প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানীৰ চেঞ্চেলৰ মহামান্য ফ্ৰিড্ৰিখ মাৰ্জৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।
ভাৰত আৰু জাৰ্মানীয়ে এই বছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ উদযাপন কৰাৰ সময়তে প্ৰধানমন্ত্ৰী আৰু চেঞ্চেলৰ মাৰ্জে ভাৰত-জাৰ্মানী কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁলোকে উচ্চ পৰ্যায়ৰ বিনিময়ৰ ধাৰাবাহিক গতিৰ কথা উল্লেখ কৰে আৰু বাণিজ্য তথা বিনিয়োগ, উন্নত প্ৰযুক্তি, পৰিষ্কাৰ শক্তি, প্ৰতিৰক্ষা, শিক্ষা আৰু প্ৰতিভাৰ গতিশীলতাকে ধৰি মূল ক্ষেত্ৰসমূহত সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।
নেতাদ্বয়ে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় উন্নয়নৰ ওপৰতো মত বিনিময় কৰে আৰু গোলকীয় শান্তি, সুস্থিৰতা তথা সমৃদ্ধিৰ প্ৰসাৰৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি থাকিবলৈ সন্মতি প্ৰকাশ কৰে।
*********
MJPS/SS/ST/MK
Had a warm and productive conversation with Chancellor Friedrich Merz. As India and Germany celebrate 75 years of our diplomatic relations, we reaffirmed our commitment to further strengthening our Strategic Partnership across trade & investment, defence, clean energy, advanced…
— Narendra Modi (@narendramodi) September 10, 2026