Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ বাতিলৰ সাত বছৰ পূৰ্তি উপলক্ষ্যে ইয়াৰ গুৰুত্বৰ কথা উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  আজি   ৫ আগষ্ট, ২০১৯ত ৩৭০ আৰু ৩৫(এ) অনুচ্ছেদ  বাতিলৰ  ঐতিহাসিক সাত  বছৰ সম্পূৰ্ণ হোৱাৰ  দিনটোক ভাৰতৰ সৰ্বাংগীন উন্নয়নৰ যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি  হিচাবে উল্লেখ কৰে। ।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিগত সাত বছৰত জম্মু-কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণে বিভিন্ন খণ্ডত ব্যাপক পৰিৱৰ্তনৰ  সাক্ষী হৈছে।  আন্তঃগাঁথনি যথেষ্ট সম্প্ৰসাৰিত হৈছে, আনহাতে শিক্ষা, স্বাস্থ্যসেৱা, উদ্যোগীকৰণ তথা  ক্ৰীড়াৰ ক্ষেত্ৰত নতুন সুযোগৰ উন্মেষ ঘটিছে। “দশক দশক ধৰি কেইবাটাও সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈ থকা মহিলা আৰু  সমাজৰ প্ৰান্তীয় সম্প্ৰদায়ৰ  লোকসকলক  এতিয়া ভাৰতৰ সংবিধানৰ সম্পূৰ্ণ প্ৰয়োগৰ জৰিয়তে ক্ষমতা প্ৰদান কৰা হৈছে”, শ্ৰী মোদীয়ে  কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰৰ বৰ্ষপূৰ্তিয়ে অধিক তাৎপৰ্য লাভ কৰিছে , কাৰণ ৰাষ্ট্ৰই ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী পালন কৰিছে। তেওঁ কয় যে ড° মুখাৰ্জীৰ জাতীয় ঐক্যৰ প্ৰতি থকা আজীৱন দায়বদ্ধতাই প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে আৰু তেওঁ  গ্ৰহণ কৰা দৃষ্টিভংগীয়ে ২০১৯ চনৰ ৫ আগষ্টত  পূৰ্ণতা লাভ কৰিছে।

জম্মু-কাশ্মীৰ আৰু লাডাখৰ উন্নয়নৰ প্ৰতি চৰকাৰৰ অদম্য দায়বদ্ধতাৰ কথা  পুনৰবাৰ  দৃঢ় কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিগৰাকী নাগৰিকে ডাঙৰ সপোন দেখাৰ সুযোগ পাব লাগিব, নিজৰ আকাংক্ষা বাস্তৱায়িত কৰিব লাগিব আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীত অৰিহণা যোগাব লাগিব।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

সাত বছৰৰ আগৰ আজিৰ দিনটোতে ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ ইতিহাসত পৰিণত হৈছিল, জম্মু-কাশ্মীৰৰ লগতে লাডাখৰ যাত্ৰাৰ এক নিৰ্ণায়ক নতুন অধ্যায়ৰ সূচনা কৰিছিল। তেতিয়াৰ পৰাই জম্মু-কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণৰ জীৱনত ব্যাপক পৰিৱর্তন দেখা গৈছে৷ আন্তঃগাঁথনি সম্প্ৰসাৰিত হৈছে, শিক্ষা, স্বাস্থ্যসেৱা, উদ্যোগীকৰণ আৰু ক্ৰীড়াৰ সুবিধা বৃদ্ধি পাইছে। মহিলাই হওক বা সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ লোকেই হওক, দশক দশক ধৰি মৌলিক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হোৱাসকলক ভাৰতৰ সংবিধানৰ সম্পূৰ্ণ প্ৰয়োগৰ জড়িয়তে  ক্ষমতা প্ৰদান কৰা হৈছে।

চলিত বৰ্ষৰ ৫ আগষ্টই  আৰু অধিক তাৎপৰ্য লাভ কৰিছে,  কাৰণ এই বছৰতে আমাৰ দেশে  ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিছে। জাতীয় ঐক্যৰ প্ৰতি তেওঁৰ আজীৱন দায়বদ্ধতাই প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। দশক দশক আগতে তেওঁ যি কল্পনা কৰিছিল, সেই কল্পনাই ২০১৯ চনৰ ৫ আগষ্টত ঐতিহাসিক পূৰ্ণতা লাভ কৰিছিল।

আমি জম্মু-কাশ্মীৰৰ লগতে লাডাখৰ প্ৰগতিৰ প্ৰতি আৰু প্ৰতিগৰাকী  নাগৰিকে যাতে ডাঙৰ সপোন দেখিব পাৰে , সেয়া সাৰ্থক কৰিব পাৰে আৰু বিকশিত ভাৰত নিৰ্মাণত অৰিহণা যোগোৱাৰ সুযোগ পায় তাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিছো।

#Article370Abrogation

 

***

 

MJPS/SS/VJ/DM