Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পুৰুষৰ ৮০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ৰ বাবে অংকুশ পাংঘালক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত ২০২৬ চনৰ কমনৱেলথ গেমছৰ পুৰুষৰ ৮০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে অংকুশ পাংঘালক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ প্ৰতিযোগিতাত অংকুশ পাংঘালে প্ৰদৰ্শন কৰা শক্তি আৰু দক্ষতাৰ ভূয়সী প্ৰশংসা কৰে।

শ্ৰী মোদীয়ে তেওঁৰ ভৱিষ্যতৰ যাত্ৰাৰ বাবে শুভকামনা জনোৱাৰ লগতে আশা প্ৰকাশ কৰে যে তেওঁৰ এই সাফল্যই বহুতো যুৱ বক্সাৰক শ্ৰেষ্ঠত্ব অৰ্জনৰ দিশত অনুপ্ৰাণিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে ‘X’ত লিখে:

“২০২৬ চনৰ কমনৱেলথ গেমছৰ পুৰুষৰ ৮০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে অংকুশ পাংঘালক লৈ মই গৌৰৱবোধ কৰিছো। খেলখনত তেওঁ প্ৰদৰ্শন কৰা শক্তি আৰু কৌশল সঁচাকৈয়ে প্ৰশংসনীয় আছিল। তেওঁৰ ভৱিষ্যতৰ বাবে বহুত বহুত শুভকামনা। এই সাফল্যই বহু যুৱ বক্সাৰক শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰিলোঁ।

#CWG2026

 

***

MJPS/SS/ST/DB