Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং হ্লাইঙৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং হ্লাইঙৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং হ্লাইঙৰ সৈতে বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰপতি উ মিন আং হ্লাইঙে ৰাষ্ট্ৰপতি হিচাপে  বিদেশ ভ্ৰমণৰ বাবে প্ৰথমে  ভাৰতক বাছি লোৱাত ভাৰতে সন্মানিত বোধ কৰিছে । লগতে তেওঁ ভগৱান বুদ্ধৰ আশীৰ্বাদত ৰাষ্ট্ৰপতিয়ে বোধগয়াৰ পৰা ভাৰতত নিজৰ কাৰ্যসূচী আৰম্ভ কৰাত আনন্দ প্ৰকাশ কৰে। আলোচনাকালত দুয়োগৰাকী নেতাই ভাৰত-ম্যানমাৰ সম্পৰ্কৰ বিষয়ে পৰ্যালোচনা কৰি দ্বিপাক্ষিক সহযোগিতা  অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে চৰ্চা কৰে। বৈঠকত দুয়োগৰাকী নেতাই   বাণিজ্য, ৰেয়াৰ আৰ্থ খনিজ,   স্বাস্থ্যসেৱা, সংযোগ, ঐতিহ্যৰ পুনৰুদ্ধাৰ আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ পথসমূহৰ অন্বেষণ কৰে। সামুদ্ৰিক সুৰক্ষা, চাইবাৰ নিৰাপত্তা আৰু অন্যান্য পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰতো ঘনিষ্ঠভাৱে কাম কৰি যাবলৈ  দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ‘চুবুৰীয়া প্ৰথম ’, ‘এক্ট ইষ্ট’ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় নীতিৰ বাবে ম্যানমাৰৰ ভূমিকা  অতি প্ৰয়োজনীয় বুলি আলোকপাত কৰি ম্যানমাৰৰ সৈতে থকা  ভাৰতৰ  সম্পৰ্কৰ  কথা পুনৰবাৰ দৃঢ়তাৰে প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  লিখিছে;

‘ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আং  হ্লাইঙৰ সৈতে এক ফলপ্ৰসূ  বৈঠক অনুষ্ঠিত হয়।  আমি সন্মানিত যে তেওঁ ৰাষ্ট্ৰপতি হিচাপে প্ৰথম বিদেশ ভ্ৰমণৰ বাবে ভাৰতক বাছি লৈছে। সমানেই আনন্দদায়ক কথা এয়া যে তেওঁ ভগৱান বুদ্ধৰ আশীৰ্বাদত বোধগয়াৰ পৰা তেওঁৰ  ভ্ৰমণ আৰম্ভ কৰিছে  । ভাৰত-ম্যানমাৰ সম্পৰ্কৰ বিষয়ে আমি পৰ্যালোচনা কৰিলোঁ। ভাৰতৰ ‘চুবুৰীয়া প্ৰথম  ’, ‘এক্ট ইষ্ট’ আৰু ইণ্ডো-পেচিফিক নীতিৰ বাবে ম্যানমাৰ অতি গুৰুত্বপূৰ্ণ ।”’আমাৰ আলোচনাত বাণিজ্য, ৰেয়াৰ আৰ্থ খনিজ, স্বাস্থ্যসেৱা, সংযোগ, ঐতিহ্য পুনৰুদ্ধাৰ আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ উপায়সমূহ সামৰি লোৱা হয়।আমি সামুদ্ৰিক সুৰক্ষা, চাইবাৰ সুৰক্ষা আৰু অধিক ক্ষেত্ৰত ঘনিষ্ঠভাৱে কাম কৰিবলৈও সন্মত হওঁ।’

******

MJPS/SS/ST/DM