Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে অষ্ট্ৰেলিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চিনেটৰ পেনি ৱঙে


অষ্ট্ৰেলিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চিনেটৰ পেনি ৱঙৰ সাক্ষাৎ লাভ কৰি সুখ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে । দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, বাণিজ্য, প্ৰযুক্তি আৰু যোগান শৃংখলৰ স্থিতিস্থাপকতা নিশ্চিত কৰাৰ দৰে ক্ষেত্ৰত ভাৰত-অষ্ট্ৰেলিয়া সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰে ।

তেওঁলোকে  দৃঢ়তাৰে কয় যে ভাৰত আৰু অষ্ট্ৰেলিয়াই মুক্ত, সুৰক্ষিত আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে একেলগে কাম কৰি যাব।

এক্সত দিয়া  পোষ্টত শ্ৰী মোদীয়ে কয়;

‘অষ্ট্ৰেলিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চিনেটৰ পেনি ৱঙক লগ পাই আনন্দিত ।আমি প্ৰতিৰক্ষা, বাণিজ্য, প্ৰযুক্তি আৰু যোগান শৃংখলৰ স্থিতিস্থাপকতা নিশ্চিত কৰাৰ দৰে বিষয়ত  ভাৰত-অষ্ট্ৰেলিয়া সৰ্বাংগীন ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰিলোঁ।ভাৰত আৰু অষ্ট্ৰেলিয়াই মুক্ত, সুৰক্ষিত আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে কাম কৰি যাব।

@SenatorWong”

 

***

MJPS/SS/ST/DM