Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

স্কাইৰুট এৰ’স্পেচৰ পৱন চন্দনা আৰু নগা ভাৰত ডাকাৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে তেওঁ স্কাইৰুট এৰ’স্পেচৰ পৱন চন্দনা আৰু নগা ভাৰত ডাকাৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিক্ৰম-১ৰ সফলতাৰ বিষয়ে  স্বাভাৱিকতে তেওঁলোকৰ আলোচনাত স্থান লাভ কৰে। ইয়াৰ উপৰি আন বহু আকৰ্ষণীয় বিষয়ত আলোচনা কৰা হয়। তেওঁলোকে এইপৰ্যন্ত কৰা   যাত্ৰা আৰু আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব পাৰি প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে কয় যে তেওঁলোকৰ শক্তি, উচ্চাকাংক্ষা আৰু ইতিবাচক দৃষ্টিভংগীয়ে আমাৰ ব্যক্তিগত মহাকাশ পৰিৱেশ তন্ত্ৰৰ সজীৱ মনোভাৱক প্ৰতিফলিত কৰে। তেওঁ সমগ্ৰ স্কাইৰুট দলটোক শুভেচ্ছা জনায়।

এক্সত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে :

“স্কাইৰুট এৰ’স্পেচৰ পৱন চন্দনা আৰু নগা ভাৰত ডাকাৰ সৈতে একমত-বিনিময় কৰিলো।”

বিক্ৰম-১ৰ সফলতাৰ বিষয়ে  স্বাভাৱিকতে তেওঁলোকৰ আলোচনাত স্থান লাভ কৰে। ইয়াৰ উপৰি আন বহু আকৰ্ষণীয় বিষয়ত আলোচনা কৰা হয়। তেওঁলোকে এইপৰ্যন্ত কৰা   যাত্ৰা আৰু আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব পাৰি প্ৰধানমন্ত্ৰীয়ে সুখী হৈছো।

তেওঁলোকৰ শক্তি, উচ্চাকাংক্ষা আৰু ইতিবাচক দৃষ্টিভংগীয়ে আমাৰ ব্যক্তিগত মহাকাশ পৰিৱেশ তন্ত্ৰৰ সজীৱ মনোভাৱক প্ৰতিফলিত কৰে।

সমগ্ৰ স্কাইৰুট দললৈ শুভেচ্ছা।”

***

MJPS/SS/PRK/DM