Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দমনত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণৰ আভাস দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে

দমনত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণৰ আভাস  দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণৰ আভাস দাঙি ধৰি আঞ্চলিক উন্নয়ন আৰু ৰাষ্ট্ৰীয় অগ্ৰগতিৰ বিষয়ত আলোকপাত কৰে।

এক্সত দিয়া ধাৰাবাহিক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়:

“দমনত বিশেষ আদৰণি পাই মই সন্মানিত হৈছো। এন ডি এ চৰকাৰে দমন আৰু ডিউৰ উন্নয়নৰ বাবে উল্লেখযোগ্য সম্পদ নিয়োজিত কৰিছে। বিভিন্ন প্ৰকল্পই জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰিছে।”

“আজিৰ কাৰ্যসূচীৰ প্ৰাকমুহূৰ্তত স্বচ্ছতা সম্পৰ্কীয় অসাধাৰণ প্ৰচেষ্টাৰ বাবে দমনৰ জনসাধাৰণক প্ৰশংসা কৰিব বিচাৰিছো। যেতিয়া পৰিষ্কাৰ-পৰিচ্ছন্নতাক আৰু অধিক আগুৱাই নিয়া হয়, তেতিয়া ই স্বাস্থ্যসেৱাৰ পৰা আৰম্ভ কৰি পৰ্যটনলৈকে বিভিন্ন খণ্ডক উন্নীত কৰে।”

আজিৰ অনুষ্ঠানৰ আৰু কিছু আভাস দাঙি ধৰা হ’ল।”

 

“এই বিশ্ব সংকটৰ মাজত ১৪০ কোটি নাগৰিকৰ সামূহিক প্ৰচেষ্টাৰ ফলত ভাৰতে কেৱল নিজৰ স্থান দখল কৰাই নহয়, সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ প্ৰচেষ্টাতো সফল হৈছে। দেশৰ উন্নয়নৰ গতি সন্দৰ্ভত শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্যই ইয়াৰ সাক্ষ্য বহন কৰিছে।”

“দাদৰা আৰু নগৰ হাভেলীৰ লগতে দমন  তথা  দিউতো উন্নয়নৰ অপৰিসীম সম্ভাৱনা আছে। ইয়াৰ জনসাধাৰণে দেখি অহা প্ৰগতিৰ সপোন বাস্তৱায়িত কৰিবলৈ আমাৰ চৰকাৰে অহৰহ কাম কৰি আছে।”

 

“ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ ফলাফলে যে আয়ুষ্মান ভাৰতকে ধৰি আমাৰ স্বাস্থ্যসেৱা আঁচনিসমূহ নাগৰিকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত  হোৱাৰ স্পষ্ট প্ৰমাণ দিছে।”

“আমাৰ চৰকাৰে দেশৰ যুৱক-যুৱতীসকলে যাতে তেওঁলোকৰ ডিগ্ৰীৰ সমান্তৰালভাৱে সঠিক দিশ লাভ কৰে তাৰ বাবে চেষ্টা চলাইছে। ফলস্বৰূপে, তেওঁলোকক প্ৰতিটো খণ্ডতে সঠিক দৃষ্টিভংগীৰে প্ৰস্তুত কৰি তোলা হৈছে, স্থানীয় প্ৰতিভাৰ বাবে বিশ্বজুৰি  সুযোগ সৃষ্টি কৰা হৈছে।”

 

***

MJPS/SS/PRK/DM