Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চোলা তামৰ প্লেট পুনৰুদ্ধাৰ

চোলা তামৰ প্লেট পুনৰুদ্ধাৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমান ৰব জেটেনৰ উপস্থিতিত  লেইডেন বিশ্ববিদ্যালয়ৰ পুথিভঁৰালে আজি একাদশ শতিকাৰ চোলা তামৰ প্লেট ভাৰত চৰকাৰক পুনৰ অৰ্পণ কৰে।

চোলা তামৰ প্লেট হৈছে ২১ খন ডাঙৰ প্লেট আৰু ৩ খন সৰু প্লেটৰ এটা গোট। চোলা ৰজাসকলে খ্ৰীষ্টীয় একাদশ শতিকাৰ সময়ছোৱাত জাৰি কৰা ৰাজকীয় চনদ অনুসৰি তামিলনাডুৰ  নাগাপট্টিনামৰ চুলামণিৱৰ্ম-বিহাৰ নামৰ বুদ্ধ বিহাৰক আনাইমংগলম গাঁওখন উপহাৰ দিয়াৰ আনুষ্ঠানিকতা সম্পন্ন  কৰিছিল। প্লেটসমূহত তামিল আৰু সংস্কৃত ভাষাত লিখা লিপি  আছে।

এই চোলা তামৰ প্লেটবোৰ পুনৰুদ্ধাৰ কৰাৰ কথাই  বিশেষ  তাৎপৰ্য্য বহন কৰিছে।  কাৰণ এইবোৰ কেৱল অতীতৰ শিল্পকৰ্ম নহয়, বৰঞ্চ ভাৰতৰ ঐতিহ্য আৰু সভ্যতাৰ এক অমূল্য কাহিনী ইয়াৰ সৈতে জৰিত হৈ আছে । এই প্লেটবোৰৰ ঘৰলৈ ঘূৰাই অনাৰ বিষয়টোৰ সৈতে ভাৰতবাসীৰ  গভীৰ আবেগিক সম্পৰ্ক আছে।

 

***

MJPS/SS/ST/DM