Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে কিংবদন্তি নেপথ্য কণ্ঠশিল্পী এছ জানকী আম্মাৰ মৃত্যুত শোক প্ৰকাশ কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট নেপথ্য কণ্ঠশিল্পী এছ জানকী আম্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ মৃত্যু সংগীত আৰু সংস্কৃতিৰ জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁ উল্লেখ কৰে যে বিভিন্ন ভাষাত তেওঁৰ গীতসমূহ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি জনপ্ৰিয় আৰু অতুলনীয় গৰিমা তথা বহুমুখী প্ৰতিভাৰে প্ৰতিটো আৱেগক ব্যক্ত কৰিছিল।

শ্ৰী মোদীয়ে কয় যে পৰৱৰ্তী বছৰবোৰতো তেওঁৰ সুৰে শ্ৰোতাক মুগ্ধ কৰি থাকিব।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত লিখিছে;

“প্ৰখ্যাত নেপথ্য কণ্ঠশিল্পী এছ জানকী আম্মাৰ বিয়োগ সংগীত আৰু সংস্কৃতিৰ জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি। বিভিন্ন ভাষাত তেওঁৰ গীতসমূহ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি জনপ্ৰিয় হৈয়ে আছে। এই গীতবোৰৰ মাজেৰে তেওঁ অতুলনীয় গৰিমা আৰু বহুমুখী প্ৰতিভাৰে প্ৰতিটো আৱেগ ব্যক্ত কৰিছিল। পৰৱৰ্তী বছৰবোৰতো তেওঁৰ সুৰে শ্ৰোতাক মুগ্ধ কৰি থাকিব। তেওঁৰ পৰিয়াল, অগণন অনুৰাগী আৰু সমগ্ৰ সংগীত জগতলৈ এই দুখৰ সময়ত মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।”

 

******

 

MJPS/SS/ST/KD