Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৫ ছেপ্টেম্বৰত শ্ৰী ৰাম কলেজ অৱ কমাৰ্চৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ ছেপ্টেম্বৰত সন্ধিয়া ৭ বজাত শ্ৰী ৰাম কলেজ অৱ কমাৰ্চ (এছআৰচিচি) ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এটা  সমাৱেশকো সম্বোধন কৰিব। দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰী ৰাম কলেজ অৱ কমাৰ্চ ভাৰতৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰধান প্ৰতিষ্ঠান আৰু বাণিজ্য, অৰ্থনীতি আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত শিক্ষাৰ এক বিশিষ্ট কেন্দ্ৰ। ১৯২৬ চনত বিশিষ্ট উদ্যোগপতি আৰু জনহিতৈষী ছাৰ শ্ৰী ৰামৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এই মহাবিদ্যালয়খনে এটা শতিকাৰ সময়ছোৱাত পণ্ডিত, পেছাদাৰী, প্ৰশাসক, উদ্যোগী, নীতি নিৰ্ধাৰক আৰু ৰাষ্ট্ৰ নিৰ্মাতাৰ প্ৰজন্মক যত্ন সহকাৰে প্ৰতিপালন কৰিছে।

এই শতবাৰ্ষিকী উদযাপন অনুষ্ঠান শিক্ষক দিৱসৰ লগত একেদিনাই আয়োজন কৰা বাবে ই বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰিছে, কিয়নো ৰাষ্ট্ৰই প্ৰজন্ম গঠন আৰু সমাজৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত শিক্ষক আৰু শিক্ষাবিদসকলৰ অৱদানক সন্মান জনায়।

 

****

MJPS/SS/PRK/MK