Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে কমনৱেলথ গেমছ গ্লাছগো ২০২৬ৰ বাবে ভাৰতীয় দলটোক শুভেচ্ছা জনাইছে


কমনৱেলথ গেমছ গ্লাছগো ২০২৬ আৰম্ভ হোৱাৰ পিছতে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে খেলুৱৈসকলে আবেগ, দৃঢ়তা, আৰু উৎকৃষ্টতাৰ মনোভাৱেৰে এই গেমছত অংশগ্ৰহণ কৰিব।প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে খেলুৱৈসকলৰ দক্ষতা আৰু নিষ্ঠাই সদায় অগণন ভাৰতীয়ক অনুপ্ৰাণিত কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰেঃ

“কমনৱেলথ গ্লাছগো ২০২৬ গেমছ আৰম্ভ হোৱাৰ সময়তে ভাৰতীয় দললৈ মোৰ শুভেচ্ছা থাকিল।”

মোৰ বিশ্বাস যে আমাৰ খেলুৱৈসকলে আবেগ, দৃঢ়তা আৰু উৎকৃষ্টতাৰ মনোভাৱেৰে এই গেমছত অংশগ্ৰহণ কৰিব।

আমাৰ খেলুৱৈসকলৰ দক্ষতা আৰু নিষ্ঠাই সদায় অগণন ভাৰতীয়ক অনুপ্ৰাণিত কৰিব।

@Glasgow_2026″

****

MJPS/PRK/DM