Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কমনৱেলথ গেমছ ২০২৬ ত ৰূপৰ পদক জয় কৰাৰ বাবে মহম্মদ বাচিল ম’ৰ্চিংগানাকাথক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ গ্লাছগো কমনৱেলথ গেমছত ৰূপৰ পদক জয় কৰাৰ বাবে মহম্মদ বাচিল ম’ৰ্চিংগানাকাথক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দ্ৰুততা আৰু সংকল্পক প্ৰশংসা কৰে আৰু উল্লেখ কৰে যে এয়া তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল।

শ্ৰী মোদীয়ে কয় যে এই সফলতাই মহম্মদ বাচিল ম’ৰ্চিংগানাকাথৰ কঠোৰ পৰিশ্ৰম আৰু মনোযোগক প্ৰতিফলিত কৰে। প্ৰদানমন্ত্ৰীয়ে ভৱিষ্যতে তেওঁৰ আৰু অধিক সফলতা কামনা কৰে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কৈছে;

‘মহম্মদ বাচিল ম’ৰ্চিংগানাকাথৰ বাবে এক অপূৰ্ব ৰূপৰ পদক! কি এক দ্ৰুততা আৰু সংকল্পৰ প্ৰদৰ্শন! সফলতাৰ বাবে আৰু লগতে ছিজনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। এই সফলতাই তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু মনোযোগক প্ৰতিফলিত কৰে। অনাগত সময়ত তেওঁ অধিক সফলতা লাভ কৰক। #CWG2026’

******

MJPS/SS/ST/MK