Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কমনৱেলথ গেমছ গ্লাছগো ২০২৬ত ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰাৰ বাবে জ্ঞানেশ্বৰী যাদৱক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কমনৱেলথ গেমছ গ্লাছগো ২০২৬ত ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰাৰ বাবে জ্ঞানেশ্বৰী যাদৱক অভিনন্দন জনায়।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সফলতা অধিক উল্লেখযোগ্য,  কাৰণ তেওঁ এই প্ৰতিযোগিতাত ব্যক্তিগতভাবে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ এই সফলতাই  ভাৰতৰ যুৱক-যুৱতীসকলক প্ৰেৰণা যোগাব  বুলি আশা প্ৰকাশ কৰে, আগন্তুক যাত্ৰাত তেওঁৰ অবিৰত সফলতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে  শুভেচ্ছা জনায়।

এক্সত দিয়া  এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে:

“কমনৱেলথ গেমছ গ্লাছগো ২০২৬ত ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰাৰ বাবে জ্ঞানেশ্বৰী যাদৱলৈ অভিনন্দন। এই সফলতা  অধিক উল্লেখযোগ্য , কাৰণ তেওঁ এই প্ৰতিযোগিতাত ব্যক্তিগতভাবে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। তেওঁৰ সফলতাই ভাৰতৰ যুৱক-যুৱতীসকলক প্ৰেৰণা যোগাওক। আগন্তুক যাত্ৰাত তেওঁৰ অবিৰত সফলতা কামনা কৰিলো।”

#CWG2026″

 

*****

MJPS/SS/PRK/DM