰয়োগসমূহ দাঙি ধৰিব।
তদুপৰি, বৈজ্ঞানিক বিকাশ আৰু ইয়াৰ প্ৰকৃত প্ৰয়োগৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে সন্মিলনখনত বিষয়কভিত্তিক ভিডিঅ’, প্ৰযুক্তিৰ প্ৰদৰ্শনী, তথ্যচিত্ৰ, তথ্য প্ৰদানকাৰী কিঅ’স্ক আৰু অগমেণ্টেড তথা ভাৰ্চুৱেল ৰিয়েলিটি অভিজ্ঞতা ব্যৱহাৰ কৰা হ’ব।
‘গ্ল’বেল কানেক্ট নেটৱৰ্কিং ইভেণ্ট’ নামৰ এক নতুন পদক্ষেপৰ অধীনত ভাৰত আৰু বিদেশৰ শৈক্ষিক, গৱেষণা প্ৰতিষ্ঠান আৰু উদ্যোগ খণ্ডৰ তিনি শতাধিক আমন্ত্ৰিত অংশগ্ৰহণকাৰীক একত্ৰিত কৰা হ’ব। ই আন্তঃৰাষ্ট্ৰীয় গৱেষণা অংশীদাৰিত্ব, উদ্যোগ-শৈক্ষিক সহযোগিতা আৰু গৱেষণাগাৰৰ পৰা বজাৰলৈ উদ্ভাৱনসমূহ সম্প্ৰসাৰণ কৰাৰ বাবে এক উত্তম মঞ্চ প্ৰদান কৰিব।
****
MJPS/SS/PRK/DB