Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভিয়েটনামৰ ফু কুকৰ সমীপত সংঘটিত নাও দুৰ্ঘটনাত ভাৰতীয় নাগৰিকৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ ফু কুকৰ সমীপত সংঘটিত কৰুণ নাও দুৰ্ঘটনাত ভাৰতীয় নাগৰিকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আপোনজনক হেৰুওৱা পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।

শ্ৰী মোদীয়ে কয় যে দূতাবাস আৰু কনছুলেটসমূহে সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতীয় বিষয়াসকলে ভিয়েটনাম কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগত আছে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

 “ভিয়েটনামৰ ফু কুকৰ সমীপত ভাৰতীয় নাগৰিকৰ সৈতে সংঘটিত কৰুণ নাও দুৰ্ঘটনাৰ মৰ্মান্তিক খবৰ পাই অত্যন্ত মৰ্মাহত হৈছোঁ।

আপোনজনক হেৰুওৱা পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।

আমাৰ দূতাবাস আৰু কনছুলেটসমূহে সকলো ধৰণৰ সহায় আগবঢ়াইছে। আমাৰ বিষয়াসকলেও ভিয়েটনাম কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগত আছে।”


 

************

MJPS/SS/ST/KD