Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুজৰাটৰ আহমেদাবাদত সংঘটিত এটা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ আহমেদাবাদৰ এটা আতচবাজী কাৰখানাত সংঘটিত দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ বাবে শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াই আছে।

শ্ৰী মোদীয়ে লগতে প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০,০০০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

গুজৰাটৰ আহমেদাবাদৰ এটা আতচবাজী কাৰখানাত সংঘটিত দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ খবৰ শুনি অত্যন্ত দুখ পাইছো। দুখৰ এই সময়ত মোৰ সমবেদনা শোকসন্তপ্ত পৰিয়ালসকলৰ সৈতে আছে। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াই আছে।

প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব।

 PM @narendramodi

 

***

MJPS/SS/VJ/MK