Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত ৰূপৰ পদক জয় কৰা শ্বুটাৰ এলাভেনিল ভালাৰিভানক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে


এছিয়ান গেমছৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ব্যক্তিগত শাখাত ৰূপৰ পদক জয় কৰা শ্বুটাৰ এলাভেনিল ভালাৰিভানক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতীয় শ্বুটাৰসকলে নিৰন্তৰভাৱে দেশক গৌৰৱান্বিত কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম এক্সত এইবুলি  লিখিছে—

“ভাৰতীয় শ্বুটাৰসকলে নিৰন্তৰভাৱে আমাক গৌৰৱান্বিত কৰি আহিছে!

এছিয়ান গেমছৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ব্যক্তিগত শাখাত ৰূপৰ পদক জয় কৰাৰ বাবে এলাভেনিল ভালাৰিভানক অভিনন্দন জনাইছোঁ। আজি এয়া তেওঁৰ দ্বিতীয়টো পদক, যাৰ বাবে এই সফলতা আৰু অধিক বিশেষ হৈ পৰিছে। আগন্তুক দিনবোৰত তেওঁৰ সকলো প্ৰচেষ্টাৰ বাবে মোৰ আন্তৰিক শুভেচ্ছা থাকিল।”

 PM @narendramodi

 

***

MJPS/SS/VJ/DM