Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কমনৱেলথ গেমছ ২০২৬-ত ৰূপৰ পদক জয় কৰাৰ বাবে ভল্লুৰি অজয় বাবুক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ গ্লাছগো কমনৱেলথ গেমছত পুৰুষৰ ৭৯ কিলোগ্ৰাম ভাৰোত্তোলন শাখাত ৰূপৰ পদক লাভ কৰাৰ বাবে ভল্লুৰি অজয় বাবুক অভিনন্দন জনাইছে।

ভল্লুৰি অজয় বাবুৱে কমনৱেলথ গেমছৰ অভিলেখ স্থাপন কৰি ৰেকৰ্ড বুকত নিজৰ নাম লিপিবদ্ধ কৰা বাবে প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে তেওঁক ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘ভাৰোত্তোলনত ভাৰতৰ বাবে অধিক গৌৰৱ!

গ্লাছগো গেমছত পুৰুষৰ ৭৯ কিলোগ্ৰাম শাখাত ভল্লুৰি অজয় বাবুৱে ৰূপৰ পদক লাভ কৰাত আনন্দিত হৈছো। তেওঁ এই শাখাত চি ডব্লিউ জি অভিলেখ স্থাপন কৰি ৰেকৰ্ড বুকতো নিজৰ নাম লিপিবদ্ধ কৰিছে। তেওঁক অভিনন্দন আৰু তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছো। #CWG2026’

***

MJPS/SS/ST/MK