Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণ জীক কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণ জীক তেওঁক জনোৱা জন্মদিনৰ আন্তৰিক তথা মৰমভৰা  শুভেচ্ছাৰ  বাবে  ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে প্ৰতিগৰাকী নাগৰিকক সবলীকৰণ কৰাৰ বাবে নতুন উদ্যম তথা সংকল্পৰে কাম অব্যাহত ৰখা হ’ব।লগতে, উন্নয়নৰ সুফল যাতে দেশৰ প্ৰতিটো প্ৰান্তত উপনীত হয় আৰু ‘বিকশিত ভাৰত’ নিৰ্মাণৰ সামূহিক সংকল্প পূৰণ হয়, তাৰ বাবে  কাম কৰি যাম বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে।

শ্ৰী মোদীয়ে ‘এক্স’ত এনেদৰে পোষ্ট কৰিছে—

“আপোনাৰ আন্তৰিক আৰু মৰমভৰা শুভেচ্ছাৰ বাবে ধন্যবাদ, উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণ জী।

প্ৰতিগৰাকী নাগৰিকক সবলীকৰণ কৰাৰ বাবে আমি নতুন উদ্যম আৰু সংকল্পৰে কাম অব্যাহত ৰাখিম। উন্নয়নৰ সুফল যাতে দেশৰ প্ৰতিটো প্ৰান্তত উপনীত হয় আৰু ‘বিকশিত ভাৰত’ নিৰ্মাণৰ আমাৰ সামূহিক সংকল্প পূৰণ হয়, সেয়া নিশ্চিত কৰাৰ বাবে আমি কাম কৰি যাম।”

@CPR_VP

 

****

MJPS/SS/VJ/DM