Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জি-৭ সন্মিলনৰ সময়ত সংযুক্ত আৰব এমিৰেটছৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

জি-৭ সন্মিলনৰ সময়ত সংযুক্ত আৰব এমিৰেটছৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে সংযুক্ত আৰব এমিৰেটছৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰে। ২০২৬ চনত দুয়োজন নেতাৰ মাজত এয়া তৃতীয়খন বৈঠক আছিল, যি শক্তিশালী আৰু প্ৰাণৱন্ত ভাৰত-ইউ এ ই ব্যাপক কৌশলগত অংশীদাৰিত্বক প্ৰতিফলিত কৰে।

দুয়োগৰাকী নেতাই ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ২০২৬ৰ জানুৱাৰীত ভাৰত ভ্ৰমণ আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ২০২৬ৰ মে’ত ইউ এ ই ভ্ৰমণৰ জৰিয়তে গতি লাভ কৰা প্ৰযুক্তি, বাণিজ্য, বিনিয়োগ, শক্তি আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি আৰু ইতিবাচক উন্নয়নৰ পৰ্যালোচনা কৰে। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় ঘটনালানিৰ সম্পৰ্কতো মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে পশ্চিম এছিয়া অঞ্চলত স্থায়ী শান্তি, নিৰাপত্তা আৰু সুস্থিৰতাক আগুৱাই নিয়াৰ ক্ষেত্ৰত আলোচনা, কূটনীতি আৰু আন্তঃৰাষ্ট্ৰীয় আইন, সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সন্মান জনোৱাত গুৰুত্ব আৰোপ কৰে। দুয়ো পক্ষই হৰমুজ প্ৰণালীৰ জৰিয়তে মুক্ত, নিৰাপদ আৰু নিৰৱচ্ছিন্ন নৌ পৰিবহণ, বাণিজ্য আৰু ব্যৱসায় অব্যাহত ৰখাৰ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ শেষৰ ফালে ভাৰতে আয়োজন কৰিবলগীয়া ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক আমন্ত্ৰণ জনায়।

*******

MJPS/SS/ST/HS