Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কমনৱেল্থ গেমছ ২০২৬ৰ মহিলাৰ ৬৯ কেজি ভাৰোত্তোলনত ৰূপৰ পদক অৰ্জনৰ বাবে হৰজিন্দৰ কৌৰক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেল্থ গেমছ ২০২৬ৰ মহিলাৰ ৬৯ কেজি ভাৰোত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে হৰজিন্দৰ কৌৰক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে হৰজিন্দৰৰ এই প্ৰদৰ্শন আছিল তেওঁৰ ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ আৰু খেলখনত ভাৰতীয় ভাৰোত্তোলকসকলে ইমান সুন্দৰ প্ৰদৰ্শন কৰা দেখি অতি আনন্দিত হৈছে বুলি তেওঁ ব্যক্ত কৰে।

শ্ৰী মোদীয়ে হৰজিন্দৰ কৌৰক তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে শুভকামনা জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখে;

“গ্লাছগোত অনুষ্ঠিত কমনৱেল্থ গেমছৰ মহিলাৰ ৬৯ কেজি প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে হৰজিন্দৰ কৌৰক অভিনন্দন জনাইছোঁ। উল্লেখযোগ্য যে কালিৰ তেওঁৰ এই প্ৰদৰ্শন আছিল ব্যক্তিগতভাৱে সৰ্বশ্ৰেষ্ঠ। খেলখনত আমাৰ ভাৰোত্তোলকসকলে ইমান সুন্দৰ প্ৰদৰ্শন কৰা দেখি সঁচাকৈয়ে মনটো আনন্দৰে ভৰি পৰিছে। হৰজিন্দৰলৈ তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে মোৰ আন্তৰিক শুভকামনা থাকিল।”

 

#CWG2026”

***

MJPS/SS/ST/DB