পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ ছেমিকণ্ডাক্টৰ শৈলী প্ৰস্তুত আৰু উৎপাদন পৰিৱেশ তন্ত্ৰৰ বিকাশৰ বাবে মুঠ বাজেট ব্যয় হৈছে ১,২৭,৫০০ কোটি টকা সাপেক্ষ ছেমিকন ২.০ ত অনুমোদন জনাইছে।
ভাৰতৰ ছেমিকণ্ডাক্টৰ খণ্ডৰ বাবে এক স্থায়ী আৰু দীৰ্ঘম্যাদী সমৰ্থনৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰাৰ লগতে ছেমিকন ১.০ৰ অধীনত সৃষ্টি হোৱা বিকাশৰ ওপৰত ভিত্তি কৰি ছেমিকন ২.০ -ৰ লক্ষ্য হৈছে আমাৰ দেশক বিশ্বৰ ছেমিকণ্ডাক্টৰ মানচিত্ৰত ৰখাৰ উদ্দেশ্যে চৰকাৰৰ দায়বদ্ধতাক আগুৱাই নিয়া।
ছেমিকন ২.০ ৰ লক্ষ্য হৈছে নিম্নলিখিত ছয়টা স্তম্ভ সন্দৰ্ভত ছেমিকণ্ডাক্টৰ পৰিৱেশ তন্ত্ৰটো সামগ্ৰিকভাৱে বিকশাই তোলাঃ
প্ৰথম স্তম্ভঃ শৈলী প্ৰস্তুতঃ ছেমিকন ২.০ চিপ ডিজাইনৰ প্ৰাৰম্ভিক সফলতাৰ ওপৰত ভিত্তি কৰি বিকশাই তোলা হ’ব। ইতিমধ্যে ১০৫ টা ষ্টাৰ্টআপে চিপ বিকশিত কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে, ডিজাইন পৰিৱেশ তন্ত্ৰ গভীৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ উপৰি, কৌশলগত আৰু বাণিজ্যিক সামগ্ৰীৰ বিকাশৰ বাবে প্ৰয়োজনীয় দিশ চিনাক্ত কৰা হৈছে। ছেমিকন ২.০ ৰ অধীনত এই পদ্ধতিৰ সৈতে আই পি, চিপ আৰু চিষ্টেমৰ ডিজাইন বিকশিত কৰাৰ লক্ষ্য লোৱা হৈছে । ছেমিকন ২.০ ৰ অধীনৰ কাম-কাজসমূহে ভাৰতক এক গুৰুত্বপূৰ্ণ ছেমিকণ্ডাক্টৰ চিপ ডিজাইন আই পি দেশ হিচাপে পৰিগণিত কৰিব।
দ্বিতীয় স্তম্ভঃ যন্ত্ৰ আৰু সামগ্ৰীঃ ছেমিকণ্ডাক্টৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী, ৰাসায়নিক পদাৰ্থ, গেছ নিৰ্মাণ আৰু যন্ত্ৰৰ গৱেষণা তথা উন্নয়নৰ সৈতে জড়িত কোম্পানীসমূহক উৎসাহিত কৰা হ’ব। ই ছেমিকণ্ডাক্টৰ উদ্যোগৰ বহনক্ষম বিকাশৰ ভেটি স্থাপন কৰিব। ই আমাৰ দেশত নিখুঁত উৎপাদন উদ্যোগৰ বিকাশত সহায় কৰিব।
তৃতীয় স্তম্ভঃ অধিক ফেব্ৰিকেচন প্ৰকল্প স্থাপনঃ ২০২৮ চনত প্ৰথমটো ফেব্ৰিকেচন প্ৰকল্প আৰম্ভ হোৱাৰ কথা। ইয়াৰ লগে লগে বিশ্বই ভাৰতৰ ছেমিকণ্ডাক্টৰ ৰণনীতিৰ ওপৰত অধিক আস্থা দেখুৱাইছে। অধিক উৎপাদনকাৰীক ভাৰতলৈ আহিবলৈ আৰু চিপ নিৰ্মাণৰ বাবে ফেব্ৰিকেচন প্ৰকল্প স্থাপন কৰিবলৈ আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা হ’ব। ইয়াৰ ভিতৰত থাকিব চিলিকন ফেব, যৌগিক ছেমিকণ্ডাক্টৰ ফেব, পৃথক উপাদান ফেব, ডিসপ্লে ফেব ইত্যাদি।
চতুৰ্থ স্তম্ভঃ এ টি এম পি/অ’ এছ এ টি উদ্যোগক অধিক শক্তিশালী কৰাঃ এ টি এম পি ইউনিটসমূহৰ সফলতাৰ সৈতে, বিশ্বত এতিয়া ভাৰত এ টি এম পি/ অ’ এছ এ টি ইউনিট স্থাপনৰ বাবে এক বিকল্প স্থান হিচাপে পৰিগণিত হৈছে। ভাৰতলৈ কিছুমান অতি উন্নত এ টি এম পি প্ৰযুক্তিৰ আমদানি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এইবোৰক সক্ৰিয়ভাৱে উৎসাহিত কৰা হ’ব।
পঞ্চম স্তম্ভঃ গৱেষণা আৰু বিকাশঃ ছেমিকণ্ডাক্টৰৰ যাত্ৰা নোড হিচাপে ২৮ এন এম-১১০ এন এমৰ সৈতে আৰম্ভ হৈছে। এতিয়া ভাৰতৰ ভিতৰত আৰু বাহিৰৰ আগশাৰীৰ গৱেষণা আৰু উন্নয়ন কেন্দ্ৰৰ সহযোগিতাত অধিক উন্নত নোড আৰু অন্যান্য উন্নত প্ৰযুক্তি বিকশিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
ষষ্ঠ স্তম্ভঃ প্ৰতিভা বিকাশঃ শেহতীয়া ইডিএ সঁজুলি ব্যৱহাৰ কৰি জটিল চিপ ডিজাইনৰ ওপৰত শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ সৈতে, ইতিমধ্যে প্ৰায় ৬৮,০০০ শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে। ইয়াক আৰু অধিক বিকশিত কৰাৰ লগতে কলেজত থকাৰ সময়ত প্ৰশিক্ষণৰ স্তৰ গভীৰ কৰা হ’ব। ইয়াৰ উপৰি, এই উদ্যোগ পৰিষ্কাৰ কোঠা, ফেব্ৰিকেচন প্ৰকল্প নিৰ্মাণ আৰু অন্যান্য পৰিৱেশ তন্ত্ৰৰ প্ৰশিক্ষণ গভীৰ কৰাৰ ক্ষেত্ৰতো সক্ৰিয়ভাৱে নিয়োজিত হ’ব।
ইয়াৰ উপৰি, ছেমিকন ২.০-এ সকলো খণ্ডত অৰ্থনৈতিক বিকাশক সমৰ্থন কৰিব, যোগান শৃংখলৰ স্থিতিস্থাপকতা বৃদ্ধিৰ জৰিয়তে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰিব আৰু গুৰুত্বপূৰ্ণ খণ্ডত প্ৰযুক্তিগত নেতৃত্ব প্ৰতিষ্ঠা কৰাত সহায় কৰিব। সম্পূৰ্ণ পৰিৱেশ তন্ত্ৰ নিৰ্মাণৰ দৃষ্টিভংগীয়ে ভাৰতত ছেমিকণ্ডাক্টৰৰ ডিজাইন আৰু উৎপাদনত অৰিহণা যোগাব।
আই এছ এম ১.০ ৰ প্ৰগতিঃ
****
MJPS/DD
India’s semiconductor journey gets even more vibrant!
— Narendra Modi (@narendramodi) July 15, 2026
The Cabinet has approved Semicon 2.0 with an outlay of Rs. 1,27,500 crore, reaffirming our long-term commitment to making India a global centre for semiconductor design, manufacturing and innovation. Powered by our youth,…