Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দিল্লীত ফিকি(এফআইচিচিআই)ৰ বাৰ্ষিক সাধাৰণ সভা আৰু বাৰ্ষিক অধিৱেশন উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

দিল্লীত ফিকি(এফআইচিচিআই)ৰ বাৰ্ষিক সাধাৰণ সভা আৰু বাৰ্ষিক অধিৱেশন উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ  অসমীয়া অনুবাদ


নমস্কাৰ।

ফিকিৰ সভাপতি অনন্ত গোৱেংকা ডাঙৰীয়া, ফিকিৰ সদস্যসকল, উদ্যোগ জগতৰ বিশিষ্ট ব্যক্তিসকল, উদ্ভাৱকসকল, গণ্য-মান্য ব্যক্তিসকল।

মই বিভিন্ন সময়ত  ফিকিৰ  সৈতে জড়িত একাধিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছোঁ। কিন্তু আজিৰ অনুষ্ঠানটো কিছু বিশেষ। ফিকিৰ অনুষ্ঠানটোৰ  প্ৰতিষ্ঠাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিছে। কোনো এটা প্ৰতিষ্ঠানে নিৰন্তৰ ১০০ বছৰ ধৰি সক্ৰিয় হৈ থকা, পৰিৱৰ্তিত সময়ৰ সৈতে খোজ মিলাই আগবাঢ়ি যোৱা আৰু দেশৰ অৰ্থনৈতিক যাত্ৰাত সক্ৰিয় ভূমিকা পালন কৰি থকাটো এটা অতি তাৎপৰ্যপূৰ্ণ সাফল্য। এই উপলক্ষে অতীতত আৰু বৰ্তমানে এই প্ৰতিষ্ঠানৰ সৈতে জড়িত সকলো ব্যক্তিকে মই আন্তৰিক অভিনন্দন জনোৱাৰ লগতে আপোনালোক সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

বিগত ১০০ বছৰত ভাৰতৰ অৰ্থনীতিয়ে বহুতো পৰ্যায় অতিক্ৰম কৰিছে। আমি অনুজ্ঞাপত্ৰ-পৰমিট-কোটা ব্যৱস্থা দেখিছোঁ, ৰাষ্ট্ৰীয়কৰণৰ বিফল পৰীক্ষা-নিৰীক্ষা দেখিছোঁ আৰু তাৰ পাছত একবিংশ শতিকাত এনে এটা সময় আহিছিল, যেতিয়া ভাৰতৰ অৰ্থনীতিক ‘দুৰ্বল পাঁচখন দেশৰ’ ভিতৰত গণ্য কৰা হৈছিল।

কিন্তু বিগত ১২ বছৰত ভাৰতৰ জনসাধাৰণ, আপোনালোক সকলোৱে যথেষ্ট পৰিশ্ৰম কৰিছে। আমাৰ যুৱ প্ৰজন্ম, কৃষক, শ্ৰমিক ভাই-ভনী আৰু উদ্যোগ জগতৰ আপোনালোক সকলোৱে মিলি এই পৰিস্থিতিৰ পৰিৱৰ্তন সাধন কৰিছে। আজি ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বিকশিত হোৱা অৰ্থনীতি। একে সময়তে দেশত দৰিদ্ৰতাৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যাৰ বৃদ্ধিৰ গতিও অভূতপূৰ্ব।

বন্ধুসকল,

বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদনে  আমাক সকলোকে গৌৰৱান্বিত কৰিছে। প্ৰতিবেদনখনত কোৱা হৈছে যে মাত্ৰ ১২ৰ পৰা ১৩ বছৰৰ ভিতৰতে ৫০ কোটি ভাৰতীয়ই দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে ।

বন্ধুসকল,

১৯৭০ৰ দশকত যেতিয়া ‘গৰিবী হটাও’ শ্লোগান দিয়া হৈছিল, তেতিয়া দেশৰ জনসংখ্যাও প্ৰায় ৫০ কোটি আছিল। তেতিয়াই দৰিদ্ৰতা নিৰ্মূল কৰিব পৰা গ’লহেঁতেন। কিন্তু ফিকি ইয়াৰ সাক্ষী যে সেই সময়ৰ নীতিসমূহত বহুতো ত্ৰুটি আছিল আৰু দুৰ্ভাগ্যজনকভাৱে সদিচ্ছাৰো অভাৱ আছিল। এই বিষয়ে মই বিতংকৈ আলোচনা কৰিব নিবিচাৰোঁ।

বন্ধুসকল,

ফিকি এই কথাৰো সাক্ষী যে যেতিয়া সঠিক নীতিৰে কাম কৰা হয় আৰু যেতিয়া চৰকাৰে সঠিক উদ্দেশ্যেৰে আগবাঢ়ে, তেতিয়া মাত্ৰ ১২–১৩ বছৰৰ ভিতৰতেই ৫০ কোটি দৰিদ্ৰ লোক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হৈছিল । ইয়াৰ পৰাই প্ৰমাণিত হয় যে আজি ভাৰতে যি স্তৰত আগবাঢ়িছে, যি পথেৰে উন্নয়নৰ দিশে যাত্ৰা কৰিছে, সেই পথ সঠিক, সুস্পষ্ট আৰু দেশৰ সফলতা নিশ্চিত কৰাৰ বাবে উপযুক্ত।

বন্ধুসকল,

আজি ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বিকশিত হোৱা বৃহৎ অৰ্থনীতি। বিভিন্ন প্ৰতিষ্ঠানৰ অনুমান অনুসৰি ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ প্ৰায় ৭ শতাংশ হৈ থাকিব। অক্টোবৰ মাহত আন এটা পৰিসংখ্যাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। সেই মাহত ভাৰতৰ সামগ্ৰী ৰপ্তানিৰ পৰিমাণ প্ৰায় ৫০ বিলিয়ন ডলাৰত উপনীত হৈছিল। এয়া ভাৰতৰ ইতিহাসত কোনো এটা মাহত হোৱা সৰ্বাধিক সামগ্ৰী ৰপ্তানিৰ পৰিমাণ। মই ইয়াত আপোনালোকৰ প্ৰশংসা কৰি আছোঁ, আৰু আপোনালোক মনে মনে বহি আছে! ভাৰতৰ সাফল্য এনেকুৱা যে মুডিজ ৰেটিংছ, এছ এণ্ড পি গ্ল’বেল ৰেটিংছ, ফিচ ৰেটিংছ, বিশ্ব বেংক আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ দৰে প্ৰতিষ্ঠানসমূহে আমাৰ বিকাশৰ পূৰ্বানুমান ঊৰ্ধ্বমুখীভাৱে সংশোধন কৰি আছে।

 

বন্ধুসকল,

আমাৰ শাস্ত্ৰসমূহত হাজাৰ হাজাৰ বছৰ পূৰ্বেই এক অতি গুৰুত্বপূৰ্ণ বাৰ্তা দিয়া হৈছিল—

‘উদ্ধৰেদাত্মনাত্মানং নাত্মানমৱসাদয়েত্।’

অৰ্থাৎ আমি নিজকে নিজেই উন্নীত কৰিব লাগিব, নিজৰ সামৰ্থ্যক চিনাক্ত কৰিব লাগিব, নিজৰ ভুল-ত্ৰুটিৰ পৰা শিক্ষা ল’ব লাগিব আৰু নিৰন্তৰ উন্নতিৰ বাবে চেষ্টা কৰিব লাগিব। নিজৰ বিষয়ে সততাৰে আত্মবিশ্লেষণ কৰিলেহে পৰৱৰ্তী উন্নতিৰ পথ মুকলি হয়। আগবাঢ়ি যাবলৈ সময়ে সময়ে আত্মবিশ্লেষণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। এই কথা কেৱল ব্যক্তিৰ ক্ষেত্ৰতে নহয়, উদ্যোগ আৰু ৰাষ্ট্ৰৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য।

ফিকিয়ে  এশ বছৰীয়া যাত্ৰাত ভাৰতীয় উদ্যোগ জগতৰ বহু সাফল্য প্ৰত্যক্ষ কৰিছে। এতিয়া সময় আহিছে, অহা ২০ বছৰত ভাৰতীয় উদ্যোগ জগতে আৰু কি কি সাফল্য অৰ্জন কৰিব পাৰে, সেয়া নিৰ্ধাৰণ কৰাৰ। এখন উন্নত ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ যাত্ৰাত আপোনালোকৰ অৱদান কেনেকৈ বৃদ্ধি কৰিব পাৰি, সেই বিষয়ে চিন্তা কৰিব লাগিব।

যিবোৰ ব্যৱসায়ত আপোনালোক ইতিমধ্যে প্ৰতিষ্ঠিত, সেইবোৰতে কাম কৰি যোৱাটো হয়তো সহজ আৰু তাৰ পৰা তাৎক্ষণিক লাভো আহিব পাৰে। কিন্তু উদ্যোগ জগতখনে ভৱিষ্যতে দেশৰ ভিতৰত আৰু বিশ্বজুৰি সৃষ্টি হ’বলগীয়া প্ৰয়োজনীয়তাসমূহৰ বাবেও প্ৰস্তুতি চলাব লাগিব। সম্পদসমূহক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা এই সময়ছোৱাত দেশৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ দায়িত্ব আমাৰ সকলোৰে। সেয়েহে মোৰ আপোনালোকৰ প্ৰতি আহ্বান—আগন্তুক ২০ বছৰৰ প্ৰতিটো দীৰ্ঘম্যাদী বিনিয়োগৰ সিদ্ধান্তত ‘ভাৰত প্ৰথম’ নীতিক আধাৰ হিচাপে গ্ৰহণ কৰক। ইয়াৰ ফলত দেশ আত্মনিৰ্ভৰ হ’ব আৰু আপোনালোকৰ ব্যৱসায়ৰ বিকাশৰ বাবেও নতুন সুযোগ সৃষ্টি হ’ব।

বন্ধুসকল,

আপোনালোকে অলপ আগতে এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰিলে। এতিয়া আপোনালোকে নিজেই সিদ্ধান্ত ল’ব লাগিব যে সেই তথ্যচিত্ৰখনে আমাক গৌৰৱেৰে মূৰ তুলি থিয় হ’বলৈ শিকাব লাগে নে লাজত মূৰ তল কৰিবলৈ বাধ্য কৰিব লাগে। মই জানো, এই কথা শুনি আপোনালোকে এতিয়া হাতচাপৰি নবজাব। কথাটো ভাবি চাওক।

এশ বছৰ পাৰ হৈ গ’ল। কিন্তু ১৯৩০ চনত গান্ধীজীয়ে আপোনালোকৰ ওচৰলৈ আহি যি কথা কৈছিল, ইমান বছৰৰ পাছতো আজি মোক একেই কথা ক’বলগীয়া হৈছে। এয়া আপোনালোকৰ সফলতা নে বিফলতা? মোৰ কথা নুশুনিলেও অন্ততঃ গান্ধীজীৰ কথা শুনক। তেৱোঁ স্বদেশীৰ কথা কৈছিল। আজি আমি যাক আত্মনিৰ্ভৰ ভাৰত বুলি কওঁ, সেই কথাই তেৱোঁ কৈছিল। তথাপি আপোনালোকে ১০০ বছৰ সম্পূৰ্ণ কৰাৰ পাছতো পৰিস্থিতি একে হৈ আছে। সেয়েহে মই কৈছোঁ, আপোনালোকে প্ৰস্তুত কৰা তথ্যচিত্ৰখনত মোৰ এই দুটা বাক্য সংযোজন কৰি প্ৰতিটো পৰিয়ালৰ ওচৰলৈ লৈ যাওক।

বন্ধুসকল,

মই আপোনালোকক ঔষধ উদ্যোগৰ উদাহৰণ দিব বিচাৰিছোঁ। ইয়াত উপস্থিত সকলোৱে এই কথা জানে। ভাৰতক বিশ্বৰ ঔষধালয় বুলি জনা যায়। তথাপি প্ৰতি বছৰে ভাৰতে সক্ৰিয় ঔষধি উপাদান (এ পি আই), মূল ঔষধ আৰু ঔষধ প্ৰস্তুতৰ মধ্যৱৰ্তী উপাদানৰ নামত কোটি কোটি ডলাৰৰ সামগ্ৰী আমদানি কৰে।

এনে শ শ সামগ্ৰীৰ ক্ষেত্ৰত আমি এতিয়াও আমদানিৰ ওপৰত নিৰ্ভৰশীল। ভাৰতৰ ভিতৰতে কোনবোৰ উপাদান উৎপাদন কৰিব পাৰি, সেই বিষয়ে আমাৰ ঔষধ উদ্যোগে চিন্তা কৰিব লাগিব। কোনবোৰ ক্ষেত্ৰত নতুন প্ৰযুক্তি আৰু বৃহৎ উৎপাদন কাৰখানাত বিনিয়োগ কৰিলে আমি আন দেশৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰিম, সেয়া নিৰ্ধাৰণ কৰিব লাগিব। প্ৰস্তুত ঔষধ উৎপাদনৰ ক্ষেত্ৰত আমাৰ ইতিমধ্যে শক্তিশালী স্থান আছে। এতিয়া ঔষধৰ উপাদান উৎপাদনৰ ক্ষেত্ৰতো আমাৰ সক্ষমতা গঢ়ি তুলিব লাগিব।

বন্ধুসকল,

লো আৰু তীখা উদ্যোগতো একেধৰণৰ প্ৰত্যাহ্বান আছে। ভাৰতে হাজাৰ হাজাৰ কোটি টকাৰ লোৰ আকৰ ৰপ্তানি কৰে, অথচ আনফালে প্ৰস্তুত তীখা আমদানি কৰে। আমি কোনবোৰ বিশেষ মানৰ তীখা আমদানি কৰোঁ, সেই বিষয়ে উদ্যোগ জগতখনে চিন্তা কৰিব লাগিব, যাতে সেইবোৰ দেশৰ ভিতৰতে উৎপাদন কৰিব পৰা প্ৰযুক্তি আমি বিকশিত কৰিব পাৰোঁ।

এলুমিনিয়ামৰ ক্ষেত্ৰতো একেধৰণৰ সুযোগ আছে। ভাৰতত হাজাৰ হাজাৰ টন পৰিমাণৰ বক্সাইটৰ বৃহৎ ভাণ্ডাৰ আছে। তথাপি আমি বিশেষ ধৰণৰ এলুমিনিয়াম সংকৰ ধাতু আৰু অন্যান্য সামগ্ৰী আমদানি কৰোঁ। এইবোৰ সামগ্ৰী দেশৰ ভিতৰতে উৎপাদন কৰাৰ সক্ষমতা আমি গঢ়ি তুলিব লাগিব। খনিজ সম্পদৰ মূল্য সংযোজন শৃংখলৰ ক্ষেত্ৰতো বিশেষজ্ঞতা অৰ্জন কৰিব লাগিব, যাতে দেশৰ ভিতৰতে অধিক মূল্য সংযোজন সম্ভৱ হয়।আপোনালোকে মোক কওকচোন, কেনেকুৱা দেশ এয়া, যিখন দেশে ঘেঁহু ৰপ্তানি কৰে আৰু ৰুটি আমদানি কৰে? এই প্ৰশ্নটো নিজকে সোধক।

বন্ধুসকল,

মই আপোনালোকক আন এটা পৰিসংখ্যা দিওঁ। ভাৰত এখন বৃহৎ দেশ হোৱা সত্ত্বেও বিশ্বৰ কৃষিজাত সামগ্ৰীৰ ৰপ্তানিত আমাৰ অংশীদাৰিত্ব মাত্ৰ ২ৰ পৰা ২.৫ শতাংশৰ ভিতৰত। আমাৰ কৰ্পৰেট জগতখনে কৃষিখণ্ডত বিনিয়োগ কৰিবলৈ ভয় কৰে আৰু সাধাৰণতে এই খণ্ডৰ পৰা আঁতৰি থাকে।

বন্ধুসকল,

আমি একেলগে এই পৰিস্থিতিৰ পৰিৱৰ্তন কৰিব লাগিব। ইয়াক মূল্য সংযোজন আৰু খাদ্য সংসাধন উদ্যোগৰ সৈতে জড়িত এক বৃহৎ সুযোগ হিচাপে চোৱা উচিত। বিগত ১২ বছৰত কৃষি-খাদ্য ৰপ্তানিৰ ক্ষেত্ৰত সংসাধিত খাদ্যৰ অংশ ১৩ শতাংশৰ পৰা ২০ শতাংশতকৈও অধিকলৈ বৃদ্ধি পাইছে। আজি উদ্যোগ খণ্ড একত্ৰিত হৈ ভৱিষ্যতৰ বাবে এক ৰণনীতি আৰু সম্পূৰ্ণ পৰিকল্পনা প্ৰস্তুত কৰাটো অতি প্ৰয়োজনীয়, য’ত আমি কি উৎপাদন কৰি আছো আৰু বিশ্বই কি বিচাৰিছে সেয়া চিনাক্ত কৰা হ’ব। মই আমাৰ উদ্যোগসমূহক ভাৰতৰ কৃষি খণ্ডত তেওঁলোকৰ বিনিয়োগ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছো। নিৰ্দিষ্ট বিদেশী বজাৰসমূহৰ কথা মনত ৰাখি নিৰ্ভৰযোগ্য ক্ৰয় ব্যৱস্থা গঢ়ি তোলক, আৰু তাত চাহিদা থকা সামগ্ৰীসমূহ বিকাশ কৰক। ইয়াৰ ফলত ভাৰতীয় সামগ্ৰীসমূহ বিশ্ব বজাৰত ভাৰতৰ পৰিচয় হৈ উঠিব পাৰিব।

 

বন্ধুসকল,

এই খণ্ডসমূহৰ দৰেই দৈনন্দিন ব্যৱহাৰৰ অভিযান্ত্ৰিক সামগ্ৰীৰ ক্ষেত্ৰতো ভাৰতৰ সন্মুখত অপৰিসীম সুযোগ আছে। হাতুৰী, সঁজুলি আৰু বিদ্যুৎচালিত সঁজুলিৰ বিশ্বব্যাপী ৰপ্তানিত ভাৰতৰ অংশীদাৰিত্ব এতিয়াও যথেষ্ট কম। এই খণ্ডত কাম কৰি বিশ্বৰ বজাৰত আমাৰ উপস্থিতি বৃদ্ধি কৰিব পাৰোঁ।

আমাৰ বৃহৎ কোম্পানীসমূহে সৰু কোম্পানীসমূহক প্ৰয়োজনীয় মান আৰু বৃহৎ পৰিসৰত উৎপাদন ক্ষমতা গঢ়ি তোলাত সহায় কৰিব পাৰে। যন্ত্ৰ নিৰ্মাণ উদ্যোগো আমাৰ বাবে এক সম্ভাৱনাপূৰ্ণ খণ্ড। এই ক্ষেত্ৰত বহুতো কাম কৰাৰ সুযোগ আছে।

আমি সকলোৱে মিলি উন্নয়নশীল দেশসমূহৰ, বিশেষকৈ গোলকীয় দক্ষিণৰ দেশসমূহৰ প্ৰয়োজনীয় যন্ত্ৰপাতি উৎপাদন কৰিব পাৰোঁ। আমাৰ উদ্যোগসমূহে সামগ্ৰী পেকেট কৰা যন্ত্ৰ, জলসিঞ্চন ব্যৱস্থা আৰু কাৰখানাৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতিৰ বজাৰ বিচাৰি উলিয়াব পাৰে আৰু এই ক্ষেত্ৰসমূহত আৰু কি কি কৰিব পাৰি, সেই বিষয়ে মূল্যায়ন কৰিব পাৰে।

বন্ধুসকল,

কোনো এখন দেশেই নিজৰ কৃষক, ক্ষুদ্ৰ উদ্যোগী, উদ্যোগপতি, সম্পদ সৃষ্টিকাৰী আৰু কৰদাতাসকলক সন্মান নকৰাকৈ উন্নতি কৰিব নোৱাৰে। তেওঁলোকক দিনে-নিশাই অপমান কৰি কোনো ৰাষ্ট্ৰৰ উন্নতি সম্ভৱ নহয়।

আপোনালোকৰ মাজৰ কিছুমানে হয়তো এই কথা জানে। সম্ভৱতঃ পংকজ ভাইয়েও জানে। এবাৰ গুজৰাটত আয়কৰ বিভাগৰ এক বৃহৎ সমাৱেশ অনুষ্ঠিত হৈছিল। তেতিয়া মই মাত্ৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ আৰু শাসন ব্যৱস্থাৰ বিষয়ে বিশেষ অভিজ্ঞতা নাছিল। ঘটনাটো প্ৰায় ২০০১-০২ চনৰ, অৰ্থাৎ প্ৰায় ২৫ বছৰ আগৰ।

আয়কৰ বিভাগৰ সকলো উচ্চপদস্থ বিষয়া তাত উপস্থিত আছিল। মই তেওঁলোকক কৈছিলোঁ, “আপোনালোকে কেতিয়া সকলোকে চোৰৰ দৰে ব্যৱহাৰ কৰা বন্ধ কৰিব? আপোনালোকৰ এই মনোভাব কেনেকুৱা?” তেওঁলোকেও দেশৰ বাবেই কাম কৰে। দেশৰ সেৱা কৰাৰ দায়িত্ব কেৱল আমাৰেই নেকি? প্ৰতিগৰাকী নাগৰিকে দেশৰ সেৱা কৰে। সকলোৱে সন্মান পোৱাৰ যোগ্য।

উদ্যোগৰ কথা ক’বলৈ গ’লে, যোৱা কেইবছৰমানত চৰকাৰে ব্যৱসায়-বাণিজ্য সহজ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ২০১৪ চনত কোম্পানীসমূহৰ বাবে প্ৰযোজ্য মৌলিক কৰৰ হাৰ আছিল ৩০ শতাংশ। আমি ইয়াক হ্ৰাস কৰি ২২ শতাংশ কৰিলোঁ। আজি ভাৰতত ১২ লাখ টকা পৰ্যন্ত আয়ৰ ক্ষেত্ৰত কোনো আয়কৰ দিব নালাগে।

মই জানো, আপোনালোকে হাতচাপৰি নবজাব। কাৰণ যিমানেই দিয়া নহওক কিয়, আপোনালোকৰ সন্তুষ্টি যেন কেতিয়াও নহয়। মই ১২ লাখ টকা পৰ্যন্ত আয় কৰমুক্ত কৰিলোঁ। আপোনালোকে নিজৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিলে নেকি? কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰিলে নেকি? নাই। আপোনালোকৰ মনোভাব এতিয়াও একেই—“মোদীজীয়ে কৰক, আমি চাই থাকিম।”

 বন্ধুসকল,

ইমান বৃহৎ পৰিমাণৰ আয়কৰ ৰেহাই প্ৰদান কৰিবলৈ সাহসৰ প্ৰয়োজন হৈছিল। ইয়াৰ ফলত মানুহৰ ক্ৰয় ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে। আমি আয়কৰ ৰিটাৰ্ণ দাখিল আৰু ধন ঘূৰাই দিয়াৰ ব্যৱস্থা সৰল কৰিছোঁ, যাতে কৰদাতাসকলৰ ধন অযথা চৰকাৰী ব্যৱস্থাত আৱদ্ধ হৈ নাথাকে।

আগতে কৰৰ ধন ঘূৰাই পাবলৈ আঠ মাহ সময় লাগিছিল। আজি এসপ্তাহৰ ভিতৰতে সেই ধন ঘূৰাই পোৱা যায়। পায়নে নাপায়? তেন্তে অন্ততঃ এতিয়া হাতচাপৰি বজাওক! কাৰণ আমি কৰি থকা কামবোৰ আপোনালোকৰ বাবে উপযোগী হৈছে নে নাই, নে আমি অযথা কাম কৰি আছোঁ, সেয়া মই বুজি পোৱা নাই।

বস্তু আৰু সেৱা কৰৰ সংস্কাৰৰ ফলত বহু সামগ্ৰীৰ কৰ হ্ৰাস পাইছে। ইয়াৰ ফলত চাহিদা বৃদ্ধি পাইছে আৰু আমাৰ উদ্যোগ তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পোনপটীয়াকৈ লাভৱান হৈছে।

বন্ধুসকল,

যোৱা কেইবছৰমানত ভাৰতে বিশ্বৰ বহু দেশৰ সৈতে বাণিজ্যিক চুক্তি সম্পাদন কৰিছে। ফিকিৰ সদস্যসকলে কেতিয়াবা বহি এই বিষয়ে চিন্তা কৰিছেনে? বিশ্বৰ বৃহৎ অৰ্থনীতিসমূহৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰাৰ অৰ্থ হৈছে আপোনালোকৰ বাবে নতুন বজাৰৰ দুৱাৰ মুকলি কৰা হৈছে।এই সুযোগসমূহ গ্ৰহণ কৰিবলৈ আপোনালোকে কিবা পৰিকল্পনা প্ৰস্তুত কৰিছেনে, নে সেই বিষয়েও মই ইয়ালৈ আহি আপোনালোকক বুজাব লাগিব?

বন্ধুসকল, মই স্পষ্টকৈ কথা কওঁ।

ইয়াতকৈ ডাঙৰ ঐতিহাসিক সুযোগ আৰু হ’ব নোৱাৰে। মোৰ এই সকলো প্ৰচেষ্টাৰ পৰা যদি আপোনালোকে লাভাৱিন্বিত নহয়, তেন্তে কোনে হ’ব? মোক কওকচোন। মই এই কামবোৰ আপোনালোকৰ বাবেই কৰি আছোঁ আৰু আপোনালোকৰ জৰিয়তে দেশৰ বাবেও কৰি আছোঁ। আপোনালোক দেশৰ বাবে এক গুৰুত্বপূৰ্ণ মাধ্যম।

নিজৰ শক্তি আৰু সামৰ্থ্যক চিনাক্ত কৰক। আমাৰ দেশৰ ভিতৰতে ১৪০ কোটি মানুহৰ এক বৃহৎ বজাৰ আছে। কেতিয়াবা মোৰ এনে লাগে যে এই বৃহৎ বজাৰখনেই আপোনালোকৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিছে। কাৰণ আপোনালোকে জানে, যিয়েই উৎপাদন নকৰক কিয়, কোনোবা নহয় কোনোবাই সেই সামগ্ৰী ক্ৰয় কৰিবই।

এখন বৃহৎ চহৰত এজন গ্ৰাহকে নিকিনিলে আন এখন সৰু চহৰত কোনোবাই কিনিব। তাতো বিক্ৰী নহ’লে এখন ডাঙৰ গাঁৱত বিক্ৰী হ’ব। তাতো নহ’লে এখন সৰু গাঁৱত বিক্ৰী হ’ব। অৰ্থাৎ, “মোৰ সামগ্ৰী যিকোনো প্ৰকাৰে বিক্ৰী হ’বই।” এই মনোভাব আৰু চলিব নোৱাৰে।সময় সলনি হৈছে। আপোনালোকে সামগ্ৰীৰ মান উন্নত কৰিব লাগিব। ১৪০ কোটি ভাৰতীয়ক কেৱল নিশ্চিত বজাৰ হিচাপে গণ্য নকৰিব।

আৰু কেতিয়াবা, ক্ষমা কৰিব, মোৰ লাজ লাগে। আজি মই আপোনালোকৰ সৈতে মুকলিকৈ কথা পাতিছোঁ। দুই ধৰণৰ মানুহ আছে। এই দুয়োটা শ্ৰেণীৰ লোক ইয়াত উপস্থিত আছে নে নাই, মই নাজানো।এটা শ্ৰেণীত আছে অট্টালিকা নিৰ্মাণকাৰী আৰু সম্পত্তি বিকাশৰ সৈতে জড়িত লোকসকল। তেওঁলোকে এটা বৃহৎ অট্টালিকা নিৰ্মাণ কৰে আৰু তাৰ পাছত এটা বা দুটা ঘৰ নিজৰ বাবে ৰাখি থয়। ক্ৰেতাক কয়, “এইটো মোৰ বাবে” অথবা “এইটো মোৰ পুত্ৰৰ বাবে।” কিন্তু আপুনি যদি সঁচাকৈয়ে বিচাৰে, তেন্তে হয়তো আমি এইটো বিক্ৰী কৰিব পাৰোঁ।তেতিয়া গ্ৰাহকে লগে লগে ভাবিবলৈ আৰম্ভ কৰে যে সেই ঘৰটো নিশ্চয় আটাইতকৈ উন্নত মানৰ।

আন এটা শ্ৰেণীৰ লোকো আছে, যিসকলৰ সংখ্যা ইয়াত হয়তো অধিক। তেওঁলোকে গ্ৰাহকক কয়, “এইটো ৰপ্তানিৰ বাবে প্ৰস্তুত কৰা মানৰ সামগ্ৰী!” আপোনালোকে দেশৰ মানুহক কি বুলি ভাবে? তেওঁলোক উন্নত মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অধিকাৰী নহয় নেকি?

আজিও আপোনালোকে গ্ৰাহকক ক’বলগীয়া হয়, “এইটো ৰপ্তানিৰ মানদণ্ডৰ সামগ্ৰী।” আৰু গ্ৰাহকে ভাবে, “বিদেশীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে যেতিয়া, নিশ্চয় ভাল হ’ব।”এই মনোভাব সলনি হ’ব লাগিব। মোৰ দেশৰ নাগৰিকসকলেও উন্নত মানৰ সামগ্ৰী লাভ কৰাৰ অধিকাৰী। গোপাল, অনুগ্ৰহ কৰি পাছত সকলোকে এই কথাটো ভালদৰে বুজাই দিব।

কিন্তু এতিয়া আন দেশসমূহত সৃষ্টি হোৱা সুযোগসমূহো সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাৰ সময় আহি পৰিছে। দেশখন যেতিয়া সংস্কাৰৰ দ্ৰুত যাত্ৰাত আগবাঢ়িছে, চৰকাৰো আপোনালোকৰ সৈতে একে গতিৰে আগবাঢ়িবলৈ সাজু।

বন্ধুসকল,

আজি মই আপোনালোকৰ সৈতে মুকলিকৈ কথা পাতিব বিচাৰিছোঁ। মই কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰিবলৈ ইয়ালৈ অহা নাই। মই আন্তৰিকতাৰে আপোনালোকক লগ কৰিবলৈ আহিছোঁ। কাৰণ মই আপোনালোকক সন্মান কৰোঁ।কিন্তু পূৰ্বৰ চৰকাৰসমূহৰ সৈতে আপোনালোকৰ অভিজ্ঞতা ইমানেই তিক্ত আছিল যে তাৰ মূল্য মই এতিয়া ভৰিবলগীয়া হৈছে। এয়া সেই পুৰণি চৰকাৰ নহয়। এয়া এখন বন্ধুত্বপূৰ্ণ চৰকাৰ। আৰু এই চৰকাৰে বন্ধুত্ব কেনেকৈ ৰক্ষা কৰিব লাগে, সেয়া জানে।যিহেতু আপোনালোক মোৰ প্ৰকৃত বন্ধু, সেয়েহে মই আপোনালোকক এটা কাম কৰিবলৈ অনুৰোধ জনাইছোঁ। কৰিবনে? কৰিবনে?

কোনো সংকোচ নকৰাকৈ, কোনো দ্বিধাবোধ নকৰাকৈ মোক মুকলিকৈ লিখক আৰু জনাওক যে এতিয়াও কি কি সংস্কাৰৰ প্ৰয়োজন আছে। মই বাৰে বাৰে আপোনালোকক মুকলিকৈ পৰামৰ্শ দিবলৈ আহ্বান জনাই থাকিম।

এশটা পৰামৰ্শৰ ভিতৰত মাত্ৰ দুটাহে যদি মই কাৰ্যকৰী কৰিব পাৰোঁ, তেন্তে সেয়া মোৰেই সীমাবদ্ধতা হ’ব। কিন্তু আপোনালোকে পৰামৰ্শ দিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিব। চৰকাৰৰ দুৱাৰ আৰু চৰকাৰৰ মন—দুয়োটাই আপোনালোকৰ বাবে সম্পূৰ্ণৰূপে মুকলি।

মই পুনৰ কওঁ, আমাৰ দেশৰ অভ্যন্তৰীণ বজাৰখন আমাৰ বাবে আৰামৰ স্থান হৈ পৰিব নালাগে। ১৪০ কোটি গ্ৰাহক আছে, গতিকে আমাৰ সামগ্ৰী যিকোনো প্ৰকাৰে বিক্ৰী হ’বই—এই মানসিকতাৰ পৰা আমি ওলাই আহিব লাগিব।

তাৰ পৰিৱৰ্তে এই বৃহৎ বজাৰৰ পৰা আত্মবিশ্বাস আহৰণ কৰি বিশ্বৰ বজাৰত প্ৰতিযোগিতা কৰিবলৈ আগবাঢ়িব লাগিব। আমাৰ মাজত সেই মানসিকতা গঢ়ি তুলিব লাগিব।

বিশ্বৰ বিভিন্ন অঞ্চলৰ গ্ৰাহকসকলৰ প্ৰয়োজনীয়তা বুজিবলৈ বিনিয়োগ কৰক। বিশেষজ্ঞৰ দল পঠিয়াওক। বজাৰৰ সমীক্ষা কৰক। কোনে কি বিচাৰে আৰু কেনেকৈ সেই প্ৰয়োজন পূৰণ কৰিব পাৰি, সেয়া বুজিবলৈ চেষ্টা কৰক।

গ্ৰাহকৰ বাবে সহজে ব্যৱহাৰ কৰিব পৰা সামগ্ৰী প্ৰস্তুত কৰক। স্থানীয় গ্ৰাহকে পছন্দ কৰা ৰং আৰু আৰ্হিৰ সামগ্ৰী নিৰ্মাণ কৰক। অন্যথা বিশ্বৰ বজাৰ কেনেকৈ দখল কৰা হয়, সেই কথা আমি সকলোৱে জানো।

আজি আমি আনকি নিশ্চিতভাৱে ক’ব নোৱাৰোঁ যে আমি পূজা কৰা গণেশৰ মূৰ্তিবোৰ ভাৰততে নিৰ্মাণ কৰা হৈছে নে আন কোনো দেশত।

বন্ধুসকল,

বিশ্বৰ মান অনুসৰি সামগ্ৰী প্ৰস্তুত কৰা আৰু বিশ্বব্যাপী চাহিদা পূৰণ কৰিব পৰা বিতৰণ ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত বিনিয়োগ কৰাটো অত্যন্ত প্ৰয়োজনীয়।

আমাৰ সামগ্ৰীসমূহ এনেকুৱা হ’ব লাগিব, যাতে বিশ্বৰ বজাৰৰ গ্ৰাহকসকলে সেইবোৰৰ ওপৰত বিশ্বাস স্থাপন কৰিব পাৰে আৰু ভাৰতৰ সৈতে এক আত্মিক সম্পৰ্ক অনুভৱ কৰিব পাৰে।

এই আহ্বানৰ সৈতে বন্ধুসকল, আজি মই আপোনালোকৰ আগত অতি মুকলিকৈ নিজৰ চিন্তা-ভাবনা প্ৰকাশ কৰিলোঁ। আপোনালোকৰ সৈতে আন্তৰিকতাৰে সকলো কথা ভাগ-বতৰা কৰিলোঁ।

মই আশা কৰোঁ, আপোনালোকৰ ১০০ বছৰীয়া যাত্ৰাই আপোনালোকক বহুতো অভিজ্ঞতা আৰু শিক্ষা দিছে। কিন্তু আৰু ১০০ বছৰলৈ অপেক্ষা নকৰিব। আগন্তুক ১০ বছৰত দেশক আপোনালোকে কি দিব পাৰে, সেই বিষয়ে চিন্তা কৰক।

১৯২৭ চনত জন্ম লাভ কৰা এটা প্ৰতিষ্ঠানে যদি মাত্ৰ ২০ বছৰৰ ভিতৰতে দেশৰ স্বাধীনতা লাভৰ সপোন বাস্তৱায়িত হোৱা দেখিছিল, তেন্তে ভাৰতৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়লৈকে, অৰ্থাৎ আগন্তুক ২০ বছৰৰ ভিতৰত আমি এখন উন্নত ভাৰত গঢ়ি তুলিবই লাগিব। এই সংকল্পৰে আমি আগবাঢ়ি যাব লাগিব।

বন্ধুসকল,

স্বাধীনতা কেৱল এটা শ্লোগান নাছিল। স্বাধীনতা আছিল এক প্ৰতিশ্ৰুতি। ঠিক সেইদৰে, উন্নত ভাৰত কেৱল এটা শ্লোগান নহয়; ই এক প্ৰতিশ্ৰুতি। এই প্ৰতিশ্ৰুতি ১৪০ কোটি ভাৰতীয়ই নিজৰ জীৱনত বাস্তৱায়িত কৰিব লাগিব।যদি আমি এই সংকল্প পালন কৰোঁ, তেন্তে আমি সফলতা লাভ কৰিম।এই মনোভাবেৰে আপোনালোক সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

অশেষ ধন্যবাদ।

ঘোষণাঃ  এয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী ৰূপান্তৰৰ আধাৰত কৰা অসমীয়া অনুবাদ। মূল ভাষণটো তেওঁ  হিন্দী ভাষাত প্ৰদান কৰিছিল।

 

 

**************

MJPS/SS/VJ/ST/DM