পি এম ইণ্ডিয়া
২০২৬ চনৰ ১০-১১ মে’ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।১০ মে’ৰ নিশা গুজৰাটৰ জামনগৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী । ১১ মে’ৰ পুৱা প্ৰায় ১০:১৫ বজাত সোমনাথ মন্দিৰত অনুষ্ঠিত হ’বলগীয়া সোমনাথ অমৰুত মহোৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে বদোদৰালৈ যাত্ৰা কৰিব, য’ত তেওঁ সন্ধিয়া প্ৰায় ৬ বজাত চৰ্দাৰধাম হোষ্টেল উদ্বোধন কৰিব। লগতে দুয়োটা অনুষ্ঠানতে জনসভাক সম্বোধন কৰিব।
সোমনাথত প্ৰধানমন্ত্ৰী
বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম তথা ভাৰতৰ চিৰস্থায়ী বিশ্বাস আৰু সভ্যতাবাদী ঐতিহ্যৰ প্ৰতীক পবিত্ৰ সোমনাথ মহোৎসৱত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। পুনৰুদ্ধাৰ কৰাৰ পিছত মন্দিৰ উদ্বোধন হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে আয়োজন কৰা হৈছে সোমনাথ অমৰুত মহোৎসৱ।
উদযাপনৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে ধাৰাবাহিকভাৱে ধৰ্মীয় ততা সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কুম্ভাভিষেক আৰু ধ্বজৰোহন অনুষ্ঠানৰ লগতে মন্দিৰৰ পতাকা উত্তোলনৰ পিছতে তেওঁ বিশেষ মহা পূজাত অংশ ল’ব।
এই উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে সোমনাথৰ চহকী উত্তৰাধিকাৰ আৰু আধ্যাত্মিক তাৎপৰ্য্যক স্মৰণ কৰি এটি স্মাৰক ডাকটিক আৰু মুদ্ৰাও মুকলি কৰিব।
বদোদৰাত প্ৰধানমন্ত্ৰী
বদোদৰাৰ চৰ্দাৰধাম হোষ্টেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। এই প্ৰকল্পত ১০০০ ল’ৰা আৰু ১০০০ ছোৱালীৰ বাবে হোষ্টেলৰ সুবিধাৰ লগতে চেণ্ট্ৰেল ডাইনিং হল, লাইব্ৰেৰী আৰু অডিটৰিয়ামৰ দৰে সুবিধা আছে। প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰধাম কমপ্লেক্সত অভ্যৰ্থনা এলেকা, অসামৰিক সুবিধা, খোৱা-লোৱাৰ ঠাই, ই-লাইব্ৰেৰীকে ধৰি বিভিন্ন সা-সুবিধাও পৰিদৰ্শন কৰিব।
****
MJPS/SS/ST/DM