Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মাননীয় ভলোডিমিৰ জেলেনস্কিৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে চলিত সংঘৰ্ষৰ সৈতে সম্পৰ্কিত শেহতীয়া পৰিস্থিতিৰ ওপৰত তেওঁৰ দৃষ্টিভংগী শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মানৱকেন্দ্ৰিক দৃষ্টিভংগীক পুনৰ নিশ্চিত কৰে আৰু ভাৰতৰ ধাৰাবাহিক স্থিতিক দোহাৰি কয় যে এই সংঘাত আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমাধান কৰিব লাগিব। তেওঁ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ লক্ষ্যৰে কৰা সকলো প্ৰচেষ্টাত অৰিহণা যোগাবলৈ ভাৰতৰ প্ৰস্তুতিৰ কথা ব্যক্ত কৰে।

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ জনসাধাৰণৰ পাৰস্পৰিক লাভালাভৰ বাবে বিভিন্ন খণ্ডত ভাৰত-ইউক্ৰেইনৰ দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ ব্যৱস্থাৰ বিষয়েও আলোচনা কৰে।

 

 

***

MJPS/SS/PRK/MK