Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱসত প্ৰধানমন্ত্ৰীৰ চি এ সকলক শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱস উপলক্ষে চাৰ্টাৰ্ড একাউণ্টেণ্ট সকলক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ অৰ্থনৈতিক যাত্ৰাত চাৰ্টাৰ্ড একাউণ্টেণ্টসকল দীৰ্ঘদিন ধৰি বিশ্বাসী অংশীদাৰ হৈ আহিছে। তেওঁ উল্লেখ কৰে যে স্বচ্ছতা আৰু পেছাদাৰী উৎকৃষ্টতাৰ প্ৰতি প্ৰতিশ্ৰুতিৰ জৰিয়তে তেওঁলোকে দেশৰ বিত্তীয় ব্যৱস্থাক শক্তিশালী কৰিছে, ব্যৱসায়সমূহক সমৰ্থন কৰিছে, উদ্যোগশীলতাক উৎসাহিত কৰিছে আৰু বিনিয়োগকাৰীসকলৰ মাজত আত্মবিশ্বাস জাগ্ৰত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱসত সমগ্ৰ চি এ সকলক শুভেচ্ছা জনাইছো। ভাৰতৰ অৰ্থনৈতিক যাত্ৰাত তেওঁলোক দীৰ্ঘদিন ধৰি বিশ্বাসী অংশীদাৰ হৈ আহিছে। স্বচ্ছতা আৰু পেছাদাৰী উৎকৃষ্টতাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ জৰিয়তে, তেওঁলোকে আমাৰ বিত্তীয় ব্যৱস্থাক শক্তিশালী কৰে, ব্যৱসায়সমূহক সমৰ্থন কৰে, উদ্যোগশীলতাক উৎসাহিত কৰে আৰু বিনিয়োগকাৰীসকলৰ মাজত আত্মবিশ্বাস জাগ্ৰত কৰে। তেওঁলোকৰ দক্ষতাই অৰ্থনৈতিক বিকাশ আৰু ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। আমি বিকশিত ভাৰতৰ দিশত আগবাঢ়ি যোৱাৰ লগে লগে, তেওঁলোকৰ প্ৰচেষ্টাই এনে এক পৰিৱেশ সৃষ্টি কৰাত সহায় কৰে য’ত উদ্যোগ বিকশিত হ’ব পাৰে আৰু সকলোৰে বাবে সুযোগ সম্প্ৰসাৰিত হ’ব পাৰে।

 

***

MJPS/SS/VJ/MK