Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আৰ্ট অব লিভিঙত শ্ৰীশ্ৰী ৰবিশংকৰক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

আৰ্ট অব লিভিঙত শ্ৰীশ্ৰী ৰবিশংকৰক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰু ভ্ৰমণৰ সময়ত আৰ্ট অব লিভিঙৰ প্ৰতিষ্ঠাপক তথা প্ৰখ্যাত আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰক সাক্ষাৎ কৰে।

শ্ৰী মোদীয়ে কয় যে শ্ৰীশ্ৰী ৰবিশংকৰৰ সৈতে বিভিন্ন বিষয়ত, বিশেষকৈ আৰ্ট অব লিভিঙৰ দ্বাৰা কৰি থকা কামৰ বিষয়ে তেওঁৰ এক ফলপ্ৰসূ আলোচনা হৈছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰীশ্ৰী ৰবিশংকৰৰ সমাজ কল্যাণৰ বিস্তৃত দায়বদ্ধতাক প্ৰশংসা কৰি বিভিন্ন পদক্ষেপৰ জৰিয়তে সমাজসেৱাৰ বাবে সংস্থাটোৱে কৰা প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছে :

“আৰ্ট অব লিভিঙত থকা সময়ছোৱাত শ্ৰীশ্ৰী ৰবিশংকৰক লগ পাইছিলোঁ। বিভিন্ন বিষয়ত, বিশেষকৈ আৰ্ট অব লিভিঙৰ দ্বাৰা কৰা কামৰ বিষয়ে আমাৰ এক ফলপ্ৰসূ আলোচনা হৈছিল। সমাজ কল্যাণৰ বিস্তৃতিৰ বাবে তেওঁৰ সমৰ্পিত কাৰ্যকলাপ অতিশয় প্ৰশংসনীয়।”

@ArtofLiving

@Gurudev”

***

 

MJPS/SS/ST/KD