Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে


আজি নতুন দিল্লীত জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী টোছিমিটছু মোটেগীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

বৈঠকত শ্ৰী মোদীয়ে সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল তথা ইয়াৰ বাহিৰত শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধি আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে  পুনৰ দৃঢ়তাৰে কয়।

দুয়োগৰাকী নেতাই অঞ্চলটোৰ লগতে বিশ্বৰ  স্বাৰ্থত ভাৰত- জাপানৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰাৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত দিয়া    পোষ্টত এনেদৰে  কয়;

‘জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী টোছিমিটছু মোটেগীক লগ পাই আনন্দিত হৈছো।ভাৰত-জাপান বিশেষ কৌশলগত তথা  বিশ্বজোৰা অংশীদাৰিত্বৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ লগতে  সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু   ইয়াৰ বাহিৰত শান্তি, স্থিতিশীলতা তথা  সমৃদ্ধি আগুৱাই নিয়াৰ ক্ষেত্ৰত পুনৰ দৃঢ়তা প্ৰকাশ কৰিলো।

@moteging”

 

***

MJPS/SS/ST/DM