পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগো কমনৱেলথ গেমছ, ২০২৬ৰ মহিলাৰ ৭৫ কেজি বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে লাভলীনা বৰগোহাঁইক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে লাভলীনা বৰগোহাঁইয়ে সমগ্ৰ প্ৰতিযোগিতাত অসাধাৰণ ক্ৰীড়া শৈলী প্ৰদৰ্শন কৰিলে।
শ্ৰী মোদীয়ে এই সাফল্যৰ বাবে তেওঁক অভিনন্দন জনোৱাৰ লগতে কয় যে তেওঁৰ একাগ্ৰতা আৰু ধাৰাবাহিকতাই সমগ্ৰ দেশৰ ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰি যাব।
‘X’ৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখে;
“মহিলাৰ ৭৫ কেজি বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক জয় কৰাৰ বাবে লাভলীনা বৰগোহাঁইক লৈ মই গৌৰৱবোধ কৰিছোঁ! সমগ্ৰ খেলখনত তেওঁ উৎকৃষ্ট দক্ষতা প্ৰদৰ্শন কৰিলে। তেওঁলৈ মোৰ অভিনন্দন। তেওঁৰ সমৰ্পিত মনোভাৱ আৰু ধাৰাবাহিকতাই দেশৰ সকলো এথলীটক ধাৰাবাহিকভাৱে অনুপ্ৰাণিত কৰি যাব।”
#CWG2026”
Proud of Lovlina Borgohain for winning the Silver Medal in the Women’s 75 kg Boxing event! She displayed great skill throughout her games. Congratulations to her. Her dedication and consistency continue to inspire athletes across the nation.#CWG2026
— Narendra Modi (@narendramodi) August 1, 2026
**************
MJPS/SS/ST/DB