পি এম ইণ্ডিয়া
মঞ্চত উপৱিষ্ট ৰাজ্যপাল শ্ৰী আৰ. এন. ৰবিজী, উদ্যমী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীজী, কেন্দ্ৰত মোৰ সহযোগী প্ৰতাপ ৰাও যাদৱজী, আন সকলো গণ্যমান্য ব্যক্তি, ইয়াত কলকাতাত সমবেত হোৱা সকলো অংশগ্ৰহণকাৰী, দেশ-বিদেশত অনুষ্ঠিত যোগ দিৱসত যোগদান কৰা বন্ধুকল আৰু মোৰ মৰমৰ দেশবাসী!
২১ জুন তাৰিখটো পৃথিৱীৰ কিছুমান ঠাইত বছৰৰ আটাইতকৈ দীঘল দিন। আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবেই ২১ জুন দিনটোও বিশ্বৰ সৰ্ববৃহৎ গণ উদযাপনৰ দিনলৈ পৰিণত হৈছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা যোগৰ এখনতকৈ আনখন উৎকৃষ্ট ছবি আহিবলৈ লৈছে। হিমালয়ৰ পৰা ভাৰত মহাসাগৰলৈকে, পূবে উত্তৰ-পূব আৰু বংগৰ পৰা পশ্চিমে সৌৰাষ্ট্ৰলৈকে সমগ্ৰ দেশ যেন যোগৰ শক্তিৰে ভৰি পৰিছে। সমগ্ৰ দেশ, সমগ্ৰ বিশ্ব যেন পৰস্পৰৰ লগত সংযুক্ত হৈ পৰিছে, আৰু এয়াই হৈছে যোগৰ শক্তি। যোগে সকলোকে একত্ৰিত কৰে, যোগে সকলোকে একেলগ কৰে। তদুপলক্ষে মই সমগ্ৰ বিশ্ব, সমগ্ৰ মানৱ সমাজলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
বন্ধুসকল,
আজি যোগ দিৱসত কলকাতাৰ জনসাধাৰণ, বিশেষকৈ সমগ্ৰ বংগৰ ৰাইজক ইয়াত সৃষ্টি কৰা স্বচ্ছতাৰ যোগৰ বাবে প্ৰশংসা কৰিব বিচাৰিছোঁ। এয়া এক উল্লেখযোগ্য পদক্ষেপ। স্বচ্ছতা সে স্বাগত পদক্ষেপৰ বাবে ইয়াত প্ৰদৰ্শন কৰা ধাৰাবাহিক প্ৰচেষ্টা আৰু নাগৰিক কৰ্তব্যই আমাৰ সকলো দেশবাসীৰ বাবে এক বৃহৎ প্ৰেৰণা হৈ পৰিছে।
বন্ধুসকল,
যোগ দিৱস উপলক্ষে আজি বংগত থকাটো মোৰ বাবে বহুতেই বিশেষ। বংগৰ এই পৱিত্ৰ ভূমি, য’ত ভগৱান ৰামকৃষ্ণ পৰমহংসৰ দৰে নিপুণ সন্তসকলৰ অৱতাৰ হৈছিল, য’ত স্বামী বিবেকানন্দই জগতত যোগৰ পৰিচয় দিছিল, য’ত মহৰ্ষি অৰৱিন্দৰ দৰে মহান যোগীৰ জন্ম হৈছিল আৰু য’ত লাহিড়ী মহাশয়ৰ দৰে মহান যোগীসকলে যোগ পৰম্পৰাক নতুন শিখৰলৈ লৈ গৈছিল, আজি এই ভূমিতে সামূহিক যোগৰ অভিজ্ঞতাই এক অনন্য আধ্যাত্মিক অনুভৱ প্ৰদান কৰিছে। বংগৰ এই মাটিতে জন্মগ্ৰহণ কৰা গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে বিশ্বাস কৰিছিল যে মানৱ পৰিচয় বিচ্ছিন্নতাত নহয়, বৰঞ্চ আমাৰ চৌপাশৰ জগতখনৰ সৈতে সংযোগ স্থাপনতহে নিহিত হৈ আছে। এই সংযোগেই যোগৰ সাৰমৰ্ম। মহৰ্ষি অৰৱিন্দয়ো কয়, “আমাৰ সমগ্ৰ জীৱনটোৱেই যোগ, সেয়া আমি উপলব্ধি কৰোঁ বা নকৰোঁ। যেতিয়া যোগ আমাৰ প্ৰকৃতিৰ অংশ হৈ পৰে, তেতিয়া ই মানৱীয় ঐক্যৰ আধাৰ হৈ পৰে।”
বন্ধুসকল,
যোগ কেৱল শাৰীৰিক পৰিশ্ৰমৰ মাধ্যম নহয়। ই কোনো এটা বয়স গোটতে সীমাবদ্ধও নহয়। ভাৰতত আমি জানো আৰু দেখিছোঁ যে যোগ হৈছে মানুহৰ জীৱনৰ বাবে চেতনা, উদ্যম আৰু পোহৰৰ উৎস। সেইবাবেই এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে সুস্থ বাৰ্ধক্যৰ বাবে যোগ। বয়স বঢ়াৰ লগে লগেও আমি সুস্থ, শক্তিশালী আৰু সক্ৰিয় হৈ থাকিব পাৰোঁ; যোগে আমাক এই উদ্দেশ্যৰ প্ৰতি পথ প্ৰদৰ্শন কৰে।
বন্ধুসকল,
যেতিয়া আমি “সুস্থ বাধৰ্ক্যৰ বাবে যোগাসন”ৰ কথা কওঁ, তেতিয়া ইয়াৰ অৰ্থ হ’ল বয়সে যাতে মানুহৰ সম্ভাৱনা হ্ৰাস নকৰে তাৰ বাবে আমি কাম কৰিব পাৰোঁ। যোগে মানৱ জীৱনক অহৰহ বিকাশৰ আকাংক্ষাত সহায় কৰিব পাৰে। আমাৰ লক্ষ্য হ’ব লাগিব ২০ বছৰ বয়সতকৈ ৪০ বছৰ বয়সত অধিক নমনীয় হোৱা। আমাৰ লক্ষ্য হ’ব লাগিব ৩০ বছৰ বয়সতকৈ ৫০ বছৰ বয়সত অধিক শক্তিশালী হোৱা। আমাৰ লক্ষ্য হ’ব লাগিব ৫০ বছৰ বয়সতকৈ ৭০ বছৰ বয়সত জীৱনশৈলীজনিত ৰোগৰ প্ৰতি অধিক প্ৰতিৰোধী হোৱা। ই আমাৰ শৰীৰটোক নমনীয় হোৱাত সহায় কৰে, আমাৰ শক্তিৰ মাত্ৰা বৰ্তাই ৰাখে, মানসিক চাপমুক্ত জীৱন যাপন কৰাত সহায় কৰে আৰু জীৱনশৈলীৰ ৰোগবোৰ আঁতৰাই ৰাখে। তদুপৰি নিয়মীয়া অনুশীলনৰ দ্বাৰা যোগে আমাৰ শৰীৰ আৰু মনৰ বিষয়ে গোটেই জীৱন বুজিবলৈ আৰু জানিবলৈ সহায় কৰে। আমি যিমানেই নিজৰ বিষয়ে জানিব পাৰিম সিমানেই নিজকে ভালদৰে পৰিচালনা কৰিব পাৰিম। গতিকে সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন অতি প্ৰয়োজনীয়। এই বিষয়টো কেৱল বৃদ্ধসকলৰ বাবেই নহয়, সকলো বয়সৰ লোকৰ বাবেও বিবেচনা কৰা উচিত।
বন্ধুসকল,
গীতাত ভগৱান শ্ৰীকৃষ্ণই যোগৰ বিষয়ে কৈছে :
যুক্ত আহাৰ বিহাৰাস্য, যুক্ত চেষ্টস্য কৰ্মসু।
যুক্ত স্বপ্ন অৱ-বোধস্য, যোগ ভাৱতী দুখহা।
অৰ্থাৎ, সুষম আহাৰ আৰু জীৱনশৈলী, সন্তুলিত ক্ৰিয়া-কৰ্ম, গভীৰ টোপনি আৰু জাগৰণৰ জৰিয়তে যোগে দুখ-কষ্ট লাঘৱকাৰী হৈ পৰে। এই ভাৰসাম্যই হৈছে যোগৰ ভেটি। এই ভাৰসাম্য আমাৰ জীৱনৰো ভেটি। কিন্তু এই আধুনিক যুগত বেছিভাগ মানুহেই জীৱনৰ ভাৰসাম্যহীনতাৰ সৈতে যুঁজি আছে আৰু বহু সংগ্ৰাম কৰিবলগীয়া হৈছে। যোগে আমাক ভাৰসাম্যযুক্ত জীৱন যাপনৰ কলা শিকায়। যোগে আমাক কৰিব আৰু নকৰিব লগীয়া বিষয়ৰ শিক্ষা দিয়ে। আৰু যেতিয়া আমি আমাৰ শৰীৰটোক সঠিকভাৱে পৰিচালনা কৰিবলৈ শিকোঁ তেতিয়া স্বাস্থ্য আমাৰ স্বভাৱ হৈ পৰে।
বন্ধুসকল,
যোগাসনে কেৱল আমাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰাই নহয়; ই মানসিক স্বাস্থ্যৰ পৰা শাৰীৰিক স্বাস্থ্যলৈ পথ দেখুৱাইছে। সেইবাবেই যোগক “যুক্ত চেষ্টাস্য কৰ্মসু” বুলি কোৱা হয়। অৰ্থাৎ আমি বুজি পাওঁ আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে! এই উপলব্ধি আমাৰ জীৱনত শান্তিৰ উৎস হোৱাই নহয়, ই বিশ্বশান্তিৰ পথো মুকলি কৰে। গতিকে যোগাসন কেৱল আমাৰ ব্যক্তিগত জীৱনশৈলীৰ বাবেই অপৰিহাৰ্য নহয়; পৃথিৱীৰ উন্নত ভৱিষ্যতৰ বাবেও ই প্ৰয়োজনীয়।
বন্ধুসকল,
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত কোটি কোটি লোকে যোগাসন কৰে। আজিৰ এই দিনটোৱে আমাক আমাৰ উমৈহতীয়া সংকল্প পুনৰাবৃত্তি কৰাৰ সুযোগ প্ৰদান কৰে। আহক আমি সংকল্প লওঁ যে যোগক কেৱল এদিনতে সীমাবদ্ধ নাৰাখোঁ, যোগক কেৱল এটা অনুষ্ঠানতে সীমাবদ্ধ নাৰাখোঁ। যোগক আমি আমাৰ জীৱনৰ অংগ কৰিম। আমি ইয়াক আমাৰ পৰিয়ালৰ অংশ কৰিম। আমি ইয়াক আমাৰ ভৱিষ্যত প্ৰজন্মৰ অংশ কৰিম।
বন্ধুসকল,
এইক্ষেত্ৰত এই বছৰৰ “যোগ ৩৬৫” পদক্ষেপকো আগুৱাই দিয়া হৈছে। ১০০দিনীয়া অনলাইন যোগাসন কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল, য’ত জনসাধাৰণৰ অভূতপূৰ্ব অংশগ্ৰহণ দেখা গৈছিল। ১৩০খন দেশৰ ৩০ লাখতকৈ অধিক লোকে ইয়াত অংশগ্ৰহণ কৰিছে।
বন্ধুসকল,
যেতিয়া সমাজখন সুস্থ হ’ব, তেতিয়া ৰাষ্ট্ৰখনো অধিক সক্ষম, অধিক সমৃদ্ধিশালী আৰু অধিক আত্মবিশ্বাসী হ’ব। মই আপোনালোক সকলোৰে বাবে কামনা কৰিলোঁ, “সকলোৱে সুখী আৰু সুস্থ হওক।” ইয়াৰ লগে লগে আকৌ এবাৰ আপোনালোক সকলোকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বহুত বহুত শুভেচ্ছা জনালোঁ।
অশেষ ধন্যবাদ!
***
MJPS/SS/ST/AV/KD
From physical wellness to inner peace, yoga enriches every aspect of life. Delighted to join this year’s celebrations in Kolkata. https://t.co/75UZECw8JR
— Narendra Modi (@narendramodi) June 21, 2026
Yoga connects us all and brings us together. pic.twitter.com/ghpAAVOmxE
— PMO India (@PMOIndia) June 21, 2026
When yoga becomes a way of life, it becomes the foundation of human unity. pic.twitter.com/FLxB961hWN
— PMO India (@PMOIndia) June 21, 2026
Yoga helps us tune our bodies to be flexible.
— PMO India (@PMOIndia) June 21, 2026
It keeps our energy levels high. pic.twitter.com/zQxvJeJwv8
Yoga teaches us the art of living a balanced life. pic.twitter.com/gcfmQX9dmM
— PMO India (@PMOIndia) June 21, 2026
Yoga shows the path from mental well-being to physical well-being. pic.twitter.com/O81tKmKfHi
— PMO India (@PMOIndia) June 21, 2026