Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ভাৰতত ছেইণ্ট গোবেইনৰ উপস্থিতি সম্প্ৰসাৰণৰ বিষয়ে মুখ্য কাৰ্যবাহী বিষয়া বেন’ইট বাজিনৰ সৈতে আলোচনা কৰে

প্ৰধানমন্ত্ৰীয়ে ভাৰতত ছেইণ্ট গোবেইনৰ উপস্থিতি সম্প্ৰসাৰণৰ বিষয়ে মুখ্য কাৰ্যবাহী বিষয়া বেন’ইট বাজিনৰ সৈতে আলোচনা কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেণ্ট গোবেইনৰ বেন’ইট বাজিনৰ সৈতে মত বিনিময় কৰাৰ বিষয়কলৈ আনন্দ প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে আন্তঃগাঁথনি আৰু নগৰ উন্নয়নৰ ক্ষেত্ৰত এক অভূতপূৰ্ব পৰিৱৰ্তনৰ সাক্ষী হৈ আছে।

শ্ৰী মোদীয়ে কয় যে ভাৰতত ছেইণ্ট গোবেইনৰ পদাংক আৰু অধিক সম্প্ৰসাৰণ তথা  উদ্ভাৱন, বৃত্তাকাৰ অৰ্থনীতি আৰু অন্যান্য ক্ষেত্ৰত অংশীদাৰ হোৱাৰ উপায়ৰ বিষয়ত  আলোচনা কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বৈচিত্ৰ্য আৰু পৰিসৰে গ্ল’বেল চাউথৰ বাবে নিৰ্মাণ সমাধান বিকশিত কৰাৰ বাবে এক আদৰ্শ মঞ্চ প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;

‘চেণ্ট-গোবেইনৰ শ্ৰীমান  বেন’ইট বাজিনৰ সৈতে মত বিনিময় কৰি আনন্দিত হৈছো।আন্তঃগাঁথনি আৰু নগৰ উন্নয়নৰ ক্ষেত্ৰত ভাৰতে এক অভূতপূৰ্ব পৰিৱৰ্তনৰ সাক্ষী হৈ আছে।ভাৰতত চেণ্ট গোবেইনৰ পদাংক আৰু অধিক সম্প্ৰসাৰণৰ আৰু উদ্ভাৱন, বৃত্তাকাৰ অৰ্থনীতি আৰু অধিক ক্ষেত্ৰত অংশীদাৰিত্বৰ বিষয়ত উপায়ৰ বিষয়ে আলোচনা কৰা হয়।ভাৰতৰ বৈচিত্ৰ্য আৰু পৰিসৰে গ্লোবেল চাউথৰ বাবে সমাধান বিকশিত কৰাৰ অৰ্থে  এক আদৰ্শ মঞ্চ প্ৰদান কৰিছে।

@saintgobain”

 

****

MJPS/SS/ST/DM