Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কাটাৰৰ আমিৰৰ টেলিফোন


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল-থানীয়ে টেলিফোন কৰে।

কাটাৰৰ আমিৰে ২১ জুনত কাটাৰৰ ৰাছ লাফান ঔদ্যোগিক চহৰত সংঘটিত দুৰ্ঘটনাত ভাৰতীয় নাগৰিকৰ প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে আৰু আহতসকলৰ বাবে তাৎক্ষণিকভাৱে চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

দুয়োগৰাকী নেতাই তেওঁলোকৰ নাগৰিকৰ কল্যাণ আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে আৰু পৰস্পৰে পৰস্পৰৰ প্ৰতি সমৰ্থন আৰু সহমৰ্মিতা পুনৰ দোহাৰে।

পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে শান্তি প্ৰচেষ্টাত কাটাৰৰ ইতিবাচক অৱদানৰ প্ৰশংসা কৰে আৰু আশা প্ৰকাশ কৰে যে ই অঞ্চলটোত স্থায়ী শান্তি আৰু সুস্থিৰতাৰ পথ প্ৰশস্ত কৰিব।

দুয়োগৰাকী নেতাই সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।

তেওঁলোকে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলিবলৈ সন্মতি প্ৰকাশ কৰে।

***

MJPS/SS/VJ/HS