Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত ৰূপৰ পদক জয় কৰা সোণম উত্তম মাস্কাৰ, এলাভেনিল ভালাৰিভান আৰু বিদৰ্শা কে বিনোদক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে


এছিয়ান গেমছ ২০২৬ৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত ৰূপৰ পদক জয় কৰা সোণম উত্তম মাস্কাৰ, এলাভেনিল ভালাৰিভান আৰু বিদৰ্শা কে বিনোদক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁলোকৰ এই সফলতাই আগন্তুক দিনত বহু খেলুৱৈক অনুপ্ৰাণিত কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম এক্সত লিখিছে—

“কঠোৰ পৰিশ্ৰম আৰু দলগত প্ৰচেষ্টাই এক অসাধাৰণ ফলাফল কঢ়িয়াই আনে!

এছিয়ান গেমছ ২০২৬ৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত ৰূপৰ পদক জয় কৰাৰ বাবে সোণম উত্তম মাস্কাৰ, এলাভেনিল ভালাৰিভান আৰু বিদৰ্শা কে বিনোদক লৈ গৌৰৱ অনুভৱ কৰিছোঁ।

তেওঁলোকৰ এই সফলতাই আগন্তুক সময়ত বহু খেলুৱৈক অনুপ্ৰাণিত কৰিব।”

 

PM @narendramodi

 

***

MJPS/SS/VJ/DM