Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জীৱনৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ সংকল্প, অধ্যৱসায় আৰু ধাৰাবাহিক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


জীৱনৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত আৰু প্ৰতিকূল পৰিস্থিতিক ইতিবাচকলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত সংকল্প, অধ্যৱসায় আৰু সাহসৰ শক্তিৰ ওপৰত আলোকপাত কৰি আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

“दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।

न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति॥”

যিজন ব্যক্তিৰ প্রতিকূল পৰিস্থিতিক অনুকূলত পৰিণত কৰাৰ সংকল্প, অধ্যৱসায় আৰু সাহস আছে, তেওঁ জীৱনৰ প্ৰত্যাহ্বানবোৰৰ দ্বাৰা কেতিয়াও পৰাজিত নহয়। ইয়াৰ পৰিৱৰ্তে ধাৰাবাহিক প্ৰচেষ্টা আৰু অটল সংকল্পৰ জৰিয়তে তেওঁ আগবাঢ়ি যায় আৰু অৱশেষত সফলতা লাভ কৰে।

***

MJPS/SS/PRK/HS