পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ ছেপ্টেম্বৰ, ২০২৬ত নতুন দিল্লীত অনুষ্ঠিত ১৮ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামান্য দাতো’ চেৰী আনোৱাৰ বিন ইব্ৰাহিমৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ইব্ৰাহিমক ভাৰতলৈ উষ্ম আদৰণি জনায় আৰু ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশীদাৰ দেশ হিচাপে মালয়েছিয়াৰ অংশগ্ৰহণক প্ৰশংসা কৰে।দুয়োগৰাকী নেতাই ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীৰ মালয়েছিয়া ভ্ৰমণৰ ফলাফলসমূহৰ বিষয়ে পৰ্যালোচনা কৰে আৰু বাণিজ্য তথা বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, অৰ্ধপৰিবাহী, আন্তঃগাঁথনি, ডিজিটেল অৰ্থনীতি, শক্তি, বিত্তীয় প্ৰযুক্তি, শিক্ষা, পৰ্যটন , জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ বুজ লয়।
প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে মালয়েছিয়াৰ ছাবাহৰ কোটা কিনাবালুত ভাৰতৰ কনছুলেট জেনেৰেল স্থাপনৰ ক্ষেত্ৰত মালয়েছিয়াৰ সন্মতিৰ কথা প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-আছিয়ান সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত মালয়েছিয়াই অব্যাহত ৰখা সহযোগিতাৰ শলাগ লয়। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত গুৰুত্বপূৰ্ণ আঞ্চলিক তথা গোলকীয় বিষয়সমূহৰ বিষয়ত মত-বিনিময় কৰে। তেওঁলোকে ভাৰত-মালয়েছিয়াৰ সামগ্ৰিক কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰা আৰু ইয়াক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ ব্যক্ত কৰে।
********
MJPS/SS/ST/DM